• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ছবিগৃহত হ’ব নিৰ্বাচন! ২৪ জুলাইত মুক্তি পাব হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া ছবি ‘এক্স ৱাই জেড’

'ৰীডম ক্ৰিয়েশ্বন'ৰ বেনাৰত হেমন্ত কলিতাৰ প্ৰযোজনাৰে নিৰ্মিত ছবিখনৰ জৰিয়তে নিৰ্বাচনৰ সময়ত নেতাসকলৰ পিছে পিছে ঘূৰি ফুৰা অনুগামীসকলৰ দুৰ্দশাক হাস্যৰসৰ মাজেৰে তুলি ধৰাৰ প্ৰয়াস

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2026 1:24 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অসমীয়া ছবিজগতত দেখা পোৱা ধাৰাবাহিকতাৰ মাজতেই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা বিশিষ্ট পৰিচালক হিমাংশু প্ৰসাদ দাসে তেওঁৰ নৱতম অসমীয়া চলচিত্ৰ ‘এক্স ৱাই জেড‘ৰ জৰিয়তে দৰ্শকৰ মাজলৈ উভতি আহিছে। ‘গৰু‘, ‘বুলু ফিল্ম‘, ‘জয় হনুমেন‘ আৰু ‘শ্বকিৰা আহিব বকুল তলৰ বিহুলৈ‘ৰ দৰে ব্যতিক্ৰমধৰ্মী ছবিৰে সফলতা লাভ কৰা পৰিচালকগৰাকীয়ে এইবাৰ এখন ৰাজনৈতিক হাস্যৰসাত্মক ছবি দৰ্শকলৈ আগবঢ়াইছে, যিখন অহা ২৪ জুলাইত সমগ্ৰ ৰাজ্যজুৰি ছবিগৃহসমূহত মুক্তি লাভ কৰিব।

ছবিখনৰ প্ৰচাৰৰ বাবে নিৰ্মাতাসকলে “২৪ জুলাইত হ‘ব নিৰ্বাচন, ভোট দিবলৈ যাব লাগিব ছবিগৃহলৈ” শীৰ্ষক এক আমোদজনক শ্ল‘গান ব্যৱহাৰ কৰিছে। মঙলবাৰে গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ছবিখনৰ আনুষ্ঠানিক পোষ্টাৰ মুকলি কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে বিধায়ক প্ৰকাশ চন্দ্ৰ দাস আৰু সাংস্কৃতিক কৰ্মী ৰূপা বৰকটকী উপস্থিত থকাৰ লগতে সাহিত্য-সংস্কৃতি জগতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু ছবিখনৰ কলা-কুশলীসকলে অংশগ্ৰহণ কৰে। ‘ৰীডম ক্ৰিয়েশ্বন‘ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে হেমন্ত কলিতাই।

Apply Now

ছবিখনৰ বিষয়বস্তু সন্দৰ্ভত পৰিচালক হিমাংশু প্ৰসাদ দাসে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে যে ‘এক্স ৱাই জেড‘ৰ অৰ্থ হৈছে সৰ্বসাধাৰণ ৰাইজ। তেওঁ জানিবলৈ দিয়া মতে, ছবিখনত দুটা ৰাজনৈতিক দলৰ প্ৰতীক ক্ৰমে ‘বেঙেনা‘ আৰু ‘বাঁহ‘ হিচাপে উপস্থাপন কৰা হৈছে আৰু ৰাইজৰ ভোটদানৰ প্ৰক্ৰিয়াটোক লৈয়ে ছবিখনৰ কাহিনী আগবাঢ়িছে। নিৰ্বাচনৰ সময়ত প্ৰতিখন গাঁও বা চহৰত সংঘটিত হোৱা ঘটনাৱলীক কেন্দ্ৰ কৰিয়েই এই ছবিখন নিৰ্মাণ কৰা হৈছে। বিশেষকৈ নিৰ্বাচনৰ সময়ত নেতাসকলৰ পিছে পিছে ঘূৰি ফুৰা অনুগামীসকলৰ নিৰ্বাচনৰ পাছত কি অৱস্থা হয়, সেই বাস্তৱ দিশটো ছবিখনৰ জৰিয়তে হাস্যৰসৰ মাজেৰে ফুটাই তোলাৰ প্ৰয়াস কৰা হৈছে বুলি পৰিচালকগৰাকীয়ে জানিবলৈ দিয়ে কৰে।

মিৰ্জা আৰু শুৱালকুছিৰ বিভিন্ন স্থানত দৃশ্যগ্ৰহণ সম্পন্ন হোৱা এই ৰাজনৈতিক কমেডী ছবিখনৰ কাহিনী ৰচনা কৰিছে আশিক জামানে। আনহাতে চিত্ৰনাট্য যুগুতাইছে হিমাংশু প্ৰসাদ দাস, শাংকু নিৰঞ্জন নাথ, মহম্মদ শ্বাহজাহান আৰু মহৰ্ষি তুহিন কাশ্যপে। চন্দন দাসৰ সংগীতেৰে সজাই তোলা ছবিখনত সিদ্ধাৰ্থ শৰ্মা, ভবেশ বৰুৱা, প্ৰণামী বৰা, পল্লৱী ফুকন আৰু অপূৰ্ব বৰ্মনকে ধৰি কেইবাগৰাকীও ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd