• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰে মিতিৰালি; ২৪’ৰ নিৰ্বাচনৰ পিছত দেশত অপ্রাসংগিক হৈ পৰিল কেইবাটাও দল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2024 11:13 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰঘুমলাই যেনেকৈ আশ্ৰয়দাতা উদ্ভিদটোক জীৱন-ৰস চুহি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে, ২০২৪ চনৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত দেশৰ কেইবাটাও আঞ্চলিক ৰাজনৈতিক দলৰ অৱস্থাও একেবাৰে তেনেকুৱাই। একাংশই বিজেপিৰ সংগত থকাৰ পাছত গেৰুৱা লতাৰ ‘বিষ’ প্ৰেমত প্ৰায় নিঃশেষ হোৱাৰ উপক্ৰম হৈছে, আনহাতে কোনোবাই মৃত্যুৰ আগমন বুলি জানি গেৰুৱা সংগ ত্যাগ কৰিলে যদিও বিষমুক্ত হৈ সাৰি যাব নোৱাৰিলে।

ৰাষ্ট্ৰীয় ৰাজনীতিততো দূৰৰে কথা, বহু আঞ্চলিক দলে নিজৰ ঘৰৰ মাটিতে কাৰ্যতঃ অপ্রাসংগিক হৈ পৰিছে। ফলাফল ঘোষণাৰ পিছত জাতীয় ৰাজনীতিৰ পৰা কোনবোৰ দল অপ্রাসংগিক হৈ পৰিল, এবাৰ চাওঁ আহক৷

বিজেডি (বিজু জনতা দল)

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছত যদি কোনো দলে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে তেন্তে সেয়া হ’ল বিজেডি। ওড়িশাৰ এই ৰাজনৈতিক দলটোৱে দীৰ্ঘদিন ধৰি জগন্নাথভূমিৰ শাসক হৈ আহিছে। এসময়ত বিজেপিৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়ি যোৱা বিজেডিয়ে এতিয়া গেৰুৱা সংগ এৰিছে যদিও ইয়াৰ আগ্ৰাসনৰ পৰা সাৰি যোৱা নাই।

Apply Now

লোকসভাত ২১খন আসন থকা ওড়িশাত এসময়ৰ অংশীদাৰ বিজেপিয়ে ২০খন আসনেই দখল কৰিছে। কংগ্ৰেছে এখন আসন দখল কৰিছে। বিজেডিৰ দুৰ্বল অৱস্থা দেখি ৰাজনৈতিক মহলে দাবী কৰে যে নবীন পাটনায়কে নিজেই ওড়িশাৰ মাটিত খাল খান্দি ঘঁৰিয়াল (বিজেপি) আনিছিল। বিজেডিৰ আপডালত লহপহকৈ বাঢ়ি উঠি এইবাৰ তেওঁলোককেই গ্ৰাস কৰিলে মোডী-শ্বাহৰ দলটোৱে।

বি এছ পি (বহুজন সমাজ পাৰ্টি)

লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত উত্তৰ প্ৰদেশৰ ৰাজনীতিত মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টি কাৰ্যতঃ অপ্রাসংগিক হৈ পৰিল বুলি ক’ব পাৰি৷ বহু বছৰ ধৰি বিজেপিৰ সৈতে মিত্ৰতাত আছিল মায়াৱতী। মিত্ৰতা এৰি যোৱা বহুদিন হ’ল। কিন্তু মিত্ৰতা ত্যাগ কৰাৰ পিছতো শুনা যায় যে তেওঁলোকে ৰাজ্যত বিজেপিক সুবিধা কৰি দিয়াৰ খেল অব্যাহত ৰাখিছিল।

উত্তৰ প্ৰদেশত এইবাৰ সকলো সমষ্টিতে প্ৰাৰ্থীও দিছিল। অৱশ্যে ইয়াৰ কোনো লাভ নহ’ল। এখনো আসন লাভ নকৰিলে দলটোৱে। বিএছপিৰ দলিত যাদৱৰ ভোটত ইতিমধ্যে বিজেপিয়ে সিন্ধি দিছিল। বিজেপিৰ আগ্ৰাসী ভূমিকাৰ বাবে কমি কমি বিএছপিৰ ভোট শূন্য হৈ পৰিছে।

বি আৰ এছ (ভাৰত ৰাষ্ট্ৰ সমিতি)

তেলেংগানাৰ পূৰ্বৰ শাসকীয় দল বি আৰ এছ। যদিও বিজেপিৰ সৈতে কোনো প্ৰত্যক্ষ মিত্ৰতা নাই, তথাপিও জনা যায় যে ক্ষমতাত থকা সময়ত এই দক্ষিণৰ ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও অতি ঘনিষ্ঠ আছিল। বিগত বৰ্ষৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হাতত হতাশাজনক পৰাজয়ৰ পিছত বি আৰ এছ উৎখাত হৈছিল। এইবাৰ লোকসভা নিৰ্বাচনত নিজৰ ৰাজ্যতে বাস্তৱিকতে শেষ। আনহাতে, এসময়ত অস্পৃশ্য বিজেপিয়ে তেলেংগানাত ৮খন আসন লাভ কৰিছে।

এআইএডিএমকে

জয়ললিতাৰ দল বিভাজিত হৈ এ আই ডি এম কে গঠন হৈছিল। দক্ষিণৰ ৰাজনীতিৰ অন্যতম নীতি নিৰ্ধাৰক আছিল দলৰ মুৰব্বী পলানিস্বামী। চৰকাৰতো আছিল তেওঁলোক। এই এআইডিএমকেৰ হাতত ধৰি বিজেপিয়ে দক্ষিণৰ তামিলনাডু ৰাজ্যত সংগঠন সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰিছিল। ফলত এআইডিএমকে ক্ৰমান্বয়ে ভোট বেংক হেৰুৱাবলৈ আৰম্ভ কৰে। ইয়াৰে অধিকাংশই বিজেপিলৈ যায়। ২৪’ৰ লোকসভা নিৰ্বাচনত এইবাৰ তেওঁলোকৰ ফলাফল শূন্য।

জে জে পি (জনায়ক জনতা পাৰ্টি)

মাত্ৰ যোৱা মাহত বিজেপিৰ মিত্ৰ দল জেজেপিয়ে হাৰিয়ানাৰ ৰাজনীতিত হুলস্থুল লগাই দিছিল। হাৰিয়ানাত চৰকাৰ গঠনৰ বাবে কংগ্ৰেছক সমৰ্থন কৰিব বুলি কয়। হাৰিয়ানাত বিজেপি আৰু জেজেপিৰ মাজত সংঘাতৰ মাজতে লোকসভা নিৰ্বাচনৰ অন্ত পৰিল। ফলাফল ওলোৱাৰ পিছত দেখা গ’ল বিজেপি আৰু কংগ্ৰেছে ৫ খনকৈ আসন লাভ কৰিলে যদিও জেজেপিয়ে এখনো আসন নাপালে।

শিৰোমণি আকালি দল

পঞ্জাৱৰ শিৰোমণি আকালি দল এন ডি এৰ একান্ত মিত্ৰ হিচাপে পৰিচিত। কৃষক আন্দোলনৰ সময়ত সুখবীৰ সিং বাদলে বিজেপিৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। এসময়ত পঞ্জাৱ চৰকাৰৰ নীতি নিৰ্ধাৰক শিৰোমণি আকালি দলৰ ২৪’ৰ লোকসভা নিৰ্বাচনত পুতৌজনক অৱস্থা। কোনোমতে তেওঁলোকে পঞ্জাৱত এখন আসন লাভ কৰি নিজৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সক্ষম হ’ল।

অসম গণ পৰিষদ

ছাত্ৰ আন্দোলন, বিদেশী বিতাৰণ আন্দোলনৰ জৰিয়তে অসমত অসম গণ পৰিষদ ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁলোকে দুবাৰকৈ ক্ষমতা লাভ কৰি অসমত সবল স্থিতিৰ কথা ঘোষণা কৰিছিল। নিৰ্বাচনী ৰাজনীতিত ভৰি দিও দলটোৱে চৰকাৰ গঠনত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল। এইবাৰ বিজেপিৰ সৈতে মিত্ৰতা কৰি মাত্ৰ এখন আসনতে আবদ্ধ হৈ ৰৈছে। আনহাতে, এই লোকসভা নিৰ্বাচনৰ পিছত অসমত বাস্তৱতে অপ্রাসংগিক হৈ পৰা আন এটা ৰাজনৈতিক দল হৈছে এআইইউডিএফ।

আই এন এল ডি (ইণ্ডিয়ান নেশ্যনেল লোকদল)

হাৰিয়ানাত এটা সময়ত বিজেপিৰ সৈতে ঘনিষ্ঠ ৰাজনীতি কৰিছিল যদিও ইতিমধ্যে বিজেপি আৰু আইএনএলডিৰ সম্পৰ্ক শেষ হৈ গৈছে। কংগ্ৰেছ আৰু বিজেপিৰ সৈতে সমতাৰ নীতিৰে পুনৰ হাৰিয়ানাৰ পৰা লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰে আইএনএলডিয়ে। কিন্তু এইবাৰ তেওঁলোকৰ ফলাফল অতি শোচনীয়। বিজেপি আৰু কংগ্ৰেছৰ আগ্ৰাসনত এখনো আসন নাপালে দলটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd