• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত যুৱকৰ মৃত্যুত উত্তপ্ত পৰিস্থিতি; দুই আৰক্ষী বিষয়া, এজন হোমগাৰ্ড নিলম্বিত ,ডঃ দিব্যজ্যোতি শইকীয়াৰ গৰিহণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2024 8:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লখিমপুৰ সদৰ থানাৰ অন্তৰ্গত খেলমাটি আৰক্ষী চকীত কালি নিশা এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি আজি পুৱাৰ ভাগত খেলমাটিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ যে যোৱা নিশা পূৱ চান্দমাৰীৰ আশ্রফ আলী [৪২] নামৰ যুৱকজনৰ আৰক্ষীৰ জিম্মাত ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি এনে পৰিস্থিতিৰ সূচনা হয়৷ আজি একাংশ লোকে উত্তেজিত হৈ আৰক্ষীৰ লগতে খেলমাটি আৰক্ষী চকীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষীয়ে উত্তেজিত প্ৰতিবাদকাৰীক খেদি পঠাবলৈ প্ৰথমে লাঠি চলনা কৰাৰ পিছত শূন্যলৈ গুলী চলাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাত সাংবাদিক, আৰক্ষী সহ কেবাজনো লোক আহত হয়৷ ইফালে উত্তেজিত লোকে কেবাখনো বাহনৰ ক্ষতিসাধন কৰে৷

এই ঘটনাৰ পিছতে অসম আৰক্ষীয়ে তাৎক্ষণিক ভাৱে দুজনকৈ আৰক্ষী বিষয়াক নিলম্বন কৰাৰ লগতে সমগ্ৰ ঘটনাৰাজিৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি যোৱা নিশা খেলমাটি আৰক্ষীয়ে চুৰি হোৱা এটা মোবাইলৰ সন্দৰ্ভত পূৱ চান্দমাৰীৰ পৰা আশ্রফ আলী নামৰ যুৱকজনক আটক কৰি থানালৈ আনে৷ কেইদিনমান পূৰ্বে এটা মোবাইল চুৰি হোৱা বুলি এজন লোকে খেলমাটি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল আৰু উক্ত চুৰি মোবাইলটো আশ্রফ আলীয়ে ব্যৱহাৰ কৰি থকা বুলি আৰক্ষীয়ে জানিব পাৰি যোৱা নিশা সোধপোছৰ বাবে আশ্রফ আলীক থানালৈ অনা হয়৷

এই সন্দৰ্ভত আৰক্ষীয়ে চান্দমাৰীৰ ৰহমান আলী, পশ্চিম চান্দমাৰীৰ হানিফ আলিকো গ্ৰেপ্তাৰ কৰি থানালৈ আনে৷ একেদৰে চুৰি মোবাইল সন্দৰ্ভত আৰক্ষীয়ে চুৰি মোবাইল ক্ৰয় কৰা পশ্চিম চান্দমাৰীৰ আজিজ আহমেদ, ৰাওনাপুৰৰ ফকৰুদ্দিন আলি আৰু পূৱ চান্দমাৰীৰ আশ্রফ আলিকো থানালৈ অনা হয়৷ ইয়াৰে হানিফ আলি আৰু ৰহমান আলিক আৰক্ষীয়ে মোবাইল চোৰৰ সন্দেহত আৰু বাকী তিনিজনক চুৰি মোবাইল ক্ৰয় কৰাৰ সন্দৰ্ভত আটক কৰি থানালৈ আনে যদিও ইয়াৰে আশ্রফ আলিৰ যোৱ নিশা খেলমাটি আৰক্ষী চকীতে ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয়৷

ইফালে আশ্রফ আলিক আৰক্ষীয়ে মাৰধৰ কৰাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ তোলাৰ লগতে মৃত আশ্রফ আলিৰ ভতিজাক ফইজুল হক নামৰ যুৱকজনে অভিযোগ কৰা অনুসৰি হেৰোৱা মোবাইলৰ গৰাকীয়ে আ৷ ফ আলিক নিশা থানাত আহি আৰক্ষীৰ উপস্থিতিত মাৰ ধৰ কৰাৰ ফলতে তেওঁৰ মৃত্যু হয়৷ আনহাতে আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি আশ্রফ আলিক বহুৱাই ৰখা অৱস্থাত ঢলি পৰাত নিশাই আশ্রফ আলিক লখিমপুৰ মেডিকেল কলেজলৈ লৈ যোৱা হয়৷ কিন্তু চিকিৎসকে পৰিয়ালৰ লোকক অৱগত কৰা অনুসৰি যুৱকজনৰ ইতিপূৰ্বেই মৃত্যু ঘটিছে৷

এই ঘটনাৰ খবৰ পুৱা সকলোৱে লাভ কৰাৰ পিছত আজি পুৱা প্ৰায় ১০ মান বজাত সহস্ৰাধিক লোক ওলাই আহি খেলমাটি থানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত আৰক্ষীয়ে প্ৰথম অৱস্থাত তেওঁলোকক বুজনি দিবলৈ চেষ্টা কৰে যদিও ইয়াৰ পিছতে একাংশ লোকে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাত আৰক্ষী পিছুৱাই আহে যদিও উত্তেজিত লোকসকলে আগুৱাই আহি খেলমাটি থানালৈ শিলগুটি নিক্ষেপ কৰাত একাধিক আৰক্ষীৰ লগতে লখিমপুৰৰ চাৰিজনকৈ সংবাদকৰ্মী আহত হয়৷

উক্ত ঘটনাত প্ৰাগ নিউজৰ লখিমপুৰৰ সাংবাদিক কুশল শইকীয়া’ ভিডিঅ জাৰ্নেলিষ্ট ৰণটো দত্ত ,ভৱেন বৰুৱা, চিৰঞ্জিৎ শইকীয়া আহত হয়৷ এই ঘটনাৰ পিছতে আৰক্ষীয়ে লাঠি চালনা কৰিবলৈ বাধ্য হোৱাৰ শূন্যলৈ গুলী চালানা কৰি উত্তেজিত লোকসকলক খেদি পঠায় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যিদও এই ঘটনাত আৰক্ষীৰ দুখন বলেৰ বাহনৰ লগতে কেবাখনো ব্যক্তিগত বাহনৰ ক্ষতিসাধন হয়৷ উত্তেজিত লোকসকলে খেলমাটি থানাৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথত বহুসময় ধৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত পথৰ দুয়োদিশে যানবাহন আবদ্ধ হৈ পৰাৰ লগতে সমগ্ৰ খেলমাটি অঞ্চলত একা শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সূচনা হয়৷

এই ঘটনাৰ পিছতে আৰক্ষীয়ে তাৎক্ষণিক ভাৱে ঘটনাৰ লগত জড়িত জাহাংগীৰ আলি নামৰ দুষ্কৃতিকাৰীজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে ঘটনা সন্দৰ্ভত মৃত আ৷ ফ আলিৰ ভতিজাক ফইজুল হকে লখিমপুৰ আৰক্ষীক এজাহাৰ দাখিল কৰে৷ ঘটনাৰ পিছতে অসম আৰক্ষীয়ে খেলমাটিৰ উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীপাংকৰ চাংমাই আৰু চন্তুৰী ভৈৰাম দেউৰী আৰু গৃহৰক্ষী জোৱান অনিল বৰাক তাৎক্ষণিক ভাৱে চাকৰিৰ পৰা নিলম্বিত কৰে৷

একেদৰে জিলা আয়ুক্তই ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্ত দিয়াৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বিশ্বনাথ জিলাৰ এজন অতিৰিক্ত আৰক্ষী অধীক্ষকক নিৰপেক্ষ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে৷ উত্তৰ অসমৰ ডি আই জিকো তাৎক্ষণিক ভাৱে লখিমপুৰলৈ আহি ঘটনাৰ সবিশেষ বুজ লোৱাৰ নিৰ্দেশ দিয়ে৷ এই বাতৰি লেখাৰ সময়লৈকে সমগ্ৰ লখিমপুৰৰ খেলমাটি অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰি আছে৷ আনহাতে আজিৰ এই ঘটনাত গৰিহণা দিয়াৰ লগতে আৰক্ষীৰ কাষ্টদীত সন্দেহজনক অভিযুক্তৰ মৃত্যুক আৰক্ষীৰ দায়িত্বহীন কাৰ্য বুলি অভিহিত কৰি ডঃ দিব্যজ্যোতি শইকীয়াই এনে আৰক্ষীৰ লোকক নিলম্বন যথেষ্ট নহয় বুলি তেওঁ মত ব্যক্ত কৰে।
লগতে এই ঘটনাই ভয়ংকৰ মানৱ অধিকাৰ উলংঘন কৰিছে বুলি ডঃ শইকীয়াই উল্লেখ কৰে৷ এই বিষয়টিক মানৱ অধিকাৰ আয়োগক গুৰুত্ব সহকাৰে লবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd