• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অন্ত পৰিল জল্পনা-কল্পনাৰ! মনোজ তিৱাৰীৰ বিৰুদ্ধে লোকসভাত অৱতীৰ্ণ হ’ব কানহায়া কুমাৰ

by
April 15, 2024 8:55 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অন্ত পৰিল বহুপ্ৰত্যাশিত অপেক্ষাৰ৷ চিপিআই ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা কানহায়া কুমাৰক এই লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব বিচৰাক লৈ ৰাজনৈতিক মহল নিশ্চিত আছিল। কিন্তু কোনখন আসনত কানাহায়াক টিকট দিয়া হ’ব সেই লৈ উত্তেজনা আছিল। দেওবাৰে দিল্লীৰ তিনিখন আসনৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰে। সেই তালিকাত উত্তৰ-পূব দিল্লীৰ আসনৰ পৰা কানহায়াক টিকট দিয়া হয়।

বিহাৰত জন্মগ্ৰহণ কৰা কানহায়াৰ ৰাজনৈতিক উত্থান দিল্লীত। এসময়ত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ)ত বাওঁপন্থী নেতা হিচাপে কানহায়াই আধিপত্য বিস্তাৰ কৰিছিল। কানহায়াই লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱা এয়াই প্ৰথম ঘটনা নহয়। জেএনইউৰ প্ৰাক্তন ছাত্ৰ নেতাগৰাকীয়ে নিজৰ পুৰণি দল চিপিআইৰ টিকটত বিহাৰৰ বেগুছৰাইৰ পৰা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু বিজেপিৰ গিৰিৰাজ সিঙৰ হাতত পৰাস্ত হয়।

২০১৯ চনত লালুপ্ৰসাদৰ দল আৰজেডিয়েও বেগুছৰাইৰ আসন প্ৰতিদ্বন্দ্বিতা কৰিছিল। কানহায়াৰ তদানীন্তন দল চিপিআইয়ে তেতিয়াও বেগুছৰাইক তেজস্বীৰ পৰা সমৰ্থন লাভ কৰাত ব্যৰ্থ হৈছিল। সেই সময়ত কানহায়াই বেগুছৰাইত চিপিআইৰ টিকটত পৃথকে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এইবাৰো তেজস্বী যাদৱে কানহায়াক বেগুছৰাইৰ আসন এৰিবলৈ দিবলৈ অনিচ্ছুক আছিল। কংগ্ৰেছে কানহায়াৰ বাবে বেগুছৰাই আসন বিচাৰিছিল যদিও চিপিআইক দিয়া হৈছিল।

Apply Now

তেতিয়াৰ পৰাই কানহায়াক লৈ জল্পনা-কল্পনা আৰম্ভ হ’ল। দেওবাৰে কংগ্ৰেছে সেই জল্পনা-কল্পনাৰ অন্ত পেলায়। উত্তৰ-পূব দিল্লী লোকসভাৰ আসনত কানহায়াৰ প্ৰতিদ্বন্দ্বী দুবাৰৰ বিজেপি সাংসদ মনোজ তিৱাৰী। এই একেখন আসনৰ পৰা দুবাৰকৈ জয়লাভ কৰিছে অভিনেতা তথা ৰাজনীতিবিদ মনোজ তিৱাৰীয়ে। এইবাৰ কংগ্ৰেছে চাৰিখনকৈ আসন লৈ দিল্লীত আপৰ সৈতে যুঁজ দিছে। উত্তৰ-পূব দিল্লীৰ উপৰিও উত্তৰ-পশ্চিম দিল্লী আৰু চান্দনী চক সমষ্টিৰ বাবেও কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপ কৰে। কংগ্ৰেছে এই দুটা সমষ্টিত ক্ৰমে উদিত ৰাজ আৰু প্ৰবীণ ৰাজনীতিবিদ জয়প্ৰকাশ আগৰৱালক প্ৰক্ষেপ কৰিছে। চান্দনী চক আসনৰ পৰা তিনিবাৰকৈ সাংসদ হৈছিল জয়প্ৰকাশ। আৰু ২০১৪ চনত উত্তৰ পশ্চিম দিল্লীৰ পৰা বিজেপিৰ টিকটত জয়ী হৈছিল উদিত। পাছত তেওঁ কংগ্ৰেছত যোগদান কৰে।

দিল্লীৰ বাহিৰেও দেওবাৰে পঞ্জাবৰ ৬খন আসনৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰে।কংগ্ৰেছ দলে জলন্ধৰ আসনৰ পৰা পঞ্জাবৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিঙক প্ৰক্ষেপ কৰে। ২০২২ চনত পঞ্জাব বিধানসভাৰ নিৰ্বাচনত সিং পৰাজিত হৈছিল। ইয়াৰ উপৰিও কংগ্ৰেছে অমৃতসৰৰ পৰা গুৰজিৎ ​​সিং, ফাতেগড় চাহিবৰ পৰা অমৰ সিং, বাথিন্দাৰ পৰা মহিন্দৰ সিং সিদ্ধু, সংঘুৰৰ পৰা সুখপাল সিং খাইৰা আৰু পটিয়ালাৰ পৰা ধৰমবীৰ গান্ধীক প্ৰক্ষেপ কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd