• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেৰাপানীৰ মহিলাগৰাকীৰ কিয় খং উঠিছিল?

পৰেশ মালাকাৰ

by
April 17, 2024 4:04 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেৰাপানীৰ সেই মহিলাগৰাকীৰ কথা মই পাহৰিব পৰা নাই। “নাই ছাৰ আপোনালোকে যি কয় কওক। মই বড়ো মানুহ।মই কিন্তু কংগ্ৰেছক ভোট দিম? এইটো কি ধৰণৰ কথা, মই মোৰ গৰুটো বেচিব নোৱাৰোঁ।গাহৰি পুহিব নোৱাৰোঁ।মাংস খালেও জগৰ লাগে।” মহিলা গৰাকীয়ে যি খং আৰু ক্ষোভেৰে কথাখিনি কৈছিল তাৰ যদি কোনোবাই এটা ভিডিও ক্লিপ কৰিলেহেঁতেন সেইটো বিৰোধী ৰাজনৈতিক দলবোৰে তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰত খুব ভালদৰে ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন।নিজৰ পৰিয়ালৰ হোৱা বাবে ১৯৭৮ চনত আমাৰ খুৰা স্বৰ্গীয় ৰবীন্দ্ৰনাথ মালাকাৰৰ নিৰ্বাচনী প্ৰচাৰত মই অলপ লাগিছিলোঁ।তেওঁ জনতা পাৰ্টিৰ পৰা নিৰ্বাচন খেলিছিল আৰু জিকিছিল।তাৰ পাছত সেই আপদীয়া ১৯৮৩ৰ নিৰ্বাচনতো মই নিৰ্বাচনী প্ৰচাৰত লাগিছিলোঁ।তেতিয়া মই চি পি আই(এম এল)ৰ ভাস্কৰ নন্দীৰ দলৰ লগত আছিলোঁ মোটামোটি সৰ্বক্ষণৰ কৰ্মীৰ দৰে।পাৰ্টি কৰি মই পঢ়া- শুনা সমুদায় পাহৰি গৈছিলোঁ।মই ১৯৮৬ত পাৰ্টিৰ পৰা ওলাই আহিছিলোঁ।

Apply Now

তাৰপাছত দুদুলমণি শৰ্মা আৰু মই লগ লাগি ‘অন্বেষা’ আৰম্ভ কৰিছিলোঁ।তেতিয়াৰে পৰা সোপন্থী/বাওপন্থী কোনো ৰাজনীতিৰ লগত মোৰ দলীয় সম্পৰ্ক নাই।কিন্তু,মই উদাৰ গণতন্ত্ৰ আৰু ভাৰতীয় সংবিধানত বিশ্বাসী।সেইকাৰণেই গোহাঁই চাৰৰ লগ লাগি মই আলফাৰ বিৰোধিতা কৰিছিলোঁ।সেইকাৰণেই এতিয়া বিজেপিৰ বিৰোধিতা কৰোঁ।মই সত্যৰ পক্ষে।ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস মোৰ আছে। কিন্তু ৰাজনৈতিকভাবে মই বিজেপিৰ বিপক্ষে।মোৰ ৰাজনৈতিক অৱস্থান নিৰপেক্ষ নহয়, পক্ষপাতিত্বমূলক। কেইবাখনো সভা কৰি সৌ সিদিনা মাত্ৰ ডিব্ৰুগড়ৰ পৰা আহিছিলোঁ।এইবাৰ বিহুৰ মাজতে আকৌ যোৰহাটৰ পৰা নিমন্ত্ৰণ আহিল।না ক’বৰ সত নগ’ল।এইবাৰ লগত আছিল অমন আৰু আচিক। লগত আছিল মানে আমি তিনিজন একেলগে গৈছিলোঁ।ডেকা ল’ৰা লগত থাকিলে এটা ভাল। নিজে গাড়ী চলাব নালাগে।বিহুৰ দিনা মোৰ শ্ৰীমতীয়ে যে মোক যাবলৈ দিলে সেইটোও কম কথা নহয়।যোৰহাটৰ পদুমনীত আমি এটা ঘূলি পাতিছোঁ। ইমান ধুনীয়া হোটেল! কিন্তু আমাক বৰ সস্তাতে থাকিবলৈ দিয়ে।কেৱল আমাকেই দিয়েনে? নাজানোঁ। তেনেকৈ ভাবি থকাই ভাল।পুৱা আমি গৈ আছোঁ প্ৰথমখন সভালৈ।মানুববোৰ আমালৈ ৰৈ আছে। কেইবাশ মানুহ।মিটিঙলৈ গৈ মানুহলৈ ৰৈ থাকিবলৈ আমনি লাগে। কিন্তু কোনোবা আপোনাৰ কাৰণে ৰৈ আছে। তাতে চাৰিশ মানুহ।নাই ভাবিব নোৱাৰি।ফাডাৰ চিজাৰে আমাক পৰিচয় কৰাই দিলে। মোৰে পাল পৰিল প্ৰথমে কোৱাৰ।মই ক’লো কিবাকিবি।মই আগতে একেবাৰে বক্তৃতা দিব নোৱাৰিছিলোঁ।কিন্তু এতিয়া অলপ অচৰপ কথা ক’ব পৰা হৈছোঁ।মই ক’লোঁ। অমনে ক’লে। আছিকেও ক’লে দুষাৰমান।

কিন্তু আমি আচৰিত হ’লোঁ মানুবোৰৰ প্ৰশ্নবোৰ শুনি।তেওঁলোকে বিভিন্ন বিষয়ে আমাক ইমান প্ৰাসংগিক প্ৰশ্ন সুধিছিল! মই কৈছিলোঁ- আচলতে আপোনালেকে আমাৰ পৰা কি শিকিব, আপোনালোকৰ প্ৰশ্নবোৰেতেই উত্তৰবোৰো নিহিত।সভাৰ পিছত, তাতে ভাত খাই এইবাৰ ওলালোঁ মেৰাপানীৰ ফালে।মেৰাপানী- অসম- নাগালেণ্ডৰ সীমান্তাঞ্চল।ইমান দিন শুনিহে আছিলোঁ।এইবাৰ নিজৰ চকুৰে দেখিলোঁ।অসমখন ভৰিৰে গচকি দেখাটোও কম সৌভাগ্যৰ কথা নহয়।মানুহৰ কথা শুনিবলৈ, মানুহৰ পৰা শিকিবলৈ সেইবোৰ ঠাইলৈ যোৱাটোৱে এটা ডাঙৰ কথা।আমি গৈ পোৱাৰ পিছতহে মানুহবোৰ আহিবলৈ লৈছিল।কিন্তু মানুহ আহিছিল। পৰুষ মহিলা সকলোঁ।মই এটা কথা দেখি আচৰিত হৈছোঁ।অসমৰ আদিবাসী অঞ্চলত কেথলিক চাৰ্চে যিবোৰ ঠাইত কাম কৰি আছে সেইবোৰৰ সকলো ক্ষেত্ৰতে মহিলাৰ অংশগ্ৰহণ ভাল।তাতো একেই ভাষণ অলপ ইফাল সিফাল কৰি।এই মেৰাপানীতে বড়ো মহিলা গৰাকীৰ খং উঠিছিল। এইবাৰ তাৰ পৰা ওভতি আমি মৰিয়নীলৈ গ’লো।মৰিয়নী গৈ পাওতে গধূলি হৈছিল।মানুহবোৰ গীৰ্জাৰ চোতালত মুকলি আকাশৰ তলত আন্ধাৰ-পোহৰৰ মাজত বহি আছিল।তাত পোহৰৰ ব্যৱস্থা নাছিল।গীৰ্জাৰ ভিতৰৰ পৰা যি সামান্য পোহৰ আহিছিল সেই পোহৰতে আমি সভাখন কৰিব ।মূল কথা কেইটা ফাডাৰ চিজাৰে চাদ্ৰীতে কৈছিল।আমি কিন্তু অসমীয়াতে তেওঁলোকৰ লগত কথাবতৰা পাতিছিলোঁ।মানুহখিনিৰ একাগ্ৰতা আৰু আন্তৰিকতাই আমাক মুদ্ধ কৰিছিল।তাৰপিছত আমি আকৌ ৰাজাবাৰীলৈ ওভতি আহিছিলোঁ।পিছদিনা মানে ১৫ তাৰিখৰ দিনা পুৱাই আমি গুৱাহাটীলৈ ৰাওনা হৈছিলোঁ।

মই এটা কথা উপলব্ধি কৰিছোঁ।সকলো মানুহ বা সকলো জনগোষ্ঠী একে নহয়।প্ৰত্যেকৰে সুকীয়া সুকীয়া চৰিত্ৰ। তাৰ মাজত অৱশ্যেই মিল অমিল আছে। আকৌ এজন মানুহ বা এটা জনগোষ্ঠীৰ লগত আপোনাৰ দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে।কিন্তু তেওঁলোকৰ দৃষ্টিভংগীৰে তেওঁলোকৰ অৱস্থানটো জানিবলৈ চেষ্টা কৰাটো বৰ জৰুৰী।এই কথাটো সকলোৱে কৰিব নোৱাৰে।এজন মানুহ প্ৰকৃতভাবে গণতন্ত্ৰত বিশ্বাসী হ’লেহে এইটো সম্ভৱ।মোৰ দৃষ্টিৰে তেওঁৰ সকলোখিনি জানো মই বুজি পাম! এই কথাটো মই কিয় কৈছোঁ পিছত ভালকৈ উদাহৰণসহ ব্যাখ্যা কৰিম।কিন্তু ফাডাৰ চিজাৰৰ দৰে মানুহে আদিবাসী সকলৰ লগত যি ধৰণে লাগি আছে, বিশেষকৈ তেওঁলোকৰ ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত আৰু বহনক্ষম কৃষিৰ ক্ষেত্ৰত সেইটো সঁচাকৈ প্ৰশংসনীয়। মানুহৰ কল্যাণৰ কথা কোৱা, বক্তৃতা দিয়া আৰু হাতেকামে মানুহৰ হৈ কাম কৰা একে নহয়।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd