• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সততে গাব পৰাকৈ কেইটামান বিহু যোজনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 14, 2024 7:45 pm
13.5k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা শ শ বছৰৰ আগতে কিছুমান অনাখৰী মানুহে ৰচনা কৰি থৈ যোৱা এই বিহুনাম সমূহ অসমীয়া জাতিৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক সমল। প্ৰেমৰ কবিতা হিচাপেও বিহুনাম সমূহক মহৎ সাহিত্যৰ স্থানত ৰাখিব পাৰি।
ৰঙালী বিহুৰ উপলক্ষে সেয়ে আজি আপোনালোকলৈ সততে পৰিৱেশন কৰা কেইটামান বিহুৰ যোজনা আগবঢ়াই দিলোঁ –
(১)
ঔৰে গছতে মৌৱে বাঁহে ল’লে
অ’ ককাই পাৰি দিয়া ঐ খাওঁ।
বাঁহৰে টকাটি সাজি দিয়া ককাইটি ঐ
অ’ বিহু নাচিবলৈ যাওঁ॥
(২)
হাই ঐ তোমালৈ যিমানে মৰম ঐ চেনাইটি
ঐ আনলৈ সিমানেই ঐ নাই
আশা কৰাই কৰাই নিৰাশা কৰিলা ঐ
তোমাৰ সমান নৰকী নাই।
(৩)
ধনশিৰী পাৰে হৈ ঢপলিয়াই আহিলোঁ
জিৰালোঁ কলিয়াবৰত।
তোমাকে বিচাৰি ঘৰ-বাৰী এৰিলোঁ
তোমাক নাপালোহি ঘৰত।
(৪)
তোমাৰে ঘৰলৈ চাইকেল মাৰি গৈছিলো
আকাশে উৰিলে ধূলি
মোকে যোৱা দেখি তোমাৰ বাপেৰে
খাজিছে বন্দুকৰ গুলী।
(৫)
ধানে দায়ে গ’লা পাচলৈ নাচালা
এৰিলা চেনেহৰ থোক
বামে পাই লাখুটি যিদৰে এৰিলা
সেইদৰে এৰিলা মোক
(৬)
হাতী হেৰুৱালো লিহিৰি বনতে
ঘোঁৰা হেৰুৱালো ৰণত
পাই হেৰুৱালো তোকে ধন চেনাই ঐ
এনুৱা যৌৱনৰ কালত।
(৭)
এই বেলি বিহুটি ৰমকে জমকে
নাহৰ ফুল ফুলিবৰ বতৰ ;
নাহৰ ফুলৰ গোন্ধ পাই লাহৰিৰ তত নাই
গৰকি ভাঙি যায় যঁতৰ ।
(৮)
আজি বিহু বিহু কালি বিহু বিহু আমাৰ বিহু কাপোৰ নাই ;
সমনীয়া সুধিলে কামে কি এবুলি সৰুতে একাজি আই।
(৯)
বাঁহৰে আগৰে বাহী বাই আছিলোঁ
শাহু আই দেখকে বুলি
শাহু আই দেখিলে
মিছিকিয়াই হাহিলে
জোৱাই ধেমেলীয়া বুলি

(১০)
ৰাম জন্ম নহওতে ৰামায়ণ লিখিলে বাল্মিকী মুনিয়ে পায়
তই জন্ম নহওতে মই আশা কৰিলোঁ মাৰৰ চেহেৰা চায়

Apply Now

(১১)
হাবিলৈ গৈছিলো কটাৰী নিনিলো
ঐ লতাই বেৰি বেৰি ধৰে,
বিহুলৈ গৈছিলো হাঁচটি নিনিলো
ঐ ডেকাই বেৰি বেৰি ধৰে॥

(১৩)
আগলী বাঁহৰে লাহৰী গগনা
ঐ বহি তাঁতৰ পাতত বাওঁ
আহে কি নাহে ঐ মোৰেনো চেনাই ঐ
চিৰি পাতি মঙলখন চাওঁ।

(১৪)
হাই ঐ দিখৌত গুমেগুমাই কোম্পানীৰ জাহাজখন
অ’ ঢেকীত গুমেগুমাই ঐ থোৰা।
গাতে জুই জ্বলিছে সৰিয়হ ফুটিছে ঐ
অ’ বিহুটি অহাৰে পৰা॥

(১৫)
ঔৰে গছতে মৌৱে বাঁহে ল’লে
অ’ ককাই পাৰি দিয়া ঐ খাওঁ।
বাঁহৰে টকাটি সাজি দিয়া ককাইটি ঐ
অ’ বিহু নাচিবলৈ যাওঁ॥

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd