• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লোকসভাৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ :  উত্তৰ প্ৰদেশৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব কেইবাজনো ‘হেভিৱেট’ প্ৰাৰ্থীয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 17, 2024 4:15 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২০ মে’ত পঞ্চম পৰ্যায়ত অনুষ্ঠিত হ’ব উত্তৰ প্ৰদেশৰ ১৪টা লোকসভা সমষ্টিৰ নিৰ্বাচন। কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে কঠিন পৰীক্ষাত অৱতীৰ্ণ হ’ব অহা ২০ মে’ত। এই হেভীৱেট প্ৰাৰ্থীৰ তালিকাত আছে বিজেপিৰ ৰাজনাথ সিং, স্মৃতি ইৰানী আৰু কংগ্ৰেছৰ ৰাহুল গান্ধী।

পঞ্চম পৰ্যায়ত মোহনলালগঞ্জ, লক্ষ্ণৌ, ৰায়ে বৰেলী, আমেথি, জালাউন, ঝান্সী, হামিৰপুৰ, বাণ্ডা, ফাতেহপুৰ, কৌশম্বী, বাৰাবংকি, ফৈজাবাদ, কাইজাৰগঞ্জ আৰু গোণ্ডাকে ধৰি ১৪টা লোকসভা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

Apply Now

২০১৯ চনৰ লোকসভা নিৰ্বাচনত এই ১৪খন আসনৰ ভিতৰত ১৩খন আসনতেই বিজেপিয়ে জয়লাভ কৰিছিল। মাত্ৰ ১ টা সমষ্টি(ৰায়ে বৰেলী)ৰ পৰাহে কংগ্ৰেছৰ প্ৰাৰ্থী ছোনিয়া গান্ধীয়ে জয় লাভ কৰে।

উল্লেখ্য যে ৰায়ে বৰেলী কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত। ৰাহুল গান্ধীয়ে চলিত লোকসভাত ৰায়ে বৰেলীৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে দীনেশ প্ৰতাপ সিঙে।

আনহাতে, ২০ মে’ত কংগ্ৰেছৰ আন এক দুৰ্গ আমেথিতো ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ৰাহুল গান্ধীক পৰাস্ত কৰি বিজেপিৰ স্মৃতি ইৰাণীয়ে সেই আসন লাভ কৰিছিল।

চলিত লোকসভা নিৰ্বাচনত ইৰানীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ কে এল শৰ্মাই।

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ সমষ্টিৰ তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক প্ৰক্ষেপ কৰিছে বিজেপিয়ে। ২০১৪ আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত তেওঁ একেৰাহে দুবাৰকৈ লক্ষ্ণৌৰ পৰা নিৰ্বাচিত হৈছিল। বৰ্তমানৰ লোকসভাত তেওঁৰ প্ৰতিদ্বন্দ্বী হ’ল – এছ পিৰ ৰবিদাস মেহৰোত্ৰা আৰু বিএছপিৰ সৰৱাৰ মালিক।

পঞ্চম পৰ্যায়ৰ আন এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে কৈছেৰগঞ্জ। যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ পুত্র কৰণ ভূষণ সিঙক উক্ত সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে বিজেপিয়ে। কৰণ সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে এছপিৰ ভগত ৰাম মিশ্ৰ আৰু বিএছপিৰ নৰেন্দ্ৰ পাণ্ডেই।

উল্লেখ্য যে বিতৰ্কিত আৰু যৌন নিৰ্যাতনৰ অভিযুক্ত ব্ৰীজ ভূষণ সিঙক এইবাৰ প্ৰাৰ্থীত্ব প্ৰদান কৰা নাই ভাৰতীয় জনতা পাৰ্টিয়ে।

আনহাতে বিদায়ী সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে মোহনলালগঞ্জৰ পৰা বিজেপিৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াইছে। তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এছপিৰ আৰ কে চৌধুৰী আৰু বিএছপিৰ ৰাজেশ কুমাৰে।

কংগ্ৰেছে ঝান্সীৰ পৰা প্ৰক্ষেপ কৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰদীপ জৈনক। তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপিৰ প্ৰাৰ্থী অনুৰাগ শৰ্মাই।

কেন্দ্ৰীয় মন্ত্ৰী ভানু প্ৰতাপ সিং ভাৰ্মাই ষষ্ঠবাৰৰ বাবে জালাউন সমষ্টিৰ পৰা বিজেপিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে। উক্ত সমষ্টিৰ পৰা ভাৰ্মাই দুবাৰকৈ জয় লাভ কৰিছে।

আনহাতে বাণ্ডাত বিদায়ী সাংসদ আৰ কে সিঙক বিজেপিয়ে টিকট দিছে। তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে এছ পিৰ কৃষ্ণ দেৱী পেটেল আৰু বিএছপিৰ প্ৰাক্তন নেতা প্ৰয়াত পুৰুষোত্তম নৰেশ দ্বিবেদীৰ পুত্ৰ বিএছপিৰ মায়ংক দ্বিবেদীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী তথা বিদায়ী সাংসদ সাধৱী নিৰঞ্জন জ্যোতি ফতেহপুৰত বিজেপিৰ প্ৰাৰ্থী। সেই সমষ্টিৰ পৰা তেওঁ দুবাৰৰ সাংসদ। এছ পিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি নৰেশ উত্তম পেটেলে তেওঁৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে।

বিজেপিৰ সাংসদ বিনোদ সোণকাৰ এইবাৰ কৌশম্বী লোকসভাৰ আসনৰ প্ৰাৰ্থী। ২৫ বছৰীয়া পুষ্পেন্দ্ৰ সৰোজে তেওঁৰ বিৰুদ্ধে এছ পিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। পুষ্পেন্দ্ৰ হৈছে এছ পি নেতা ইন্দ্ৰজিৎ সৰোজৰ পুত্ৰ।

বাৰাবাংকি লোকসভাৰ আসনত বিজেপিৰ ৰাজৰাণী ৰাৱট আৰু কংগ্ৰেছৰ তনুজ পুনিয়ায়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

ফৈজাবাদৰ বৰ্তমানৰ বিজেপি সাংসদ লল্লু সিঙে তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰবীণ এছ পি ৰাজনীতিবিদ আবদেশ প্ৰসাদৰ বিৰুদ্ধে।

গোণ্ডা লোকসভাৰ সমষ্টিত বিজেপি পৰা সাংসদ কীৰ্তি বৰ্ধন সিং আৰু এছ পিৰ শ্ৰেয়া ভাৰ্মাই প্ৰতিদ্বন্দ্বিতা কৰিছে। শ্ৰেয়া প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বেনী প্ৰসাদ ভাৰ্মাৰ নাতিনী। এই নিৰ্বাচন তেওঁৰ ৰাজনৈতিক অভিষেক।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd