• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হত্যাৰ বলি কংগ্ৰেছ নেতাৰ কন্যা : প্ৰেমৰ প্ৰস্তাৱ নাকচৰ বাবেই ছুৰীৰে হানি হত্যা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 19, 2024 5:11 pm
463
VIEWS
Share on FacebookShare on Twitter

হত্যাৰ বলি হ’ল কৰ্ণাটকৰ কংগ্ৰেছ নেতা নিৰঞ্জন হেৰেমথৰ কন্যা নেহা। বিশ্ববিদ্যালয়ৰ ভিতৰতে ছুৰীৰে আঘাত কৰি নেহাক হত্যা কৰিলে এজন যুৱকে। কে এল ই টেকন’লজিকেল ইউনিভাৰ্চিটিৰ নামৰ একেখন শিক্ষানুষ্ঠানতে নেহাৰ লগত একেলগে পঢ়িছিল হত্যাকাৰী যুৱকজন। 

হত্যাৰ বলি হোৱা নেহাৰ পিতৃ নিৰঞ্জন হীৰেমথ হুবলি ধৰৱাদ পৌৰ নিগমৰ কাউন্সিলাৰ। 

আৰক্ষীৰ তথ্য অনুসৰি, ফায়াজ নামৰ এজন যুৱকে যুৱতীগৰাকীক উপৰযুপৰি চোকা অস্ত্ৰৰে আঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। থিতাতে নিহত হয় ভুক্তভোগী যুৱতীগৰাকী। 

ইতিমধ্যে এই ঘটনাৰ চিচি টিভি ফুটেজ লাভ কৰিছে আৰক্ষীয়ে। ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে কৰ্ণাটক আৰক্ষীয়ে। খবৰ অনুসৰি ইতিমধ্যে আৰক্ষীয়ে হত্যাকাৰী ফায়াজক গ্ৰেপ্তাৰ কৰিছে। 

এই পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি ফয়াজে নেহাক প্ৰেমৰ প্ৰস্তাৱ দিছিল যদিও নেহাই নাকচ কৰিছিল। ইয়াৰ বাবেই ফায়াজে ক্ষুব্ধ হৈ এই হত্যাকাণ্ড সংঘটিত কৰে। 

 হত্যাকাৰী ফায়াজ কৰ্ণাটকৰ বেলাগাৱী জিলাৰ বাসিন্দা।  আৰক্ষী সূত্ৰই জনোৱা মতে ফায়াজ এজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ পুত্ৰ। ৬ মাহ আগতে বিশ্ববিদ্যালয়ৰ পৰীক্ষাত ফেইল কৰিছিল ফায়াজে, তাৰ পিছত আৰু বিশ্ববিদ্যালয়লৈ অহা নাছিল ফায়াজ।

কিন্তু ৬ মাহ পিছত যোৱা বৃহস্পতিবাৰে হাতত চোকা অস্ত্ৰ লৈ বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিছিল ফায়াজে। প্ৰৱেশ কৰিয়েই সি পোনে পোনে নেহাৰ ওচৰলৈ গৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ কৰে।

উপৰ্যুপৰি আক্ৰমণ কৰি ফায়াজে পলায়নৰ চেষ্টা কৰিছিল যদিও স্থানীয় লোকে ফায়াজক আটক কৰি আৰক্ষীক গতাই দিয়ে। 

প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে জনোৱা মতে, যোৱা কেইবামাহো ধৰি ফায়াজে নেহাৰ পিছত লাগি আছিল। দীৰ্ঘদিনে নেহাক প্ৰেমৰ প্ৰেস্তাৱ দি আছিল যুৱকজনে। কিন্তু যুৱকজনৰ প্ৰেম প্ৰস্তাৱ বাৰম্বাৰ প্ৰত্যাখান কৰিছিল নেহাই। 

তদন্তৰ সৈতে জড়িত এজন বিষয়াই কয় যে এই গোচৰটো একপক্ষীয় প্ৰেমৰ বাবে সংঘটিত হৈছে। ইয়াৰ পূৰ্বে ফায়াজে নিজৰ বহু বন্ধুক কৈছিল যে নেহাক হত্যা কৰি সি প্ৰেম প্ৰস্তাৱ প্ৰত্যাখান প্ৰতিশোধ পূৰণ কৰিব।

Recent News

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd