• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: ডুবন্ত মুম্বাইৰ দুৰন্ত সূৰ্য! ৱানখেড়েত সূৰ্যকুমাৰ যাদৱৰ বিধ্বংসী শতকেৰে হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিলে মুম্বাইয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2024 8:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৱানখেড়েত সূৰ্যৰ উত্তাপত জ্বলি উঠিল পুৰণি সেই চিনাকি মুম্বাই। বিদায়ৰ ক্ষণ গণি থকা মুম্বাই ইণ্ডিয়ানছে দিলে চমক। সোমবাৰে ৭ উইকেটত জয়লাভ কৰি আই পি এলত মুম্বাই এতিয়াও বৰ্তি থাকিল। মেচখনত পৰাস্ত হোৱাৰ সূত্ৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ পইণ্ট হ’ল ১২। পইণ্ট টেবুলত চতুৰ্থ স্থানত আছে। ছানৰাইজাৰ্ছ হায়দৰাবাদ, চেন্নাই ছুপাৰ কিংছ আৰু লক্ষ্ণৌ – এই তিনিটা দলৰে ১২ পইণ্ট। ৱানখেড়েত পৰাজয়ে পেট কামিন্সৰ দলৰ প্লে অফৰ দৌৰত বিলম্ব ঘটালে।

এইবাৰৰ আই পি এলত মুম্বাই বহু পলমকৈ জিলিকি উঠিল। অধিনায়ক হাৰ্দিক পাণ্ডিয়াও বহু পলমকৈ ফৰ্মলৈ উভতি আহিল। সোমবাৰে বলিঙেৰে তিনিটা উইকেট দখল কৰে বিতৰ্কিত মুম্বাইৰ অধিনায়কগৰাকীয়ে।

কিন্তু মেচখনত জয়ৰ কৃতিত্ব সূৰ্যকুমাৰ যাদৱৰে। সূৰ্য্যই ৫১টা বলত অপৰাজিত ১০২ ৰানৰ এক দুৰ্দান্ত ইনিংছ খেলিলে। তেওঁ ১২টা চাৰি আৰু ৬টা ছয় মাৰে। ৱানখেড়েত মুম্বাইৰ সূৰ্য্য উদয়ৰ বিপৰীতে সূৰ্যাস্তৰ পিনে ধাৱমান হায়দৰাবাদ!

Apply Now

টী-২০ বিশ্বকাপ আহি আছে। তাৰ আগতে সূৰ্যকুমাৰ যাদৱে ৰোহিত শৰ্মাৰ চিন্তা কমালে বুলি ক’ব পাৰি। আঘাতৰ বাবে তেওঁ বহু সময় খেলপথাৰৰ বাহিৰত আছিল। আৰম্ভণিৰে পৰা আই পি এলতো খেলিব পৰা নাছিল। সোমবাৰৰ দিনটোতে তেওঁ মুম্বাইক অতি কঠিন পৰিস্থিতিৰ পৰা উলিয়াই আনিলে। শতকো অৰ্জন কৰিলে। মুম্বাইয়ে ১৬টা বল বাকী থকা অৱস্থাত ৭ উইকেটত জয়লাভ কৰে। সম্পূৰ্ণ সাৱলীলভাৱে আক্ৰমণাত্মক বেটিং কৰে সূৰ্য্যকুমাৰে।

ঘৰুৱা ক্ৰিকেটত সূৰ্য্যকুমাৰক ‘স্কাই’ বুলি কোৱা হয়। তেওঁৰ শৈলীৰ সৈতে চিনাকিসকলে কয় যে সূৰ্য্যকুমাৰে সঠিকভাৱে খেলিলে আকাশ চুব পাৰে। তেওঁৰ গুৰু খোদাদাদ ইয়াজদেগাৰ্ডিয়ে প্ৰায়েই কয়, উইকেটৰ সন্মুখত মিড অন, মিড অফ। কিন্তু সূৰ্যকুমাৰ যাদৱে দেখুৱাইছে যে উইকেটৰ পিছফালে মিড অন, মিড অফ থাকিব পাৰে। থাৰ্ড মেন ৰিজিঅ’নলৈ যোৱা ফাইন লেগটো সূৰ্য্যৰ মিড অন-মিড অফ। এই এলেকাৰ মাজেৰে সূৰ্যই সোমবাৰে বলটো বাউণ্ডেৰীলৈ প্ৰেৰণ কৰে। খেলখনৰ শেষত তেওঁক কোৱা শুনা গ’ল যে ১৪ ডিচেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে ২০ অভাৰ ফিল্ডিং কৰিলোঁ। প্ৰায় ১৮ অভাৰ বেটিং কৰিলোঁ। মই একেবাৰে ঠিকেই আছো।”

সূৰ্য্যৰ মুখত ৰণ জিকাৰ হাঁহি। তেওঁৰ বাবে হাৰ্দিক পাণ্ডিয়াৰ মুখতো ফুটিছে হাঁহি। মুগ্ধ ৱানখেড়ে। এই দৃশ্যটোৱে আই পি এলত হেৰাই গৈছিল। সূৰ্যকুমাৰ যাদৱৰ বেটিঙেৰে উভতি আহিছিল এটা যাদুকৰী নিশা। অৱশ্যে মুম্বাই ইণ্ডিয়ানছৰ এতিয়াও বহু দূৰ বাকী আছে। মুম্বাইয়ে আচলতে প্লে অফত প্ৰৱেশ কৰিব পাৰিবনে নাই সেয়া সময়েহে ক’ব। নিঃসন্দেহে পথটো কঠিন। কিন্তু এই দিনটোৰ বাবে মুম্বাইৰ ড্ৰেছিং ৰুমত বিশুদ্ধ অক্সিজেন বিয়পাই দিলে সূৰ্যকুমাৰ যাদৱে। মুম্বাইয়ে চাৰিখন মেচৰ অন্তত জয়লাভ কৰিলে।

মুম্বাইৰ বাবে কামটো বৰ সহজ নাছিল। মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই টছত জয়লাভ কৰি হায়দৰাবাদক প্ৰথমে বেটিং কৰিবলৈ প্ৰেৰণ কৰে। ৰাণৰ পাহাৰ তুলি আই পি এলত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে হায়দৰাবাদ। সোমবাৰে ২০ অভাৰত ৮ উইকেটত ১৭৩ ৰান সংগ্ৰহ কৰে। যদিও মাইকেল ক্লাৰ্কে খেলপথাৰ চোৱাৰ আগতে কৈছিল, এই খেলপথাৰত প্ৰায় ২০০ ৰান হব পাৰে। আঅষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে একো ভুল কোৱা নাছিল। হায়দৰাবাদ দলৰ সকলো বেটছমেন বিপজ্জনক। মাজত অস্থিৰ নহ’লে দুশ হ’লহেঁতেন৷

ৱানখেড়েৰ পিটছৰ সুযোগ লৈছিল মুম্বাইৰ বলাৰসকলে। আৰম্ভণিৰে পৰা বলে বেটত সঠিকভাৱে আঘাত কৰা নাছিল। হায়দৰাবাদৰ বেটছমেনসকলে সঠিকভাৱে টাইমিং কৰিব পৰা নাছিল। হাৰ্ডিক পাণ্ডিয়াই ৩১ ৰানত ৩টা উইকেট দখল কৰে। তেওঁ ফৰ্মলৈ ঘূৰি অহাৰ ইংগিতো দিয়ে। পিয়ুষ চাওলাইও তিনিটা উইকেট দখল কৰে। নিয়মীয়াকৈ হায়দৰাবাদৰ উইকেট পতন ঘটিছিল। তেওঁলোকৰ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে হেডে (৪৮)। বাকীবোৰে তেনেকৈ খেলিব পৰা নাছিল। কামিন্সে (৩৫) শেষৰ ফালে ৰান বৃদ্ধিৰ প্ৰচেষ্টা চলায়।

হায়দৰাবাদৰ ৰান চেজ কৰাৰ সময়ত মুম্বাইয়ে নিজকে বিপদত পেলাইছিল। ঈশান কিষাণ (৯), ৰোহিত শৰ্মা (৪) আৰু নমন ধীৰ (০) দ্ৰুতগতিত পুনৰ পেভলিয়নলৈ উভতি আহে। মুম্বাই তেতিয়া বেকফুটত। স্ক’ৰব’ৰ্ডত তেতিয়া মুম্বাইৰ তিনি উইকেটত ৩১ ৰান। যিদৰে পূৰ্বৰ মেচবোৰত মুম্বাইয়ে দিশহাৰা হৈছিল, সোমবাৰেও একেই লক্ষণ দেখা গ’ল। কিন্তু এই পৰিস্থিতিৰ পৰা সূৰ্য্যই মেচখন মুম্বাইৰ ড্ৰেছিং ৰুমলৈ লৈ গ’ল। তেওঁ নিজেই কৈছিল, ” তিনিটা উইকেট হেৰুৱাইছিলোঁ। শেষলৈকে টিকি থাকিব লগা হৈছিল।”

সূৰ্য্যই তেনেকুৱাই কৰিলে। তেওঁ সংগ লাভ কৰে তিলক ভাৰ্মাৰ (৩৭*)। ইফালে নিয়ৰ পৰি আৰু বলটো গধুৰ হৈ পৰিল। সূৰ্যকুমাৰে আন এটা অৱতাৰ ধৰিলে। ৱানখেড়েৰ উইকেট তেওঁৰ বাবে চিনাকি। অনুশীলনত সকলো অসম্ভৱ শ্বটৰ অনুশীলন কৰে। সেইদিনা পেট কামিন্স, ভুৱনেশ্বৰ সকলোকে নিৰ্দয়ভাৱে প্ৰহাৰ কৰিলে। কিন্তু সূৰ্য্যৰ-ধুমুহা স্তব্ধ কৰিব নোৱাৰিলে। সোমবাৰৰ ইনিংছৰ পিছত অনুৰাগীসকল আশাবাদী যে বিশ্বকাপতো সূৰ্য্য একেদৰেই জ্বলি উঠিব। সূৰ্যকুমাৰ যাদৱে সপোন দেখাবলৈ আৰম্ভ কৰিছে।

সংক্ষিপ্ত স্কোৰঃ

ছানৰাইজাৰ্ছ হায়দৰাবাদ ১৭৩/৮ (হেড ৪৮, হাৰ্দিক ৩/৩১, পীয়ুষ ৩/৩৩)

মুম্বাই ইণ্ডিয়ানছ ১৭৪/৩ (সূৰ্য্যকুমাৰ ১০২*, তিলক ৩৭*)

মুম্বাইয়ে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd