• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Fact Checking: দেশৰ সম্পদ মুছলমানক দিয়াৰ কথা কৈছিল মনমোহনে! মোডীৰ দাবীৰ সত্যতা ক’ত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2024 11:23 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ বানস্বৰাত নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছিল যে কংগ্ৰেছে নিজৰ ইস্তাহাৰত দেশৰ সম্পদ মুছলমানৰ মাজত পুনৰ বিতৰণ কৰিব। ২০০৬ চনৰ মনমোহন সিঙৰ মন্তব্যকো ব্যৱহাৰ কৰি কংগ্ৰেছক কটাক্ষ কৰিছিল। অৱশ্যে কংগ্ৰেছে মোডীৰ এই দাবী নাকচ কৰিছে।

কংগ্ৰেছে নৰেন্দ্ৰ মোডীৰ মন্তব্য আৰু ড° মনমোহন সিঙে উল্লেখ কৰা মন্তব্যৰ কোলাজ কৰি ছচিয়েল মিডিয়াত পোষ্ট কৰিছে। কংগ্ৰেছে কেপচনত লিখিছে, ‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মিছা কথা কোৱাৰ বদ অভ্যাস আছে। আকৌ এবাৰ তেওঁ মিছা কথা কৈ ধৰা পৰিল।’

ইপিনে, কংগ্ৰেছে পোষ্ট কৰা মনমোহন সিঙৰ একেটা ভিডিঅ’ৰ পৰা লোৱা ২২ ছেকেণ্ডৰ এটা ক্লিপ পুনৰ বিজেপিয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে। গেৰুৱা শিবিৰে কংগ্ৰেছক আক্ৰমণ কৰি প্ৰশ্ন কৰে- “কংগ্ৰেছে নিজেই প্ৰধানমন্ত্ৰীক এতিয়া বিশ্বাস নকৰেনে?” মনমোহনৰ ভাষণৰ এটা অংশ কেপচনত তুলি ধৰা হৈছে। ইয়াত লিখা আছে, ‘সংখ্যালঘুসকলে বিশেষকৈ মুছলমান সংখ্যালঘুসকলে যাতে উন্নয়নৰ ফল ন্যায্যভাৱে ভাগ-বতৰা কৰি লব পাৰে, তাৰ বাবে আমি উদ্ভাৱনী পৰিকল্পনা উলিয়াব লাগিব। দেশৰ সম্পদৰ ওপৰত তেওঁলোকৰ প্ৰথম অধিকাৰ থাকিব লাগিব।’

Apply Now

লগতে পঢ়কঃ ইতিহাস! দবাত কনিষ্ঠতম খেলুৱৈ হিচাপে বিশ্ব চেম্পিয়নক প্ৰত্যাহ্বানৰ যোগ্যতা অৰ্জন ১৭ বছৰীয়া ভাৰতীয় গুকেশৰ

কিন্তু দৰাচলতে মনমোহন সিঙে কি কৈছিল? ২০০৬ চনৰ ৯ ডিচেম্বৰত মনমোহন সিঙে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ বৈঠকত কৈছিল- ‘অনুসূচিত জাতি আৰু জনজাতিৰ উন্নয়নৰ পৰিকল্পনা পুনৰুজ্জীৱিত কৰা উচিত। সংখ্যালঘুসকলে বিশেষকৈ মুছলমান সংখ্যালঘুসকলে যাতে উন্নয়নৰ ফল ন্যায্যভাৱে ভাগ কৰি লব পাৰে তাৰ বাবে আমি উদ্ভাৱনী পৰিকল্পনা উলিয়াব লাগিব। সম্পত্তিৰ ওপৰত তেওঁলোকৰ প্ৰথম অধিকাৰ থকা উচিত। কেন্দ্ৰৰ আন অসংখ্য দায়িত্ব আছে। এই সকলোবোৰ প্ৰয়োজনীয়তা আমি সামগ্ৰিকভাৱে আমাৰ হাতত থকা সম্পদৰ পৰাই পূৰণ কৰিব লাগিব।‘

২০০৬ চনত মনমোহন সিঙৰ ভাষণৰ পিছতে ৰাজনৈতিক বিতৰ্ক আৰম্ভ হৈছিল। সেই সময়ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে স্পষ্টীকৰণ দিছিল যে মনমোহন সিঙে কৈছে, অনুসূচিত জাতি আৰু জনজাতি, অ’বিচি, মহিলা, শিশু, সংখ্যালঘুসকলক উন্নয়নমূলক প্ৰকল্পসমূহৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব।

"We will have to devise innovative plans to ensure that minorities, particularly the Muslim minority, are empowered to share equitably in the fruits of development. They must have the first claim on resources."

– Dr Manmohan Singh, 9th Dec, 2006

The Congress doesn’t trust their… https://t.co/MWAf8uP23N pic.twitter.com/EDAKfasXT8

— BJP (@BJP4India) April 21, 2024

কিন্তু মোডীৰ কোন মন্তব্যক কেন্দ্ৰ কৰি ইমান বিতৰ্কৰ সৃষ্টি হৈছে? কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মোদীয়ে দাবী কৰিছিল যে, ‘শাসনলৈ আহিলে কংগ্ৰেছে সাধাৰণ মানুহৰ সম্পদ কাঢ়ি লৈ ​​মুছলমানৰ মাজত বিতৰণ কৰিব।’ মোদীয়ে কয়, ‘এই নগৰীয়া নক্সাল মানসিকতাত তেওঁলোকে মাতৃ-ভগ্নীৰ মংগলসূত্ৰকো ৰেহাই নিদিয়ে। যিকোনো পৰ্যায়লৈ কংগ্ৰেছ নামিব পাৰে। কংগ্ৰেছৰ ইস্তাহাৰ মতে, মাতৃ-ভগ্নীৰ সোণৰ গহনাৰ পৰিমাণ হিচাপ কৰি চাই সেই সম্পদ পুনৰ বিতৰণ কৰিব। আৰু সেই ধন-সম্পত্তি কাক দিব? মনমোহন সিঙৰ চৰকাৰে কৈছিল যে দেশৰ ধন-সম্পদৰ ওপৰত মুছলমানৰ প্ৰথম অধিকাৰ আছে। গতিকে তেওঁলোকে এই সম্পদসমূহ অনুপ্ৰৱেশকাৰীক দিব? আপোনালোকৰ কষ্টোপাৰ্জিত ধন অনুপ্ৰৱেশকাৰীক দিয়া উচিতনে? আপনালোকে এইটোৱেই বিচাৰে নেকি? কাৰোবাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ অধিকাৰ চৰকাৰৰ আছেনে? আমাৰ আই আৰু ভগ্নীসকলৰ হাতত থকা সোণৰ গহনাবোৰ আত্মসন্মানৰ প্ৰতীক। মংগলসূত্ৰৰ মূল্য সোনৰ ওজনেৰে নিৰ্ণয় কৰিব নোৱাৰি। এইটো এগৰাকী পত্নীৰ সপোনৰ সৈতে জড়িত।’

पहले चरण के मतदान में निराशा हाथ लगने के बाद नरेंद्र मोदी के झूठ का स्तर इतना गिर गया है कि घबरा कर वह अब जनता को मुद्दों से भटकाना चाहते हैं।

कांग्रेस के ‘क्रांतिकारी मेनिफेस्टो’ को मिल रहे अपार समर्थन के रुझान आने शुरू हो गए हैं।

देश अब अपने मुद्दों पर वोट करेगा, अपने…

— Rahul Gandhi (@RahulGandhi) April 21, 2024

ইপিনে, কংগ্ৰেছে অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকৃত বিষয়টোৰ পৰা মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনেধৰণৰ বিভাজনমূলক ভাষণ দিছে। এই পৰিৱেশত মোডীৰ মন্তব্য সন্দৰ্ভত ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীয়ে এটা পোষ্টত লিখিছে, ‘প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনৰ হতাশাৰ পিছত নৰেন্দ্ৰ মোডীৰ মিছাৰ মাত্ৰা বাঢ়িছে। ভয়ত এতিয়া তেওঁ মানুহৰ দৃষ্টি আচল বিষয়বোৰৰ পৰা আঁতৰাই পেলাব বিচাৰিছে। কংগ্ৰেছৰ ‘বৈপ্লৱিক ইস্তাহাৰ’য়ে লাভ কৰা ব্যাপক সমৰ্থনক লৈ ট্ৰেণ্ডৰ উন্মেষ ঘটিবলৈ আৰম্ভ কৰিছে। এই সকলোবোৰ বিষয়ত এতিয়া দেশে ভোট দিব।  চাকৰিৰ বাবে, নিজৰ পৰিয়াল, নিজৰ ভৱিষ্যতৰ বাবে ভোট দিব।’ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd