• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আন এক শ্ৰদ্ধা কাণ্ড! দিল্লীত আলমাৰীৰ ভিতৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, নিখোঁজ লিভ-ইন পাৰ্টনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2024 7:38 pm
Woman's body found in almirah
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশকে জোকাৰি যোৱা দিল্লীৰ নৃশংস শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ বৰ্বৰতা হয়তো আজিও পাহৰিব পৰা নাই দেশবাসীয়ে। এই জঘন্য হত্যাকাণ্ডৰ ছাঁ পুনৰ দেখিবলৈ পোৱা গৈছে দেশৰ ৰাজধানী দিল্লীত।

এটা ঘৰৰ আলমাৰীৰ ভিতৰৰ পৰা উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। যোৱা কেইবাদিনো ধৰি নিৰুদ্দিষ্ট হৈ থকাৰ পিছত পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীৰ অভিযানৰ অন্তত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি যোৱা বুধবাৰে নিশা প্ৰায় ১০:৪০ বজাত দিল্লী আৰক্ষীয়ে লাভ কৰিছিল এক ফোনকল। ফোন যোগে যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ অভিযোগ আৰক্ষীক দিছিল যুৱতীগৰাকীৰ পিতৃয়ে।

ইয়াৰ পিছতে আৰক্ষীয়ে ব্যক্তিজনৰ পৰা যুৱতীগৰাকীৰ ঠিকনা সংগ্ৰহ কৰি সেই অনুসৰি দ্বাৰকাৰ ৰাজপুৰীৰ ঠিকনাত উপস্থিত হয়। আৰক্ষীয়ে ঘৰটোত তালাচী চলোৱাৰ পিছতো যুৱতীগৰাকীক উদ্ধাৰ কৰিব পৰা নাছিল।

আৰক্ষীয়ে পিছত সন্দেহৱশতঃ আলমাৰীটো খোলাৰ মুহূৰ্ততে ভিতৰত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। লগে লগে ফৰেনছিক দল ঘটনাস্থলীত উপস্থিত হয়। আনহাতে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে।

যুৱতীগৰাকীক কেতিয়া হত্যা কৰা হৈছিল, সেই বিষয়ে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ইফালে যুৱতীগৰাকীৰ পিতৃয়ে তেওঁৰ কন্যাক লিভ ইন পাৰ্টনাৰে হত্যা কৰা বুলি অভিযোগ তুলিছে।

লক্ষণীয়ভাৱে যুৱতীগৰাকীৰ লিভ ইন পাৰ্টনাৰো সম্প্ৰতি নিখোঁজ হৈ আছে। নিখোঁজ যুৱকজনৰ সন্ধান অব্যাহত আৰক্ষীয়ে। পিতৃৰ অভিযোগ অনুসৰি, শেষবাৰৰ বাবে তেওঁৰ কন্যাই ফোন কৰাৰ সময়ত লিভ ইন পাৰ্টনাৰে তেওঁক শাৰীৰিক নিৰ্যাতন চলোৱা বুলি জানিবলৈ দিছিল।

যুৱতীগৰাকীয়ে হত্যাৰ আশংকাও প্ৰকাশ কৰা বুলি পিতৃয়ে অভিযোগ কৰিছিল। তেতিয়াৰ পৰাই পৰিয়ালৰ সৈতে যুৱতীগৰাকীৰ যোগাযোগ হোৱা নাই বুলিও তেওঁ জানিবলৈ দিয়ে। নিহত যুৱতীগৰাকী বিগত ডেৰ মাহ ধৰি প্ৰেমিকৰ সৈতে দ্বাৰকাৰ এটা ভাড়াঘৰত আছিল।

অভিযুক্ত লিভ ইন পাৰ্টনাৰ বিপুল টেইলৰ নামৰ যুৱকজন চুৰাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বিপুলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২ (হত্যা) ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm
ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd