• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গৌৰৱ আৰু লুৰীণৰ মিলন ভাৰতীয় সংবিধানৰ যুক্তৰাষ্ট্ৰীয় মূল্যবোধৰ পৰাকাষ্ঠা!

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
April 18, 2024 4:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ আন ঠাইৰ লগতে উজনীৰ দুটা সংসদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। সেই সমষ্টি দুটা হৈছে যোৰহাট আৰু ডিব্ৰুগড়। এই সমষ্টি দুটাৰ বৈশিষ্ট্য কি? এই সমষ্টি দুটাৰ  প্ৰতিদ্বন্দিতাত থকা প্ৰাৰ্থী কেইজনৰ আৰু তেওঁলোকৰ দল দুটাৰ বৈশিষ্ট্য কি? কথাটো অলপ বহলাই ব্যাখ্যা কৰাৰ প্ৰয়োজন। 

এই দুয়োটা সমষ্টি অসমীয়াৰ আত্ম-গৌৰৱ আৰু আত্ম-সন্মানৰ সমষ্টি। মন কৰিব ইয়াত প্ৰাৰ্থী আৰু দল সনাপোতোকা হৈ আছে। যোৰহাটতত বিজেপিৰ প্ৰাৰ্থী হ’ল তপন গগৈ। তপন গগৈ ক’ৰপৰা আহিছে? সদৌ অসম ছাত্ৰ সন্থাৰ পৰা। সদৌ অসম ছাত্ৰ সন্থাই এসময়ত সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰৰ ছাঁটোকে গছকিবলৈ টান পাইছিল। তেওঁলোকে সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰক এঘৰীয়া কৰিছিল। তেতিয়া অৱশ্যে তলে তলে নিজৰ পৰিচয় ব্যক্ত নকৰাকৈ আৰ এচ এচ অসমত বেছ সক্ৰিয় হৈ আছিল। কিন্তু বিজেপিৰ  নাম-গোন্ধেই নাছিল। তৎসত্বেও আছু গোত্ৰীয় আলফাৰ হাতত কেইবাজনো বিজেপি নেতা/পাতি নেতা পৰিছিল। সেই আছুৰ পৰা অহা তপন গগৈ পিছত গৈ বিজেপি হ’ল। নিজৰ জাতীয়তাবাদী পৰিচয় পুৰি খাই ৰাষ্ট্ৰীয়তাবাদত শৰণ ল’লে। ইমানদিনৰ আঞ্চলিকতাবাদী, জাতীয়তাবাদী শ্লোগান বতাহত মিলি গ’ল। 

Apply Now

এতিয়া আহিছোঁ গৌৰৱ গগৈলৈ। গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰাৰ্থী। তেওঁ কংগ্ৰেছী ঐতিহ্যৰ ধাৰক বাহক। কংগ্ৰেছী ঐতিহ্যটো কি? দেশৰ স্বাধীনতা আন্দোলনৰ ঐতিহ্য, উদাৰ গণতন্ত্ৰ আৰু সমাজবাদৰ ঐতিহ্য। আমাৰ দেশৰ সংবিধানৰ প্ৰস্তৱনাৰ ঐতিহ্য। আৰু এটা কথা, গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধী, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰীৰ পৰা শৰৎ সিংহ, আনকি তৰুণ গগৈলৈকে অসমৰ কোনোজনেই কিন্তু এতিয়াৰ বিজেপিৰ মুখ্যমন্ত্ৰীৰ দৰে দিল্লীৰ কথা মতে উঠবহ কৰা মুখ্যমন্ত্ৰী নাছিল। গোলাপ বৰবৰাৰ ব্যক্তিত্বৰ কথাতো ক’বই নালাগে। আনকি হীতেশ্বৰ শইকীয়াইও গাদী এৰি দিছিল অসমৰ স্বাৰ্থত। অসম চুক্তিৰ স্বাৰ্থত। সেই ঐতিহ্যৰ ধ্বজাবাহী গৌৰৱ গগৈ। গৌৰৱৰ সংসদত দিয়া ভাষণবোৰ চাওক। গৌৰৱৰ হস্তক্ষেপত স্বয়ং মোদীয়ে থৰকাচুটি হেৰাইছিল। কিমান কম সময়ৰ ভিতৰতে গৌৰৱে নিজকে এজন পৰিপক্ক নেতা হিচাপে পৰিচয় দিব পাৰিছে, তাকো সৰ্বভাৰতী পৰ্যায়ত।

এইবাৰ আহো ডিব্ৰুগড়লৈ। সৰ্বানন্দ সোণোৱাল কোন? একালৰ আছুৰ চৌখিন নেতা। আছুৰ পৰা এজিপি হৈ বিজেপি লৈ যোৱা তেওঁৰ ৰাজনৈতিক জীৱন অতি মসৃণ। সৰ্বানন্দ কথাবতৰাত হিমন্তবিশ্বৰ সম্পূৰ্ণ বিপৰীত। বিনয়ী। ভদ্ৰ। কিন্তু তেওঁৰ ৰাজনৈতিক জীৱন হ’ল আপোচৰ। তেওঁৰ ভদ্ৰতাৰ বাহ্যিকতা এক অৰ্থহীন অন্তঃসাৰশূণ্যতা। কা আন্দোলনৰ তীব্ৰতাই তেওঁক ক’বলৈ বাধ্য কৰিছিল- ‘ৰাইজ মোক এঘৰীয়া নকৰিব’। কিন্তু নিজৰ ৰাজনৈতিক উদ্দেশ্য চৰিতাৰ্থ কৰিবলৈ তেওঁ অসমৰ ৰাইজক এঘৰীয়া কৰিবলৈ কেতিয়াও কুন্ঠাবোধ কৰা নাই। সৰ্বানন্দৰ আন এটা নাম আপোচ বুলিও ক’ব পাৰি। তাৰ বিপৰীতে লুৰীণ কোন? লুৰীণো আছুৰ পৰা আহিছে। কিন্তু লুৰীণে জাতীয়তাবাদী পৰম্পৰাত খামোচ মাৰি ধৰি আছে। তেওঁ কা আন্দোলনত সমুখৰ পৰা নেতৃত্ব দিছিল। আৰু ৰাজনৈতিকভাবে তাৰ মোকাবিলা কৰিবলৈ ‘অসম জাতীয় পৰিষদ’ খুলিছিল। লুৰীণে আপোচ কৰা নাই। কিন্তু সময়ৰ তাগিদাত লুৰীণে জাতীয়তাবাদী সংকীৰ্ণতাৰ বাহিৰলৈ ওলাই আহি কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী যুক্তমৰ্চাৰ অন্তৰ্ভুক্ত হৈছে। সেইটো কৰি লুৰীণে নিজৰ ৰাজনৈতিক বিচক্ষণতাৰহে পৰিচয় দিছে।

এই যে ডিব্ৰুগড়ৰ সুস্থ অসমীয়া জাতীয়তাবাদৰ লগত মানে অসম জাতীয় পৰিষদৰ লুৰীণৰ লগত যোৰহাটৰ সৰ্বভাৰতীয় ভাৰতীয় সংবিধান আৰু উদাৰ গণতন্ত্ৰ, সমাজবাদী আৰু ধৰ্মনিৰপেক্ষতাৰ আদৰ্শত বিশ্বাসী  ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ একলগ হৈছে, তেওঁলোকে ঐক্যমঞ্চ কৰিছে সেইটো বৰ তাৎপৰ্যপূৰ্ণ। ইয়াত অসমৰ স্বাৰ্থ বিসৰ্জন দি ভাৰতীয় হোৱাৰ কথা অহা নাই। ইয়াত অসমীয়া জাতীয়তাবাদৰ লগত ভাৰতীয় জাতীয়তাবাদক সংযুক্ত কৰাৰ কথাহে আছে। ইয়াত বিজেপিৰ দৰে এক জাতি, এক ৰাষ্ট্ৰ এক ভাষা কৰাৰ কথা অহা নাই।  ইয়াত মিলে সুৰ মেৰা তোমাহাৰা কথাহে আহিছে। ইয়াত বৈচিত্ৰ্য হেৰুৱাই এক হোৱাৰ কথা অহা নাই। ইয়াত বৈচিত্ৰ্যৰ মাজৰ ঐক্যৰ কথাহে আহিছে। আমাক প্ৰদেশো লাগিব, দেশো লাগিব। আমি গৌৰৱ আৰু লুৰীণৰ মিলনত যেন ভাৰতীয় সংবিধানৰ যুক্তৰাষ্টীয় মূল্যবোধৰে পৰাকাষ্ঠাহে দেখিছোঁ।

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

বিহাৰৰ চিকিৎসালয়ত ভয়াৱহ অগ্নিকাণ্ড: ৰোগীক এৰি পলায়ন কৰ্মচাৰীৰ, আই চি ইউত এজনৰ মৃত্যু

June 4, 2026 11:18 am
আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সীমা নিৰ্ধাৰণঃ উচ্চতম ন্যায়ালয়ৰ সমিতি গঠন, ৩১ আগষ্টৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ

June 4, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

মানস ৰাষ্ট্ৰীয় উদ্যানৰ অস্তিত্বলৈ ভাবুকি! বেদখলৰ কৱলত বৃহৎ বনভূমি

June 4, 2026 12:18 pm
ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

ভাৰতীয় টি-২০ দলৰ অধিনায়কৰ পদৰ পৰা আঁতৰিব সূৰ্যকুমাৰ যাদৱ! দৌৰত তিনিগৰাকী নতুন খেলুৱৈ

June 4, 2026 11:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd