• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ সামগ্ৰিক বিকাশত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চৰম ব্যৰ্থ : ৰাজেশ শৰ্মা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 14, 2024 3:48 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“২০১৬ চনত জাতি- মাটি – ভেটি ৰক্ষাৰ শ্লোগান লৈ প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰে ক্ষমতাত অধিষ্ঠিত হৈছিল। ২০১৬ চনৰ পৰা ২০২১ চনলৈ ৫ বছৰ সৰ্বানন্দ সোনোৱাল চৰকাৰ আৰু ২০২১ চনৰ পৰা ২০২৪ চনলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ মুঠ ৮ টা বছৰ অসমৰ ৰাজনৈতিক ইতিহাসৰ চৰম ব্যৰ্থতাৰ সময়। ২০১৬ চনত অনুষ্ঠিত বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ বিজেপিয়ে ১০ বছৰৰ বাবে এক ভিজন ডকুমেন্ট প্ৰকাশ কৰিছিল। কিন্তু বিগত ৮ বছৰে বিজেপি নেতৃত্বাধীন চৰকাৰে ভিজন ডকুমেন্টৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। বিজেপি চৰকাৰৰ ৮ বছৰৰ ইতিহাস প্ৰতাৰণাৰ ইতিহাসত পৰিণত হৈছে।” অসমত বিজেপি চৰকাৰৰ ৮ বছৰীয়া ব্যৰ্থতাৰ প্ৰসংগত আজি গণেশগুৰিস্থিত আপ অসমৰ ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এই অভিযোগ উত্থাপন কৰে।

সংবাদমেলত দলৰ নেতাগৰাকীয়ে কয়,” অসমবাসীৰ বহু আকাংক্ষিত এন আৰ চি উন্নীতকৰণ হ’লেও সেয়া ত্ৰুটিমুক্ত নোহোৱাৰ অভিযোগত চৰকাৰে এন আৰ চি ৰূপায়নত ব্যৰ্থ হৈছে । এন আৰ চি ৰূপায়নৰ ক্ষেত্ৰত বিফল হোৱা চৰকাৰে বিদেশী বহিস্কাৰ কৰা দূৰৰে কথা “কা” (CAA) বলবৎ কৰাৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা কৰিছে। বিগত ৮ বছৰে বিজেপি চৰকাৰে অসম চুক্তিৰ ৬ নং দফাও কাৰ্যকৰী নকৰিলে।

Apply Now

পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দৰেই বৰ্তমানৰ ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰো সম্পূৰ্ণ ধাৰত চলা চৰকাৰ। ২০১৬ চনত চৰকাৰৰ ধাৰৰ পৰিমাণ আছিল ৩৫,৬৯০ কোটি টকা। বৰ্তমান ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হৈছেগৈ ১,৪২,০০০ কোটি টকা। ৰাজ্যখনৰ জনমূৰি ঋণৰ বোজা  ৪০ হাজাৰ টকা হৈছে। দলীয় আৰু সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হিতাধিকাৰী সৃষ্টি আৰু ঋণৰ বোজা বৃদ্ধিৰে ৰাজ্যৰ অৰ্থনীতি কোঙা কৰি পেলাইছে।”

সংবাদমেলত ভবেন চৌধুৰীৰ অভিযোগ,” ২০১৬ চনৰ পৰা ২০২৫ চনৰ ভিতৰত বিজেপি চৰকাৰে ৰাজ্যৰ ২৩ লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল। ২০২১ চনত নিৰ্বাচনী প্ৰতিশ্ৰুতি মতেও বছৰি ১ লাখ চৰকাৰী চাকৰি দিব বুলি ঘোষণা কৰিছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ পৰ্যবসিত হ’ল। মুখ্যমন্ত্ৰীয়ে সততে ঘোষণা কৰা দুৰ্নীতিমুক্ত, নিকা, স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াও ঘোষণাতে সীমাৱদ্ধ থাকিল।

অন্যহাতে, অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱন দায়িনী ঔষধৰ মূল্য বৃদ্ধিয়ে জনসাধাৰণক মাধমাৰ সোধালে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হ’ল। ইয়াৰ বিপৰীতে চৰকাৰে কৃষকৰ উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰিব পৰা নাই। কৃষকক আবন্টন দিয়া ৰাজ সাহায্যযুক্ত সামগ্ৰী আৰু কৃষি সঁজুলি বিতৰণৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ অনিয়ম সংঘটিত হৈছে।

ৰাজ্যৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী বিজেপি চৰকাৰে মানি নললে। ২০১৯চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু অৱশেষত চৰকাৰে প্ৰতাৰণাহে কৰিলে। দেশৰ ভিন্ন ৰাজ্যৰ ১৭ টাকৈ জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ল। মাথোঁ বঞ্চিত হ’ল অসমৰ ছয় জনগোষ্ঠী।

আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ ক্ষেত্ৰতো বিফল ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। প্ৰতিখন চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ এতিয়াও বিদ্যমান। আনহাতে, বহিঃৰাজ্যৰ পৰা ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহ চৰকাৰে ৰোধ কৰিব পৰা নাই। মাদক দ্ৰব্যৰ প্ৰচলন বৃদ্ধি পোৱাৰ সময়তে ৰাজ্যৰ আবকাৰী বিভাগে প্ৰতিদিনে ৪,৫০০ লিটাৰ মদ বিক্ৰী কৰিবলৈ মদৰ বিপনী সমূহলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে।

আনহাতে জল জীৱন আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানীৰ যোগান মাথোঁ শ্লোগান হৈয়েই থাকিল। গুৱাহাটী মহানগৰীৰ খোৱাপানীৰ সংকট সমাধানত চূড়ান্ত ব্যৰ্থ হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ইয়াৰ মাজতে ৰাজ্যত অস্বাভাৱিক হাৰত বিদ্যুত মাচুল বৃদ্ধিৰে সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন মাৰিলে।”

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিফলতা সন্দৰ্ভত আপৰ অভিযোগ – বিজেপি চৰকাৰৰ বিগত ৮ বছৰে অসমৰ চৰকাৰী শিক্ষাখণ্ড ধ্বংসস্তুপত পৰিণত হোৱাৰ উপক্ৰম হৈছে। চৰকাৰে ৰাজ্যৰ ৮ হাজাৰতকৈও অধিক চৰকাৰী বিদ্যালয় বন্ধ কৰিছে। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মান বা উন্নীতকৰণত ব্যৰ্থ হৈছে। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পৰা নাই। পৰীক্ষাৰ ফলাফল ঘোষণাৰ ক্ষেত্ৰতো সীমাহীন বিসংগতিয়ে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ দায়িত্বজ্ঞানহীনতা উদঙাই দিছে।

ৰাজ্যৰ চাহ বাগিছা অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ অৱস্থা তথৈবচ। বাগিছা অঞ্চলৰ ৪২১ খন বিদ্যালয় চৰকাৰে প্ৰাদেশিকীকৰণ নকৰিলে। পৰ্যাপ্ত স্বাস্থ্য সেৱাৰ পৰাও চাহ শ্ৰমিক সকলক চৰকাৰে বঞ্চিত কৰি ৰাখিলে। চাহ বাগিছা অঞ্চলৰ লোকৰ মাটিৰ পট্টা নিদিলে। বাগিছা শ্ৰমিকৰ দৈনিক মজুৰিও ২৩২ টকাৰ পৰা ৩৫১ টকালৈ বৃদ্ধি নকৰিলে। এয়া জনগোষ্ঠীটোৰ প্ৰতি চৰকাৰৰ প্ৰৱঞ্চনা।

বৰাক উপত্যকাৰ আৰ্থ সামাজিক উন্নয়নত বিফল ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ” সংবাদমেলত আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীৰ লগতে উপ- সভাপতি মনোজ ধানোৱাৰ, দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজা আৰু মুখপাত্ৰ পুনম গগৈ উপস্থিত থাকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd