• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইছ’ফেগাছৰ কৰ্কটৰোগ : কেন্সাৰ ৰোগ বিশেষজ্ঞ ডাঃ বিক্ৰম কুমাৰ ডেকাৰ এটি বিশেষ প্ৰৱন্ধ

ডাঃ বিক্ৰম কুমাৰ ডেকা by ডাঃ বিক্ৰম কুমাৰ ডেকা
June 7, 2024 8:58 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেহৰ আন আন অংগ বা অংশ যিদৰে ভিন ভিন কৰ্কটৰোগত আক্ৰান্ত হয়,ঠিক তেনেদৰে আমাৰ খাদ্যনলীৰ ইছ’ফেগাছ অংশও কৰ্কটৰোগত আক্ৰান্ত হয়। ইছ’ফেগাছ হৈছে মাংসপেশীৰে নিৰ্মিত এক অংগ৷ ইয়াৰ জৰিয়তে মুখগহ্বৰৰ পৰা খাদ্য পেট বা পাকস্থলীলৈ যায়। এই অংশৰ ভিতৰত আমাৰ ডিঙিৰ ওপৰৰ অংশ,অৰ্থাৎ জিভাৰ পিছৰ অংশৰ পৰা বুকুৰ তলৰ পেট সংযোগী অংশ পৰে। ইছ’ফেগাছৰ আৱৰণখন বহু কোষিকাৰ তৰপ,শ্লেষ্মা আৱৰণী,সংযোগী কোষিকা আৰু মাংসপেশীৰে নিৰ্মিত হয়। এই কোষিকাৰ আভ্যন্তৰীণ তৰপতেই কৰ্কটৰোগজনিত কোষৰ সৃষ্টি হৈ ইছ’ফেগাছৰ কৰ্কটৰোগৰ সৃষ্টি হয় আৰু পিছত আন অংশলৈ বিয়পি পৰে। সাধৰণতে ধূম্ৰপান,অত্যধিক সুৰাপান আৰু বেৰেট ইছ’ফেগাছ ৰোগে এজন ব্যক্তিৰ ইছ’ফেগাছৰ কৰ্কটৰোগৰ প্ৰৱণতা বৃদ্ধি কৰে। ইছ’ফেগাছৰ কৰ্কটৰোগ বিশ্বৰ অষ্টমবিধ অধিক হাৰত হোৱা কেন্সাৰৰোগ আৰু লগতে আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পুৰুষসকলৰ ক্ষেত্ৰত আটাইতকৈ অধিক হাৰত দেখা যোৱা কেন্সাৰ। আনহাতে উত্তৰ-পূৰ্বাঞ্চলৰ নাৰীসকলৰ ক্ষেত্ৰত আকৌ এইবিধ পঞ্চমবিধ অধিক হাৰত হোৱা কেন্সাৰৰোগ। প্ৰতি বছৰৰে এপ্ৰিল মাহটো ইছ’ফেগাছৰ কৰ্কটৰোগৰ সচেতনতামূলক মাহৰূপে পালন কৰা হয়।

  ইছ’ফেগাছৰ কৰ্কটৰোগৰ দুবিধ প্ৰকাৰ আছে। সেই দুবিধ হৈছেঃ-

Apply Now

১) স্কুৱামাছ চেল কাৰ্চিন’মাঃ এইবিধ কৰ্কটৰোগ ইছ’ফেগাছৰ ভিতৰৰ পাতল,সমতল কোষৰ তৰপত আৰু  ইছ’ফেগাছৰ ভিতৰৰ ফালে সৃষ্টি হয়। এইবিধ কেন্সাৰৰোগ ইছ’ফেগাছৰ যিকোনো অংশতেই সৃষ্টি হ’ব পাৰে,কিন্তু সাধৰণতে ইছ’ফেগাছৰ ওপৰ আৰু মধ্যাংশত অধিক হোৱা দেখা যায়। ইয়াক এপিডাৰ্ম’ইড কাৰ্চিন’মা বুলিও কোৱা যায়।

২) এডেন’কাৰ্চিন’মাঃ-ইছ’ফেগাছৰ এইবিধ কেন্সাৰ গ্ৰন্থিযুক্ত কোষৰ(গ্লেণ্ডুলাৰ চেলছ)অংশত সৃষ্টি হয়। এই গ্লেণ্ডুলাৰ গ্ৰন্থি অংশই ইছ’ফেগাছৰ কোষিকাৰ তৰপত থাকে আৰু ই শ্লেষ্মাৰ দৰে পদাৰ্থ সৃষ্টি কৰাৰ লগতে নিঃসৰণো কৰে। এডেন’কাৰ্চিন’মা সাধাৰণতে ইছ’ফেগাছৰ একেবাৰে নিম্নাংশ অৰ্থাৎ বুকু আৰু পেট বা পাকস্থলীৰ সংযোগস্থলত সৃষ্টি হোৱা দেখা যায়।

এজন ব্যক্তি ইছ’ফেগাছৰ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ ভিন্ন লক্ষণ থাকে। তেনে কেইটিমান লক্ষণ তলত আগবঢ়ালোঁ-

১) খাদ্য গিলোতে বিষ হোৱা বা অসুবিধাৰ সৃষ্টি হোৱা,

২) ওজন হ্ৰাস পোৱা,

৩) বুকুৰ মাজভাগৰ হাড়ৰ পিছফালে হোৱা বিষ,

৪) বদহজম আৰু বুকু জ্বলা-পুৰা কৰা।

এই লক্ষণসমূহে দেখা দিলে ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চাপক।

এতিয়া আহিছোঁ এজন ব্যক্তি ইছ’ফেগাছৰ কৰ্কটৰোগত আক্ৰান্ত হোৱাৰ ভিন্ন কাৰকবোৰলৈ৷ অৰ্থাৎ এনে কিছুমান বিপদশংকা যাৰ ফলত ইছ’ফেগাছৰ কৰ্কটৰোগত এজন ব্যক্তি আক্ৰান্ত হ’ব পাৰে। অৱশ্যে এনে নহয় যে এই বিপদসংকুলতাসমূহ থাকিলেই ব্যক্তিজন কৰ্কটৰোগত আক্ৰান্ত হ’ব বা নেথাকিলেই নহ’ব। তথাপি সাৱধানতা তথা সচেতনতাৰ বাবে তাৰে কেইটিমান কাৰণ তলত দিছোঁ৷

১) ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ

২) অত্যধিক সুৰাপান

৩) বেৰেট ইছ’ফেগাছ ৰোগ,আৰু

৪) বৰ্দ্ধিত বয়স

    প্ৰয়োজন সাপেক্ষে যেতিয়া এজন ব্যক্তিয়ে ওপৰত উল্লেখ কৰাধৰণৰ শাৰিৰীক অসুবিধাসমূহ লৈ চিকিৎসকৰ কাষ চাপে তেতিয়া চিকিৎসকে ৰোগীজন ইছ’ফেগাছৰ কৰ্কটৰোগত আক্ৰান্ত হৈছে নে নাই নিশ্চিত হ’বলৈ কিছুমান পৰীক্ষা কৰা হয়৷ তেনে দুবিধ পৰীক্ষা হৈছেঃ-

১) ইছ’ফেগাস্ক’পী বা এণ্ড’স্ক’পীঃ-এই প্ৰক্ৰিয়া এণ্ড’স্ক’পীৰ দৰেই এক প্ৰক্ৰিয়া,য’ত ইছ’ফেগাছৰ ভিতৰৰ অংশলৈকে চাব পাৰি। এই পদ্ধতিৰে ইছ’ফেগাছৰ ভিতৰত কিবা অস্বাভাৱিকতা দেখা যায় নেকি সেয়া চোৱা হয়৷ মুখগহ্বৰ বা নাকেৰে এডাল পাইপ(ইছ’ফেগাস্ক’প) ইছ’ফেগাছৰ ভিতৰলৈ সুমুৱাই দিয়া হয়। এই ইছ’ফেগাস্ক’প হৈছে লাইট আৰু লেন্স  থকা এডাল পাতল পাইপৰ দৰে সজুঁ‌লি৷ এই প্ৰক্ৰিয়াৰ জড়িয়তে কম্পিউটাৰত ইছ’ফেগাছৰ ভিতৰৰ অংশ চাব পৰাৰ লগতে প্ৰয়োজন সাপেক্ষে আন পৰীক্ষাৰ বাবে ইছ’ফেগাছৰ সামান্য অংশ বাহিৰলৈ উলিয়াই আনিবও পাৰি।

২) বায়’পছিঃ এই প্ৰক্ৰিয়াত ইছ’ফেগাছৰ পৰা কিছু কোষিকা  উলিয়াই আনি মাইক্ৰ’স্ক’পৰে পৰীক্ষা কৰা হয়। এনেদৰে পৰীক্ষা কৰিলে,কেন্সাৰ ৰোগৰ কোষৰ অৱস্থিতি ধৰা পেলাব পাৰি। বায়’পছি সাধাৰণতে ইছ’ফেগাস্ক’পীৰ সময়তেই লোৱা হয়। বায়’পছিত কেতিয়াবা যদি কৰ্কটৰোগ ধৰা পৰে,আনহাতে কেতিয়াবা আকৌ যৎসামান্য পৰিৱৰ্তন ধৰা পৰে,যিয়ে পৰৱৰ্তী সময়ত কেন্সাৰৰোগৰ সৃষ্টি কৰিব পৰাৰ সম্ভাৱনাক সূচায়।

৩) পেট চি টি স্কেন বা চি ই চি টি চেষ্ট বা এবড’মেন: এই পৰীক্ষণ প্ৰক্ৰিয়াত ইছ’ফেগাছৰ কৰ্কটৰোগৰ স্তৰ আৰু কেম’ৰেডিয়েচন দিয়াৰ পিছত কিমান পৰিৱৰ্তন আহিল,তাক চোৱা যায়। ই এক শক্তিশালী এক্স-ৰে জাতীয় পৰীক্ষণেই।

  এতিয়া আহিছোঁ এই ৰোগৰ চিকিৎসা প্ৰক্ৰিয়াৰ দিশটোলৈ৷ এবাৰ পৰীক্ষাৰ জৰিয়তে ইছ’ফেগাছৰ কৰ্কটৰোগ ধৰা পৰাৰ পিছত চিকিৎসকে ইয়াৰ স্তৰ অনুসৰি ইয়াৰ চিকিৎসা আৰম্ভ কৰে। এনে কেইবিধমান চিকিৎসা প্ৰক্ৰিয়া হৈছেঃ-

১) অস্ত্ৰোপচাৰঃ ইছ’ফেগাছৰ কৰ্কটৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আটাইতকৈ বেছিকৈ হোৱা বা কৰা চিকিৎসা প্ৰক্ৰিয়াবিধেই হৈছে অস্ত্ৰোপচাৰ। এই অস্ত্ৰোপচাৰৰ জৰিয়তে ইছ’ফেগাছৰ কৰ্কটৰোগত আক্ৰান্ত অংশ কাটি আতৰাই দিয়া হয়। আৰু চিকিৎসকে কাটি উঠাৰ পিছত পুনৰাই ইছ’ফেগাছৰ বাকী অংশক সংযুক্ত কৰি দিয়ে যাতে ৰোগীজনৰ স্বাভাৱিক খাদ্যগ্ৰহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি নহয়। আৰু যদিহে কোনো এক কেন্সাৰজনিত টিউমাৰে ইছ’ফেগাছৰ কোনো অংশ চেপা মাৰি ধৰে,তেন্তে তাতো অস্ত্ৰোপচাৰৰ সময়ত এডাল “ষ্টেন্ট”(লোৰ দৰে সামগ্ৰীৰে নিৰ্মিত আধাৰ)লগাই দিয়াও হয়।

২) ৰেডিয়েচন থেৰাপীঃ কৰ্কটৰোগৰ এইবিধ চিকিৎসা প্ৰক্ৰিয়াত কেন্সাৰ ৰোগজনিত কোষসমূহৰ বৃদ্ধিত বাধা দিবৰ বাবে উচ্চ শক্তিসম্পন্ন এক্স-ৰে ৰশ্মি বা আন ৰেডিয়েচনৰ ব্যৱহাৰ কৰা হয়। ৰোগীজনৰ কৰ্কটৰোগৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি,ৰেডিয়েচন দিয়া যায়। ইছ’ফেগাছৰ কৰ্কটৰোগত এই ৰেডিয়েচনৰ দুবিধ প্ৰকাৰত দিয়া যায়-১)এক্সটাৰ্নেল ৰেডিয়েচন থেৰাপী,য’ত ৰেডিয়েচন ৰোগীজনৰ দেহৰ বাহিৰৰ পৰা এই ৰেডিয়েচন কেন্সাৰ আক্ৰান্ত অংশত দিয়া যায়। ২) ইন্টাৰনেল ৰেডিয়েচন থেৰাপী,য’ত এই ৰেডিয়েচন থেৰাপী ইছ’ফেগাছৰ ভিতৰত দিয়া যায় ভিন্ন চিকিৎসা সঁ‌জুলিৰ দ্বাৰা। এইবিধ চিকিৎসা প্ৰক্ৰিয়াত কেন্সাৰ ৰোগজনিত কোষসমূহৰ বৃদ্ধিত বাধা দিবৰ বাবে উচ্চ শক্তিসম্পন্ন এক্স-ৰে ৰশ্মি বা আন ৰেডিয়েচনৰ ব্যৱহাৰ কৰা হয়। ৰোগীজনৰ কৰ্কটৰোগৰ স্তৰৰ ওপৰত নিৰ্ভৰ কৰি ৰেডিয়েচন দিয়া যায়।

৩) কেম’থেৰাপীঃ কেম’থেৰাপী হৈছে এবিধ কৰ্কটৰোগৰ চিকিৎসাৰ প্ৰক্ৰিয়া,য’ত দৰৱৰ মাধ্যমেৰে চিকিৎসা কৰা হয়। এই প্ৰক্ৰিয়াত হয় কেন্সাৰজনিত ৰোগৰ বৃদ্ধি বন্ধ কৰিবলৈ হয় কোষসমূহৰ বিভাজনত বাধা দিয়ে,নহ’লে কৰ্কটৰোগৰ কোষসমূহ মাৰি পেলায়৷ কেম’থেৰাপী হয় মুখেৰে দৰৱ আকাৰে দিয়া হয়,অন্যথা দেহৰ সিৰা বা মাংসপেশীৰ মাধ্যমেৰেও দিয়া হয়। ইছ’ফেগাছৰ কৰ্কটৰোগৰ কেম’থেৰাপীও,ৰোগীজনৰ কৰ্কটৰোগৰ স্তৰ আৰু চিকিৎসা প্ৰক্ৰিয়া অনুসৰি দিয়া যায়।

৪) কেম’ৰেডিয়েচন থেৰাপীঃ-এই থেৰাপীৰ নামটোৱেই সূচাই যে ইয়াত কেম’থেৰাপী আৰু ৰেডিয়েচন থেৰাপী একেলগে দিয়া যায়। একেলগে দিয়া যায়,যাতে ৰোগৰ চিকিৎসা প্ৰক্ৰিয়া অধিক শক্তিশালী হয়।

৫) লেজাৰ থেৰাপী,

৬) ইলেক্ট্ৰ’ক’গুলেচন,

৭) ইম্মিউন’থেৰাপী।

  ইয়াৰ লগতে আনুষংগিকভাৱে আন আন কিছু আধুনিক চিকিৎসা প্ৰক্ৰিয়া যেনে টাৰ্গেডেট থেৰাপী আদিৰো প্ৰয়োগ কৰা হয়।

  ইছ’ফেগাছৰ কৰ্কটৰোগৰ স্তৰ অনুসৰি এনেদৰে চিকিৎসা আগবঢ়োৱা হয়ঃ-

১) স্তৰ-০ (হাই গ্ৰেড ডিছপ্লাজিয়া)ঃ-এণ্ড’স্ক’পিক ছাৰ্জাৰী।

২) স্তৰঃ-১ঃ-ক)অস্ত্ৰোপচাৰ।

৩) স্তৰ-২ঃ- ক)অস্ত্ৰোপচাৰৰ পিছত কেম’ৰেডিয়েচন থেৰাপী,বা কেম’থেৰাপী।

খ) মাথোঁ কেম’ৰেডিয়েচন থেৰাপী।

৪) স্তৰ-৩ঃ-ক)অস্ত্ৰোপচাৰৰ পিছত কেম’ৰেডিয়েচন থেৰাপী,বা কেম’থেৰাপী।

খ) মাথোঁ কেম’ৰেডিয়েচন থেৰাপী।

৫) স্তৰ-৪ঃ- মাথোঁ কেম’থেৰাপী(ষ্টেন্টিং-যদিহে প্ৰয়োজন হয়।)

 এইখিনি কিছু সামগ্ৰিক তথ্য আছিল ইছ’ফেগাছৰ কৰ্কটৰোগৰ বিষয়ে। এই ৰোগৰ সচেতনতা বৰ্তাই ৰাখক আৰু আপুনি যদিহে এই ৰোগৰ কোনো লক্ষণ নিজৰ দেহত দেখা দিয়া যেন পাই,ততালিকে বিভাগীয় চিকিৎসকৰ কাষ চাপক।

ডাঃ বিক্ৰম কুমাৰ ডেকা।
(কেন্সাৰ ৰোগ বিশেষজ্ঞ, ৰ’ব’টিক শল্য চিকিৎসক, মেক্স হস্পিটেল,দিল্লী
চিকিৎসকৰ ফোনঃ-৯৫৬০৬৩০২০৫

ডাঃ বিক্ৰম কুমাৰ ডেকা

ডাঃ বিক্ৰম কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd