দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ভগৱান ৰামৰ ছবি থকা প্লেটত আমিষ বিৰিয়ানী বিক্ৰী কৰাৰ বাবে সৃষ্টি হৈছে বিতৰ্কৰ।
ঘটনাৰ বিৱৰণ অনুসৰি দিল্লীৰ জাহাংগীৰপুৰী অঞ্চলত এজন বিক্ৰেতাই ভগৱান ৰামৰ ছবি থকা প্লেটত বিক্ৰী কৰিছিল বিৰিয়ানী। এই কথা লক্ষ্য কৰে স্থানীয় হিন্দু সংগঠনৰ কেইজনমান ব্যক্তিয়ে।
সংগঠনটোৰ সদস্য সকলে এই বিষয়ে বিক্ৰেতাজনক সোধাপোচা কৰে। সদস্য সকলে লক্ষ্য কৰে ভগৱান ৰামৰ ছবি থকা বিৰিয়ানীৰ পেটবোৰ খাই হোৱাৰ পিছত জাৱৰৰ লগত পেলাই দিয়া হৈছে।
ইয়াৰ পিছত লগে লগে আৰক্ষীক এই বিষয়ে অৱগত কৰে হিন্দু সংগঠনটোৱে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ভগৱান ৰামৰ ছবি থকা প্লেট উদ্ধাৰ কৰে।
জানিব পৰা মতে বজৰং দলৰ সদস্য আৰু স্থানীয় ৰাইজে বিষয়টো গম পোৱাৰ লগে লগে আপত্তি কৰি আৰক্ষীক এই বিষয়ে অৱগত কৰে। এই ঘটনাৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে য’ত দোকানীজনে ভগৱান ৰামৰ ছবি থকা প্লেটত বিৰিয়ানী বিক্ৰী কৰা দেখা গৈছে।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি আৰক্ষীয়ে অভিযুক্তক জিম্মাত লৈছে। ঘটনাৰ তদন্তত ব্যস্ত আৰক্ষী।