• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

লাহে লাহে আমি চাৰি জুনলৈ গৈ আছোঁ

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 1, 2024 10:22 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাহে লাহে আমি চাৰি জুনৰ ফালে গৈ আছোঁ।সকলোৰে মাজত  উৎকন্ঠা, চেপা উত্তেজনা।নিৰ্বাচনৰ ফলাফল কি হ’ব? মাজতে শুনিলোঁ এদিন  প্ৰধানমন্ত্ৰী মোদীয়ে কোনো নিৰ্বাচনী প্ৰচাৰ চলোৱা নাই। অফিছত বহি কিবা কাম কৰিছে। ফাইলত চহী কৰিছে। চৰকাৰী কাম-কাজ বাদ দি দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে কেনেকৈ সপ্তাহৰ পিছত সপ্তাহ  নিৰ্বাচনী প্ৰচাৰ চলাই থাকিব পাৰে? অসমৰ মুখ্যমন্ত্ৰীজনেও ঠিক সেইটোৱে কৰি থকা নাই জানো? আজি কিমানদিন হ’ল তেওঁ ৰাজ্যখনৰ বাহিৰত নিৰ্বাচনী প্ৰচাৰ চলাই ঘূৰি ফুৰিছে।মানে শয়নে সপোনে বছৰটোৰ সৰহভাগ সময়ত তেওঁলোকে এটা কথাই ভাবি থাকে – কি কৰি নিৰ্বাচন জিকিব পাৰি, এদনীয়াকৈ ক্ষমতাত থাকিব পাৰি।

নিৰ্বাচনী ব্যস্ততাৰ মাজতে দিল্লীলৈ ঘূৰি আহি মোদীয়ে কি ফাইলত চহী কৰিলে? ইতিমধ্যে  আমি গম পাইছোঁ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকা সময়তে সচিব পৰ্যায়ৰ ভালেমান বিষয়াক বদলি কৰা হ’ল।সৈন্য বাহিনীৰ মুখ্যাধিনায়ক জেনেৰেল মনোজ পাণ্ডেৰ কাৰ্যকাল বঢ়াই দিয়া হ’ল। আমি আকৌ জানিব পাৰিলোঁ যে যোৱা ২১ তাৰিখে দেশৰ অতি গুৰুত্বপূৰ্ণ ঠাইত মানে নগৰ চহৰৰ মাজ মজিয়াত থকা বি এচ এন এল আৰু এম টি এনলৰ ১১৯ টা সম্পত্তি বিক্ৰী কৰিবলৈ নিবিদা জাৰি কৰা হ’ল। সাধাৰণ ৰাইজ, বিৰোধী ৰাজনৈতিক দলে ৰাজহুৱা সম্পদ বিক্ৰীৰ বিৰোধিতা কৰি থকাৰ সময়তে, নিৰ্বাচনৰ মাজতে তেওঁলোকে লাখ কোটি টকাৰ ৰাজহুৱা সম্পদ বিক্ৰীৰ সিদ্ধান্ত ল’লে।

মাত্ৰ কেইদিনমান পিছতে নতুন চৰকাৰ এখন আহিব। তাৰ আগতে কিয় ইমান ততাতৈয়াকৈ তত্ববাধয়ক চৰকাৰে এইবোৰ সিদ্ধান্ত ল’ব লগা হ’ল? এইবোৰৰ ৰহস্য কি? আকৌ মাজতে শুনিলোঁ কিবা গোপন সভাৰ কথা।কিমান সঁচা কিমান মিছা নাজানো।সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্বকলৈও হেনো এতিয়া কিবা গুণাগঁঠা চলি আছে। চাৰি জুনৰ নিৰ্বাচনৰ ফলাফলৰ লগত এইবোৰৰ কিবা সম্পৰ্ক আছেনে নাই? বিভিন্ন মহলত এইবোৰ কথাই এতিয়া চৰ্চা লাভ কৰিছে। কিবা কাৰণে যদি ভাৰতীয় জনতা পাৰ্টি নিৰ্বাচনত হাৰে দেশত ক্ষমতাৰ হস্তান্তৰ শান্তিপূৰ্ণভাবে হ’বনে? বহুতেই এই কথাটোও আলোচনা কৰিছে।

Apply Now

প্ৰধানমন্ত্ৰী মোদীয়ে আজি দহ বছৰে এখনো সংবাদ মেল দিয়া নাই। সেই কালিমাৰ পৰা বাচিবলৈ এতিয়া বচা বচা সাংবাদিকক তেওঁ দিনৌ সাক্ষাৎকাৰ দিবলৈ আৰম্ভ কৰিছে। তেনে সাক্ষাৎকাৰ এটাতে তেওঁ গান্ধীজী সম্পৰ্কে সেই অদ্ভুৎ মন্তব্যটো কৰিলে। আকৌ আজি দুমাহে নিৰ্বাচনী প্ৰচাৰৰ নামত অশিক্ষিত, অৰ্দ্ধ-শিক্ষিত অজলা মানুহক ভুৰুকাবলৈ মোদীয়ে কিমান যে নক’বলগীয়া কথা ক’লে? সেইবোৰ কৈ কৈ  সমগ্ৰ দেশৰ বাতাবৰণেই তেওঁ বিষাক্ত কৰি পেলালে। এতিয়া নিৰ্বাচনী প্ৰচাৰ বন্ধ হোৱাৰ পিছত তেওঁ আৰু এটা নতুন চমক দিবলৈ আৰম্ভ কৰিছে। হাজাৰ হাজাৰ নিৰপত্তাৰক্ষী লগত লৈ কন্যাকুমাৰীৰ বিবেকানন্দ স্মৃতি স্তম্ভত ধ্যানত বহিছে। চৰকাৰী পইছাৰ শৰাধ কৰি কি অদ্ভুৎ কাণ্ড! উদ্দেশ্য এটাই – প্ৰচাৰ। যিকোনো প্ৰকাৰে ক্ষমতাত থাকিবলৈ মোদীৰ কি দুৰ্বাৰ হাবিয়াস। কিন্তু চাৰি জুনত চৰকাৰ কাৰ হ’ব? সেইটো এতিয়া হাজাৰ টকীয়া নহয় কৌটি টকীয়া প্ৰশ্ন। এক অনিশ্চিত ভৱিষ্যৎ!

কিন্তু এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে গণতন্ত্ৰ  মাথোঁ এটা কিতাপৰ শব্দ নহয়, সি মানুহৰ জীৱনৰ লগত জড়িত এক কেন্দ্ৰীয় বাগধাৰা। এইবাৰ নিৰ্বাচনত জনসাধাৰণে জীৱন জীৱিকাৰ বাবে যুঁজিছে। গণতন্ত্ৰৰ লগত মানুহৰ বাক-স্বাধীনতা কেনেকৈ জড়িত আৰু বাক-স্বাধীনতাৰ লগত জীৱিকা আৰু অৰ্থনৈতিক সমতাৰ কি সম্পৰ্ক – সেইবোৰ কথা যেন এই নিৰ্বাচনটোৱে মানুহৰ মাজলৈ লৈ আনিছে। প্ৰখ্যাত অৰ্থনীতিবিদ টমাচ পিকেট্টিৰ ‘Capital in the Twenty-First Century’ নামৰ গ্ৰন্থখন সমগ্ৰ বিশ্বতে এখন বহু চৰ্চিত গ্ৰন্থ। পিকেট্টিয়ে সেই কিতাপখনত কোৱা কথাবোৰৰে যেন এতিয়া অনুশীলন হৈ আছে ভাৰতবৰ্ষৰ নিৰ্বাচনত। জনসাধাৰণ, নাগৰিক সমাজ আৰু ৰাজনৈতিক দলৰ বাবেই যে এই নিৰ্বাচনটো গুৰুত্বপূৰ্ণ তেনে নহয়, কলেজ, বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান, সমাজবিজ্ঞান বা আন যিকোনো  বিভাগৰ বাবে এই নিৰ্বাচনটো গুৰুত্বপূৰ্ণ। কিয়নো দেশত যদি মুক্তচিন্তাৰ পৰিবেশে  নাথাকে শিক্ষা থাকিব কেনেকৈ? শিক্ষা আৰু মুক্তচিন্তা এটা আনটোৰ ইপিঠি-সিপিঠি। সেয়ে শিক্ষা ক্ষেত্ৰত থকা লোকসকল, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰী সকল এই নিৰ্বাচনটো সম্পৰ্কে কেনেকৈ উদাসীন আৰু নিৰ্লিপ্ত হৈ থাকিব পাৰে? এইবোৰ শ্ৰেণী কোঠাত আলোচনাৰ যোগ্য বিষয় নহয় জানো?এই জীৱন্ত কথাবোৰ যদি ছাত্ৰ-শিক্ষকৰ মাজত আলোচনা নহয় কি কথা আলোচনা হ’ব? শিক্ষা কেৱল কিতাপৰ মাজত থকা কিছুমান বিমূৰ্ত ধ্যান-ধাৰণা নহয়। সেইকাৰণেই যোৱা ১৩ মে’ৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগে আয়োজন কৰা প্ৰসিদ্ধ ইতিহাসবিদ আদিত্য মুখাৰ্জীৰ বক্তৃতাটি বৰ্তমান সময়ৰ কাৰণে বৰ প্ৰাসংগিক আছিল। 

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd