• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণত হেলিকপ্টাৰ দুৰ্ঘটনাত ‘সন্ধানহীন’ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি, বৈদেশিক মন্ত্ৰী আব্দুল্লাহিয়ান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2024 7:29 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় অসহায় হৈ অপেক্ষাৰত উদ্ধাৰকাৰী দলৰ গাড়ী। কিন্তু একোৱে যে দেখা নাযায়। চাৰিওফালে ঘন কুঁৱলীৰে আবৃত, লগতে কিনকিনিয়া বৰষুণ। সকলোৰে মনত এটাই প্ৰশ্ন। ক’লৈ গ’ল ৰাষ্ট্ৰপতিগৰাকী?

ইৰাণৰ চৰকাৰী সংবাদ সংস্থা আইআৰএনএ-ই প্ৰকাশ কৰা অনুসৰি ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি হয়তো এক ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে। অৱশ্যে সেয়া এক শংকা হৈয়ে ৰৈছে কিয়নো এতিয়াও জানিব পৰা হোৱা নাই সঠিকভাৱে কি হৈছিল।

ইৰাণ চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে হেলিকপ্টাৰেৰে ইৰাণৰ সুদূৰ উত্তৰ অংশৰ পূব আজাৰবাইজান প্ৰদেশলৈ গৈ আছিল। আইআৰএনএ-ৰ তথ্য অনুসৰি বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ান সম্ভৱতঃ একেখন হেলিকপ্টাৰতে ৰাষ্ট্ৰপতি ৰাইছিৰ সৈতে আছিল।

Apply Now

লগতে পঢ়কঃ মাজ আকাশত দপদপাই জ্বলি উঠিল ইঞ্জিন : আয়ুসত চাউল আছিল ১৭৯ জন যাত্ৰীৰ

বেয়া বতৰৰ বাবে হঠাৎ হেলিকপ্টাৰখনৰ সৈতে যোগাযোগ বিছিন্ন হৈ যায়। কিন্তু ই ভাঙি পৰিছে নে নাই সেই সন্দৰ্ভত এতিয়াও নিশ্চিত খবৰ পোৱা হোৱা নাই। এই আশংকা বৃদ্ধি কৰি ইৰাণৰ কেইবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে এতিয়ালৈকে কোনো ধৰণৰ যোগাযোগ হোৱা নাই।

বাতৰি মতে এখন নহয়, ৰাইছিয়ে পূব আজাৰবাইজানৰ পৰা উভতি আহিছিল প্ৰকৃততে তিনিখন হেলিকপ্টাৰৰ কনভয়ত। আৰ্মেনিয়া আৰু আজাৰবাইজানৰ সীমান্তৱৰ্তী এই অঞ্চলটো অত্যন্ত ঠেক আৰু পাহাৰীয়া। তাৰ উপৰি কিছুদিন ধৰি বতৰ বেয়া আছিল। ইয়াৰ কাষৰীয়া চহৰখন ইৰাণৰ অন্যতম চহকী ঐতিহাসিক আৰু সাংস্কৃতিক কেন্দ্ৰ পূব আজাৰবাইজানৰ ৰাজধানী টাব্ৰিজ।

উভতি অহাৰ পথত পাহাৰীয়া অঞ্চলৰ মাজেৰে উৰি যাওঁতে ঘন কুঁৱলী আৰু বৰষুণত নিয়ন্ত্ৰণ হেৰুৱালে হেলিকপ্টাৰৰ পাইলটে। কিন্তু আচলতে ভাঙি পৰিছে নে নাই, সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।

লগতে পঢ়কঃ দুগুণলৈ বৃদ্ধি পাইছে হিমালয়ৰ ৬৭৬ টা হ্ৰদৰ আয়তন, জলবায়ুৰ সংকটক লৈ চিন্তিত হৈ পৰিছে পৰিৱেশকৰ্মী

ৰয়টাৰৰ সূত্ৰ অনুসৰি সেই হেলিকপ্টাৰখনত সম্ভৱতঃ ৰাষ্ট্ৰপতি ৰাইছি আৰু বৈদেশিক মন্ত্ৰী আব্দুল্লাহিয়ান আছিল। কিন্তু হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হ’লেও সঠিকভাৱে ক’ত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু ৰাইছি আৰু আন লোকসকল নিৰাপদে আছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

ইৰাণৰ গৃহ মন্ত্ৰী আহমেদ ৱাহিদীয়ে স্থানীয় টিভি চেনেলৰ আগত কয় যে হেলিকপ্টাৰখন নামি যোৱাৰ তথ্য তেওঁৰ হাতত আছে। কিন্তু ইয়াতকৈ বেছি প্ৰায় একো জনা নাযায়। ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰকাৰী দলটোক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু দলটোৰ মুখপাত্ৰ বাবাক য়েকতাপাৰষ্টে কয় যে ঘন কুঁৱলীৰ বাবে তেওঁলোকৰ উদ্ধাৰকাৰী হেলিকপ্টাৰখনে অভিযান চলাব পৰা নাই। আন এক সূত্ৰই দাবী কৰিছে যে ৰাইছি হেলিকপ্টাৰখনত নাছিল, তেওঁ স্থলপথেৰে উভতি আহিছিল।

৬৩ বছৰীয়া ইব্ৰাহিম ৰাইছিয়ে শনিবাৰে আজাৰবাইজান ভ্ৰমণ কৰে। তাত তেওঁ আজাৰবাইজানৰ ৰাষ্ট্ৰপতিৰ সৈতে যৌথভাৱে এটা বান্ধ উদ্বোধন কৰে। চুবুৰীয়া ৰাষ্ট্ৰ আজাৰবাইজানৰ সৈতে ইৰাণৰ সম্পৰ্ক ভাল নহয়। ইজৰাইলৰ সৈতে আজাৰবাইজানৰ দ্বিপাক্ষিক সম্পৰ্ক চলি আছে। সেইটোত ইৰাণৰ তীব্ৰ অপছন্দ। ইয়াৰ পিছতে উত্তৰ ইৰাণ ভ্ৰমণ সম্পূৰ্ণ কৰি ৰাজধানী তেহৰাণলৈ উভতি আহিছিল ৰাষ্ট্ৰপতিগৰাকী। কিন্তু তাৰ মাজতে অঘটনটো ঘটিল। প্ৰায় ৬০০ কিলোমিটাৰ দূৰৈত তেওঁৰ কনভয়ৰ এখন হেলিকপ্টাৰ পূব আজাৰবাইজানৰ পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয়।

লগতে পঢ়কঃসোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?

পশ্চিমীয়া কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইৰাণৰ বায়ুসেনাৰ প্ৰায় সকলো হেলিকপ্টাৰেই অতি পুৰণি। পশ্চিমীয়া দেশৰ ধাৰাবাহিক নিষেধাজ্ঞাৰ বাবে ইৰাণে শেহতীয়া যন্ত্ৰাংশও আমদানি কৰিব নোৱাৰে। এই মুহূৰ্তত ইৰাণৰ জনসাধাৰণে বিচাৰিছে ৰাষ্ট্ৰপতিগৰাকী সুস্থভাৱে ঘূৰি আহক। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

ইউটিউবেই শিক্ষাগুৰু : কোচিং অবিহনেই চাৰি বছৰত তিনিবাৰকৈ ইউ পি এছ চি উত্তীৰ্ণ হ’ল এইগৰাকী যুৱতী

June 16, 2026 4:58 pm
পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

পাঠদানৰ তিনিমাহ উকলিল, তথাপিও কিতাপ নাপালে শিক্ষাৰ্থীয়ে, শিক্ষা পৰিষদৰ অধ্যক্ষৰ ৰহস্যজনক নীৰৱতা

June 16, 2026 4:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd