আপুনি অলপতে হেপাই-ফেপাই গৈছে নেকি? অলপ খোজ কাঢ়িলে বা চিৰি বগালে উশাহ লোৱাত কষ্ট পাইছে? শৰীৰ অত্যধিক ঘামি গৈছে? উশাহ লওঁতে হুমুনিয়াহ কাঢ়িব লগা হৈছে? আপোনাৰ শৰীৰত কি ৰোগে বাহ লৈছে জানি লওক!
চিকিৎসা বিজ্ঞানৰ ভাষাত এই ৰোগৰ নাম হ’ল ডিছপেনিয়া(Dyspnea), সাধাৰণ ভাষাত ইয়াক উশাহ-নিশাহৰ কষ্ট (শ্বৰ্টনেছ অফ ব্ৰেথ) বুলি কোৱা হয়। এই ৰোগৰ আঁৰত বিভিন্ন কাৰণ আছে। দৈনন্দিন জীৱনৰ চাপত শৰীৰ আৰু স্বাস্থ্যৰ যত্ন লোৱাটো এক প্ৰকাৰ প্ৰত্যাহ্বান হৈ পৰিছে। কোৱা হয় সুস্থ শৰীৰতহে সুস্থ মন, গতিকে যিয়েই নহওক, শৰীৰটো সুস্থ কৰি ৰাখিবই লাগিব…
ডিছপেনিয়া বা উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ আঁৰত তিনিটা কাৰণ আছে।
প্ৰথম, হাওঁফাওঁৰ সমস্যা-
এইটো এটা বহু পুৰণি ৰোগ, শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ অন্যতম প্ৰধান কাৰণ। ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), পালমোনাৰী ফাইব্ৰ’ছিছ (হাওঁফাওঁৰ প্ৰসাৰণ ক্ষমতা হ্ৰাস পোৱা) আৰু দীৰ্ঘদিনীয়া হাঁপানী ৰোগত আক্ৰান্ত লোকৰ শ্বাস-প্ৰশ্বাসত কষ্ট হোৱাৰ সম্ভাৱনা বেছি।
দ্বিতীয়, হৃদযন্ত্ৰৰ সমস্যা –
কনজেষ্টিভ হাৰ্ট ফেইলাৰ এই সমস্যাৰ ভিতৰত প্ৰথম। সহজ ভাষাত ক’বলৈ গ’লে ইয়াৰ অৰ্থ হ’ল যেতিয়া হৃদযন্ত্ৰই শৰীৰৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত তেজ পাম্প কৰিব নোৱাৰে। দীৰ্ঘম্যাদী এই সমস্যাই শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ প্ৰৱণতা বৃদ্ধি কৰে। আনহাতে, আৰু আছে এৰিথ্মিয়া। অনিয়মিত হৃদস্পন্দনক এৰিথমিয়া বোলে। শ্বাস-প্ৰশ্বাসত কষ্টৰ সমস্যাটো বৃদ্ধি কৰেই, লগতে ষ্ট্ৰোক বা কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে।
তৃতীয়, এনিমিয়া (ৰক্তহীনতা) –
ভাৰতীয়সকল এই ৰোগৰ বাবে কোনো অচিনাকি নহয়। ঘৰে ঘৰে ৰক্তহীনতা বিয়পি পৰিছে। ৰক্তহীনতাত আক্ৰান্ত লোকৰ উশাহ-নিশাহত কষ্টৰ লগতে সকলো সময়তে ভাগৰুৱা, দুৰ্বলতা, মূৰৰ বিষ, মূৰ ঘূৰোৱা, কেতিয়াবা শৰীৰ অৱশ হোৱাৰ সম্ভাৱনাও বেছি।
শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ আন কাৰণসমূহৰ ভিতৰত আছে শ্লিপ এপনিয়া। টোপনিৰ সময়ত উশাহ বন্ধ হোৱাটো চিকিৎসা বিজ্ঞানৰ ফালৰ পৰা শ্লিপ এপনিয়া বুলি জনা যায়। ই এক ৰহস্যজনক ঘাতক ৰোগ। আনহাতে, সকলো সময়তে বহি থকা, ব্যায়াম নকৰা, ফাষ্ট ফুড, অতিৰিক্ত তেল আৰু মছলা খোৱাৰ অভ্যাসে শৰীৰত চৰ্বি বৃদ্ধি কৰে। এই চৰ্বিৰ বাবেই শৰীৰৰ বডি মাচ ইনডেক্স বৃদ্ধি পায়, যাৰ ফলত পিছত ডিছপেনিয়া বা শ্বৰ্টনেছ অফ ব্ৰেথৰ কবলত পৰিবলগীয়া হয়।