• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ব্ৰীজভূষণ সিঙৰ পুত্ৰৰ টিকট দিয়াত অসন্তুষ্ট দেশৰ মল্লযুঁজাৰু; বিজেপিয়ে নাৰীসুৰক্ষাক গুৰুত্ব নিদিয়াৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2024 9:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ শীৰ্ষ মহিলা মল্লযুঁজাৰুৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত কাইজাৰগঞ্জ (উত্তৰ প্ৰদেশ)ৰ বিজেপিৰ সাংসদ ব্রীজ ভূষণ শৰণ সিঙৰ টিকট বাতিল কৰাৰ সময়তে দলটোৱে তেওঁৰ পুত্র কৰণ শৰণ সিঙক টিকট প্ৰদান কৰিছে৷ শাসকীয় দলৰ এই সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰিছে মহিলা মল্লযুঁজাৰুসকল।

বহু মহিলা মল্লযুঁজাৰুৰ গুৰুতৰ অভিযোগৰ পাছতো ব্রীজ ভূষণৰ পৰিয়ালে কৈশোৰগঞ্জৰ টিকট পোৱাক লৈ ছ’চিয়েল মিডিয়াত ক্ষোভৰ সৃষ্টি হৈছে৷অলিম্পিকৰ পদক লাভ কৰা দেশৰ প্ৰথম তথা একমাত্ৰ মহিলা মল্লযুঁজাৰু সাক্ষী মালিকে ইনষ্টাগ্ৰামত লিখিছে, ‘দেশৰ কন্যাসকলে পৰাস্ত হৈছে, ব্রীজ ভূষণ জয়ী হৈছে৷ আমি সকলোৱে নিজৰ কেৰিয়াৰ বাজিত ৰাখিলোঁ, দিনে দিনে ৰাস্তাত শুই থাকিলোঁ ৰ’দ আৰু বৰষুণত কটোলো। আজিলৈকে ব্রীজ ভূষণক গ্ৰেপ্তাৰ কৰা হোৱা নাই৷ আমি একো দাবী কৰা নাছিলোঁ, মাত্ৰ পদত্যাগহে দাবী কৰিছিলোঁ। গ্ৰেপ্তাৰ এৰি, আজি তেওঁৰ পুত্ৰক টিকট দি আপুনি দেশৰ কোটি কোটি কন্যাৰ মনোবল ভাঙি পেলালে। যদি টিকট মাত্ৰ এটা পৰিয়াললৈ যায়, তেন্তে এজন মানুহৰ সন্মুখত দেশৰ চৰকাৰ ইমান দুৰ্বল নেকি?’

ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্রতিবাদত সাক্ষী মালিকে অগ্রণী ভূমিকা পালন কৰিছিল৷ কৰণক টিকট দিয়াৰ সন্দৰ্ভত সাক্ষীয়ে লিখা পোষ্টটোত বজৰং পুনিয়া আৰু বিনেশ ফ’গাটক টেগ কৰিছে।

Apply Now

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সাংসদ তথা প্ৰাক্তন সভাপতি ব্রীজ ভূষণ শৰণ সিঙৰ তিনি পুত্রৰ ভিতৰত কনিষ্ঠ কৰণ শৰণ সিং৷ ২৮ বছৰীয়া কৰণ এই বছৰৰ ফেব্ৰুৱাৰী মাহতেই উত্তৰ প্ৰদেশ মল্লযুঁজ সন্থাৰ সভাপতি হৈছিল, অৰ্থাৎ যেতিয়া ৰাজধানী দিল্লীত সাক্ষী মালিক, বিনেশ ফ’গাট, বজৰং পুনিয়া আদিয়ে ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, তেতিয়া কৰণ আছিল ইউ পি ৰেছলিং এছ’চিয়েচনৰ সভাপতি আছিল।কৰণ নিজেই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰেপ শ্বুটাৰ হিচাপে পৰিগণিত হৈছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পৰা প্ৰথমবাৰৰ বাবে মূলসুঁতিৰ ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ওলাইছে। ব্রীজ ভূষণ সিঙৰ জ্যেষ্ঠ পুত্র প্রতীক ভূষণ সিং গোণ্ডা সদৰৰ বিজেপি বিধায়ক৷

৬ বাৰৰ সাংসদ ব্রীজ ভূষণ শৰণ সিং কৈশোৰগঞ্জৰ পৰা পাঁচবাৰকৈ নিৰ্বাচিত হৈছে। ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ সভাপতি হৈ থকাৰ সময়ত মহিলা মল্লযুঁজাৰুসকলে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে।সিঙৰ বিৰুদ্ধে ৰুজু হোৱা এফআইআৰ দুটাত যৌন নিৰ্যাতনৰ কমেও ১৫টা কাণ্ডৰ বিশদ বিৱৰণ দিয়া হৈছে, য’ত অনুপযুক্ত স্পৰ্শ আৰু নিৰ্যাতনৰ ১০টা কাণ্ডও আছে। মহিলা মল্লযুঁজাৰুৰ স্তনত হাত থৈ নাভি স্পৰ্শ কৰা,ভয় দেখুৱাওৱাৰ দৰে বহু অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd