• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিছলীয়া প্ৰধানমন্ত্ৰীৰ কথাত এতিয়া দেশৰ জনতাই গুৰুত্ব নিদিয়ে : মল্লিকাৰ্জুন খাৰ্গে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 27, 2024 8:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“এইবাৰৰ নিৰ্বাচন অতি গুৰুত্বপূর্ণ। এই নির্বাচন কোনো ব্যক্তিৰ নির্বাচন নহয়। এই নির্বাচন কাকো হেয় প্রতিপন্ন কৰাৰ নিৰ্বাচন নহয়। এই নির্বাচন হৈছে গণতন্ত্র অক্ষুন্ন ৰখা আৰু দেশৰ সংবিধানক ৰক্ষা কৰাৰ নিৰ্বাচন।” মহানগৰীৰ কিৰণশ্ৰী হোটেলত আজি অনুষ্ঠিত এক সংবাদমেলত এইদৰে কয় নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খার্গেই। 

আজিৰ সংবাদমেলত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে মোদী চৰকাৰৰ দিনত সবকা সাথ সবকা বিকাশ’ৰ পৰিৱৰ্তে ‘সবকা সত্যনাশ’ হোৱা বুলিও কটাক্ষ কৰে। তেওঁ কয় যে যোৱা ১০ বছৰত মূল্যবৃদ্ধি, নিবনুৱা সমস্যাই দেশৰ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে আৰু জনতাই এইবোৰৰ পৰা মুক্তি বিচাৰিছে। পঞ্চ ন্যায় আৰু ২৫টা গেৰাণ্টিৰ জৰিয়তে কংগ্ৰেছ দলে দেশবাসীক মোদীয়ে কৰা এই সত্যনাশৰ পৰা মুক্তি দিবলৈ পণ লৈছে বুলিও খার্গেই মন্তব্য কৰে। 

Apply Now

সংবাদমেলত তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰি কয়, “মোদী চৰকাৰে জিএছটি আৰোপ কৰি সাধাৰণ মানুহৰ জীৱন দুর্বিসহ কৰিছে। নোটবন্দীৰ জৰিয়তে দেশৰ সাধাৰণ মানুহৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত কৰিছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রতিবছৰে ২ কোটি চাকৰি দিয়াৰ প্রতিশ্রুতি দিছিল। কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিছিল। আমি মাত্র প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক এই প্রতিশ্রুতি ভংগৰ বাবে সমালোচনা কৰিছো। এইবোৰ প্রতিশ্রুতি কংগ্রেছে দিয়া নাছিল। কংগ্রেছ দলে পাঁচটা ন্যায় আৰু ২৫ টা গেৰান্টিৰ প্রতিশ্রুতি দিছে। এই প্রতিশ্রুতি কংগ্রেছ দলে পালন কৰিব।” 

প্রধানমন্ত্রী মোদীক মিছলীয়া বুলি সমালোচনা কৰি মল্লিকার্জুন খার্গেই কয় যে মোদীৰ কথাত, ভাষণত এতিয়া কোনো শক্তি নাই বাবে য’তে-ত’তে সাম্প্রদায়িক মন্তব্য কৰি ফুৰিবলগীয়া হৈছে। তেওঁ কয়, “কংগ্রেছ দল প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দৰে মিছলীয়া নহয়। মিছলীয়া প্রধানমন্ত্রীৰ কথাক এতিয়া দেশৰ জনতাই কোনো গুৰুত্ব নিদিয়ে। কংগ্রেছ দলে কোনো মিছা প্রতিশ্রুতি নিদিয়ে। কাকো ভয় নুখুৱায়। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চিবিআই, আয়কৰ বিভাগ, ইডি আদিৰ জৰিয়তে সকলোকে ভীতিগ্রস্ত কৰি আছে। 

সংবাদমেলত খার্গেই বিজেপিয়ে দেশপ্রেম সন্দৰ্ভত সময়ে সময়ে কৰি অহা মন্তব্যক লৈয়ো প্রশ্ন উত্থাপন কৰে। তেওঁ কয়, কংগ্ৰেছে দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিছিল। স্বাধীনতা আন্দোলনত আৰএছএছ-বিজেপিৰ কোনো অৱদান নাছিল। তাৰ পিছতো বিজেপিয়ে বহুতকৈ দেশপ্রেমৰ কথা কয়। তেওঁলোকৰ মতে নেহেৰু, ইন্দিৰা গান্ধী, লালবাহাদুরৰ শাস্ত্রী একোৱেই নহয়। তেওঁলোকৰ মতে মোদীয়েই সকলো। তেওঁলোকে এনেকৈয়ে ভাবে যে ২০১৪ৰ  পিছতহে ভাৰত স্বাধীন হৈছে। তেওঁলোকৰ এনে মনোভাৱ আমাৰ দেশখনৰ বাবেই বিড়ম্বনা। দুর্নীতি-ভ্রষ্টাচাৰ, পৰিয়ালতন্ত্ৰৰ কথা কৈ অহা বিজেপিয়ে কংগ্ৰেছৰ বহু নেতাক কিয় দললৈ নি বৰপীৰা পাৰি দিছে বুলিও তেওঁ প্রশ্ন কৰে আৰু সেইসকল যোৱাৰ বাবে কংগ্ৰেছ দলৰ কোনো ক্ষতি হোৱা নাই আৰু ভৱিষ্যতেও নহয় বুলিও খাগেই মন্তব্য কৰে। 

অসমৰ মুখ্যমন্ত্রীক কটাক্ষ কৰি খার্গেই কয়, “যদি কংগ্রেছ বেয়া আছিল, কংগ্রেছ দলত থাকি নেতা হোৱাসকল দলটোত ২৫-৩০ বছৰ কিয় আছিল। বিজেপিলৈ আগতে গুছি যাব লাগিছিল। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই মোক সমালোচনা কৰি প্রশ্ন কৰিলেও মই তাৰ উত্তৰ নিদিও। প্রধানমন্ত্রীক প্রত্যুত্তৰ দিম। সংসদত মোদী মোৰ প্রতিদ্বন্দী। প্রত্যুত্তৰ দিবলগীয়া হ’লে তেওঁক দিম। 

সংবাদমেলত আমেথি আৰু ৰায়বৰেলীৰ পৰা কোন প্রার্থী হব বুলি সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে এতিয়াও এইক্ষেত্রত চূড়ান্ত সিদ্ধান্ত হোৱা নাই। ইফালে ৰাহুল গান্ধীয়ে সমষ্টি সলনি কৰাৰ বাবে বিভিন্নজনে সমালোচনা কৰাৰ প্ৰসংগত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদবানিয়ে কিমানবাৰ নিজৰ সমষ্টি সলনি কৰিছিল সেয়া সকলোৱে জানে বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে। 

মল্লিকার্জুন খার্গেই দাবী কৰে যে দুর্নীতিগ্রস্তসকলক কাৰাগাৰত ৰখাৰ কথা যদিও বিজেপিয়ে কয়, তথাপি দুর্নীতিত অভিযুক্তসকলে গেৰুৱা দলটোত যোগদান কৰিলে তেওঁলোকক কোলাত তুলি লোৱা হয়। সংবাদমেলত নির্বাচনী বণ্ডক লৈয়ো বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে খার্গে। নির্বাচনী বণ্ডৰ জৰিয়তে ভয় দেখুৱাই ধন সংগ্ৰহ কৰি কংগ্ৰেছৰ নেতা-বিধায়কক কিনি নিজৰ ফলীয়া কৰি লৈছে বুলিও তেওঁ অভিযোগ কৰে। 

দেশবাসীৰ সৈতে দহ বছৰ ধৰি অন্যায় কৰি অহা বিজেপি চৰকাৰক এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছৰ পঞ্চ ন্যায়ে পৰাভূত কৰিব আৰু একনায়কত্ববাদৰ দিশে অগ্ৰসৰ হোৱা মোদী চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰিব বুলিও মন্তব্য কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে। 

প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আঁত ধৰা আজিৰ সংবাদমেলখনত এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাবধায়ক জিতেন্দ্র সিং, এআইচিচিৰ সাধাৰণ সম্পাদক ড০ নাছিৰ হুছেইন, কংগ্রেছ নেত্রী মহিমা সিং, বিৰোধী দলপতি দেবব্রত শইকীয়া, গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ লগতে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্রত বৰাও উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd