লাহে লাহে আমি চাৰি জুনৰ ফালে গৈ আছোঁ।সকলোৰে মাজত উৎকন্ঠা, চেপা উত্তেজনা।নিৰ্বাচনৰ ফলাফল কি হ’ব? মাজতে শুনিলোঁ এদিন প্ৰধানমন্ত্ৰী মোদীয়ে কোনো নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই। অফিছত বহি কিবা কাম কৰিছে। ফাইলত চহী কৰিছে। চৰকাৰী কাম-কাজ বাদ দি দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে কেনেকৈ সপ্তাহৰ পিছত সপ্তাহ নিৰ্বাচনী প্ৰচাৰ চলাই থাকিব পাৰে? অসমৰ মুখ্যমন্ত্ৰীজনেও ঠিক সেইটোৱে কৰি থকা নাই জানো? আজি কিমানদিন হ’ল তেওঁ ৰাজ্যখনৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰ চলাই ঘূৰি ফুৰিছে।মানে শয়নে সপোনে বছৰটোৰ সৰহভাগ সময়ত তেওঁলোকে এটা কথাই ভাবি থাকে – কি কৰি নিৰ্বাচন জিকিব পাৰি, এদনীয়াকৈ ক্ষমতাত থাকিব পাৰি।
নিৰ্বাচনী ব্যস্ততাৰ মাজতে দিল্লীলৈ ঘূৰি আহি মোদীয়ে কি ফাইলত চহী কৰিলে? ইতিমধ্যে আমি গম পাইছোঁ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকা সময়তে সচিব পৰ্যায়ৰ ভালেমান বিষয়াক বদলি কৰা হ’ল।সৈন্য বাহিনীৰ মুখ্যাধিনায়ক জেনেৰেল মনোজ পাণ্ডেৰ কাৰ্যকাল বঢ়াই দিয়া হ’ল। আমি আকৌ জানিব পাৰিলোঁ যে যোৱা ২১ তাৰিখে দেশৰ অতি গুৰুত্বপূৰ্ণ ঠাইত মানে নগৰ চহৰৰ মাজ মজিয়াত থকা বি এচ এন এল আৰু এম টি এনলৰ ১১৯ টা সম্পত্তি বিক্ৰী কৰিবলৈ নিবিদা জাৰি কৰা হ’ল। সাধাৰণ ৰাইজ, বিৰোধী ৰাজনৈতিক দলে ৰাজহুৱা সম্পদ বিক্ৰীৰ বিৰোধিতা কৰি থকাৰ সময়তে, নিৰ্বাচনৰ মাজতে তেওঁলোকে লাখ কোটি টকাৰ ৰাজহুৱা সম্পদ বিক্ৰীৰ সিদ্ধান্ত ল’লে।
মাত্ৰ কেইদিনমান পিছতে নতুন চৰকাৰ এখন আহিব। তাৰ আগতে কিয় ইমান ততাতৈয়াকৈ তত্ববাধয়ক চৰকাৰে এইবোৰ সিদ্ধান্ত ল’ব লগা হ’ল? এইবোৰৰ ৰহস্য কি? আকৌ মাজতে শুনিলোঁ কিবা গোপন সভাৰ কথা।কিমান সঁচা কিমান মিছা নাজানো।সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্বকলৈও হেনো এতিয়া কিবা গুণাগঁঠা চলি আছে। চাৰি জুনৰ নিৰ্বাচনৰ ফলাফলৰ লগত এইবোৰৰ কিবা সম্পৰ্ক আছেনে নাই? বিভিন্ন মহলত এইবোৰ কথাই এতিয়া চৰ্চা লাভ কৰিছে। কিবা কাৰণে যদি ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনত হাৰে দেশত ক্ষমতাৰ হস্তান্তৰ শান্তিপূৰ্ণভাবে হ’বনে? বহুতেই এই কথাটোও আলোচনা কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে আজি দহ বছৰে এখনো সংবাদ মেল দিয়া নাই। সেই কালিমাৰ পৰা বাচিবলৈ এতিয়া বচা বচা সাংবাদিকক তেওঁ দিনৌ সাক্ষাৎকাৰ দিবলৈ আৰম্ভ কৰিছে। তেনে সাক্ষাৎকাৰ এটাতে তেওঁ গান্ধীজী সম্পৰ্কে সেই অদ্ভুৎ মন্তব্যটো কৰিলে। আকৌ আজি দুমাহে নিৰ্বাচনী প্ৰচাৰৰ নামত অশিক্ষিত, অৰ্দ্ধ-শিক্ষিত অজলা মানুহক ভুৰুকাবলৈ মোদীয়ে কিমান যে নক’বলগীয়া কথা ক’লে? সেইবোৰ কৈ কৈ সমগ্ৰ দেশৰ বাতাবৰণেই তেওঁ বিষাক্ত কৰি পেলালে। এতিয়া নিৰ্বাচনী প্ৰচাৰ বন্ধ হোৱাৰ পিছত তেওঁ আৰু এটা নতুন চমক দিবলৈ আৰম্ভ কৰিছে। হাজাৰ হাজাৰ নিৰপত্তাৰক্ষী লগত লৈ কন্যাকুমাৰীৰ বিবেকানন্দ স্মৃতি স্তম্ভত ধ্যানত বহিছে। চৰকাৰী পইছাৰ শৰাধ কৰি কি অদ্ভুৎ কাণ্ড! উদ্দেশ্য এটাই – প্ৰচাৰ। যিকোনো প্ৰকাৰে ক্ষমতাত থাকিবলৈ মোদীৰ কি দুৰ্বাৰ হাবিয়াস। কিন্তু চাৰি জুনত চৰকাৰ কাৰ হ’ব? সেইটো এতিয়া হাজাৰ টকীয়া নহয় কৌটি টকীয়া প্ৰশ্ন। এক অনিশ্চিত ভৱিষ্যৎ!
কিন্তু এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে গণতন্ত্ৰ মাথোঁ এটা কিতাপৰ শব্দ নহয়, সি মানুহৰ জীৱনৰ লগত জড়িত এক কেন্দ্ৰীয় বাগধাৰা। এইবাৰ নিৰ্বাচনত জনসাধাৰণে জীৱন জীৱিকাৰ বাবে যুঁজিছে। গণতন্ত্ৰৰ লগত মানুহৰ বাক-স্বাধীনতা কেনেকৈ জড়িত আৰু বাক-স্বাধীনতাৰ লগত জীৱিকা আৰু অৰ্থনৈতিক সমতাৰ কি সম্পৰ্ক – সেইবোৰ কথা যেন এই নিৰ্বাচনটোৱে মানুহৰ মাজলৈ লৈ আনিছে। প্ৰখ্যাত অৰ্থনীতিবিদ টমাচ পিকেট্টিৰ ‘Capital in the Twenty-First Century’ নামৰ গ্ৰন্থখন সমগ্ৰ বিশ্বতে এখন বহু চৰ্চিত গ্ৰন্থ। পিকেট্টিয়ে সেই কিতাপখনত কোৱা কথাবোৰৰে যেন এতিয়া অনুশীলন হৈ আছে ভাৰতবৰ্ষৰ নিৰ্বাচনত। জনসাধাৰণ, নাগৰিক সমাজ আৰু ৰাজনৈতিক দলৰ বাবেই যে এই নিৰ্বাচনটো গুৰুত্বপূৰ্ণ তেনে নহয়, কলেজ, বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান, সমাজবিজ্ঞান বা আন যিকোনো বিভাগৰ বাবে এই নিৰ্বাচনটো গুৰুত্বপূৰ্ণ। কিয়নো দেশত যদি মুক্তচিন্তাৰ পৰিবেশে নাথাকে শিক্ষা থাকিব কেনেকৈ? শিক্ষা আৰু মুক্তচিন্তা এটা আনটোৰ ইপিঠি-সিপিঠি। সেয়ে শিক্ষা ক্ষেত্ৰত থকা লোকসকল, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল এই নিৰ্বাচনটো সম্পৰ্কে কেনেকৈ উদাসীন আৰু নিৰ্লিপ্ত হৈ থাকিব পাৰে? এইবোৰ শ্ৰেণী কোঠাত আলোচনাৰ যোগ্য বিষয় নহয় জানো?এই জীৱন্ত কথাবোৰ যদি ছাত্ৰ-শিক্ষকৰ মাজত আলোচনা নহয় কি কথা আলোচনা হ’ব? শিক্ষা কেৱল কিতাপৰ মাজত থকা কিছুমান বিমূৰ্ত ধ্যান-ধাৰণা নহয়। সেইকাৰণেই যোৱা ১৩ মে’ৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগে আয়োজন কৰা প্ৰসিদ্ধ ইতিহাসবিদ আদিত্য মুখাৰ্জীৰ বক্তৃতাটি বৰ্তমান সময়ৰ কাৰণে বৰ প্ৰাসংগিক আছিল।