• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহুত বাঢ়িল বিলাতী সুৰাৰ দাম : নিজেই তৈয়াৰ কৰি খাওক সাঁজপানী। কেনেকৈ তৈয়াৰ কৰিব জানি লওক এতিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2024 6:36 pm
3.3k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰায়বোৰ খিলঞ্জীয়া জনগোষ্ঠীৰেই উৎসৱ-পাৰ্বন, বিভিন্ন মাংগলিক অনুষ্ঠান বা দৈনন্দিন খাদ্যাভাসৰ এৰাব নোৱাৰা পানীয় হৈছে সাঁজপানী। সাঁজপানীক বেলেগ বেলেগ জনগোষ্ঠীত বেলেগ বেলেগ নামেৰে জনা যায় যদিও এই পৰম্পৰাগত পানীয়বিধ তৈয়াৰ কৰাৰ প্ৰণালী সকলো জনগোষ্ঠীৰে প্ৰায় একেই।
বিহু বুলি সকলোৱে অলপ আনন্দ কৰিব বিচাৰে। বহুতেই হয়তো বিহুৰ মাজতে আনন্দ আৰু বিনোদনৰ বাবে সুৰাৰ বিপনীৰ পৰা কিনি আনে নামী-দামী বিলাতী সুৰাৰ বটল। কিন্তু বিহু বা এনে ধৰণৰ উৎসৱত থলগিৰি অসমীয়া জনগোষ্ঠীসমূহে যুগ যুগ ধৰি ব্যৱহাৰ কৰি আহিছে নিজৰ নিজৰ পৰম্পৰাগত পানীয়।
বিহুৰ সময়ত হয়তো বহুতৰে মন যায় থলুৱা পানীয়ৰ সোৱাদ অকণ ল’বলৈ। কিন্তু তৈয়াৰ কৰিব নজনাৰ বাবে বা ওচৰতে উপলব্ধ নোৱাৰ বাবে বহুতৰেই পৰম্পৰাগত পানীয় সেৱন কৰাৰ ইচ্ছা মনতেই ৰৈ যায়।
সেই বাবেই আজি আমি আপোনালোকলৈ লৈ আনিছোঁ পৰম্পৰাগত সাঁজপানী তৈয়াৰ কৰা প্ৰণালী।

কেনেকৈ প্ৰস্তুত কৰে জনজাতীয় পানীয়?

প্ৰয়োজনীয় সামগ্ৰী –
চু-লাও বা দৰৱ বা বাখৰ, বৰা বা আৰৈ চাউল, এটা কলহ বা প্লাষ্টিকৰ পাত্ৰ আৰু এখন চালনি।
প্ৰস্তুত প্ৰণালী –
(ক) প্ৰথমে যতনাই লোৱা বড়া চাউল বা আঢ়ৈ চাউলখিনি ভাতৰ দৰে সিজাই কলাপাত এখনত মেলি ঠাণ্ডা কৰি লওঁক।
(খ) চু-লাওৰ পিঠা কেইটামান খুন্দি গুৰি কৰি ঠাণ্ডা হোৱা ভাতখিনিৰ লগত মিহলাই দিয়ক।
(গ) তাৰ পিছত ওপৰত কলপাতেৰে ঢাকি দি এটা শুকান কলহ বা প্লাষ্টিকৰ পাত্ৰত চু-লাও মিহলোৱা ভাতখিনি ভৰাই কলাপাতৰ সোপা দি সুৰক্ষিত স্থানত থৈ দিয়ক। চাব যাতে কলহটোত পোক পৰুৱা প্ৰৱেশ কৰিব নোৱাৰে।
(ঘ) কলহটো এইদৰে নিৰ্দিষ্ট স্থানত থৈ ৩ পৰা ৭ দিনলৈ অপেক্ষা কৰক। ক্ৰমশঃ তাত কিছুমান ইষ্ট বা বেক্টেৰীয়াৰ জন্ম হ’ব। ফলত ভাতখিনিত এলক’হলৰ সৃষ্টি হ’ব। এলক’হলৰ ঘনত্ব বৃদ্ধি পালে ইষ্টবোৰ নিজে নিজে মৰি যাব। গৰম দিনত এই প্ৰক্ৰিয়া ৩-৪ দিনত হৈ উঠে যদিও বতৰ ঠাণ্ডা হ’লে ই এসপ্তাহ বা তাতোকৈ অধিক সময় ল’ব পাৰে। এলক’হলৰ সৃষ্টি হ’লে কলহটোৰ পৰা এটা গোন্ধ ওলাব।
(ঙ) গোন্ধটো ভালকৈ ওলোৱাৰ পিছত সামান্য পানী ঢালি আৰু দুই তিনি দিন মান অপেক্ষা কৰক।
(চ) তাৰপিছত কলহটো ভাঙি নিৰ্দিষ্ট পৰিমাণৰ পানী ঢালি এখন চালনিৰ সহায়ত গেলি যোৱা ভাতখিনি চেকি পেলাওক। এই দৰেই যিখিনি পানী ওলাব সেয়াই হ’ব আপুনি প্ৰস্তুত কৰা সাঁজপানী।
(ছ) এতিয়া ধুনীয়াকৈ এঠাইত বহি সাঁজপানীখিনি পোৰা মাছ, পোৰা আলু, ভজা মাছ বা মঙহৰ লগত জুতি লগাই খাওঁক।

Apply Now

চু-লাও বা দৰৱ বা বাখৰ কেনেকৈ প্ৰস্তুত কৰিব?

লাওপানীৰ বাবে প্ৰয়োজনীয় প্ৰথম বস্তু হ’ল চু-লাও বা দৰৱ। চু-লাও (fermenter) চাউলৰ কেঁচা পিঠাগুৰিৰ লগত বিভিন্ন বন দৰৱৰ গুৰি মিহলাই তৈয়াৰ কৰা হয়। পানী দি গলাই লোৱা কেঁচা পিঠাগুৰিৰ লগত বন দৰৱৰ গুৰিবোৰ মিশ্ৰণ কৰি গোল গোলকৈ পিঠা বনাই সেইবোৰৰ তলত বিহলঙনীৰ পাত দি তাৰ ওপৰত ঘিলা আকৃতিৰ পিঠাবোৰ চালনি এখনত শুকাবৰ বাবে মেলি দিব লাগে। এই পিঠাবোৰ ৰ’দত বা জুই চাঙত শুকোৱাব লাগে। তলত বিহলঙনীৰ পাত দিয়াৰ কাৰণটো হ’ল বিহলঙনী থাকিলে পোক-পৰুৱাই পিঠাবোৰ খাবলৈ নাহে। চু-লাওত মানুহে খোৱা প্ৰায় যিকোনো উপকাৰী বনৌষধিকে মিলাই দিব পাৰি মাথোঁ সেইবোৰে লাওৰ স্বাদ বা গোন্ধত বেয়া প্ৰভাৱ পেলাব নালাগিব। গতিকে ঠাই বিশেষে চু-লাওত মিলোৱা বনৌষধিবোৰ কিছু বেলেগ হোৱাটো স্বাভাৱিক। চু লাও বা বাখৰ তৈয়াৰ কৰিবৰ বাবে সামান্য সামান্য পৰিমাণত ব্যৱহাৰ কৰিব পৰা বনৌষধ সমূহ হৈছে – পাটীসূতা, কপৌ ঢেকীয়া, বনজালুক, ৰূপহী থেকেৰাৰ পাত, মাহুদী, জালুকৰ পাত, জালুক এটা বা দুটা, খৰখৰি পাত, বোৱা পাত, পাণ, তেজমুৰীৰ পাত, মাণিকি মধুৰীৰ পাত, দালচেনি পাত, আদাৰ পাত, হালধিৰ পাত, নেমু টেঙাৰ পাত, গাখীৰতী পাত, ধপলা পাত, ধপাত তিতা পাত, পিপলী, বিয়নী হাকোঁতা আদি। এইসমূহ বনৌষধ সংগ্ৰহ কৰি খুন্দি পিঠাগুৰিৰ লগত সামান্য পানী ঢালি চু লাও বা দৰৱ বা বাখৰটো তৈয়াৰ কৰা হয়।

সাঁজপানীৰ উপকাৰিতা সমূহ –
অসমৰ পৰম্পৰাগত পানীয়ৰ ওপৰত কৰা বিভিন্ন গৱেষণামূলক অধ্যয়নে প্ৰকাশ কৰিছে যে ই কিছু ক্ষেত্ৰত স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ উপকাৰিতাসমূহ –

১) ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰিব পাৰে।
২) চাউলৰ ৱাইনত লেক্টিক এচিড আৰু বেক্টেৰিয়াৰ উপস্থিতিয়ে ইয়াক প্ৰ’বায়’টিক কৰি তোলে, যাৰ ফলত পেটৰ সমস্যা দুৰ হয়।
৩) কেন্সাৰ প্ৰতিৰোধ কৰে ।
৪) এন্টিবেক্টেৰিয়েল পদাৰ্থ হিচাপে কাম কৰিব পাৰে।
৫) বয়সৰ ছাপ দূৰ কৰে আৰু UV ৰশ্মিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰে।
৬) এই পানীয় গ্ৰহণ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় আৰু পেট ঠাণ্ডা কৰি ৰাখে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd