এয়াই হৈছে স্বকথিত সংস্কাৰী পাৰ্টি বিজেপিৰ সংস্কাৰৰ নমুনা। স্বঘোষিত সংস্কাৰী পাৰ্টি বিজেপিয়ে স্বকথিত সংস্কাৰী সমৰ্থকৰ মাজত বিতৰণ কৰিলে বিনামূলীয়াকৈ সুৰা। বিজেপি সাংসদে বিজয় উৎসৱত সমৰ্থক বিতৰণ কৰিলে হোৰাহোৰে সুৰা।
দেশত তৃতীয়বাৰলৈ শাসনত বহা ভাৰতীয় জনতা পাৰ্টিটোৰ মহিমা অপাৰ। হিন্দুত্ববাদৰ ৰাজনীতি কৰা এই দলটোৱে নিজকে কয় অতি সংস্কাৰী দল বুলি। দলটোৰ নেতাকৰ্মীয়ে মুখেৰে দলটোৱে সংস্কাৰী বুলিয়ে দাবী কৰে। কিন্তু দলটোৰ স্বভাৱটো ওলোটাহে, মানে মুখত কয় এটা, আৰু পেটত থাকে এটা অৰ্থাৎ কৰে আন কিবা কিবা। এই শাসকীয় দলটোৰ এটা ভিডিঅ’ই এতিয়া সামাজিক মাধ্যমত লগাইছে তোলপাৰ।
প্ৰকাশিত খবৰ মতে বিজেপিৰ এজন সাংসদে অতি ধুমধামেৰে বিজয় উৎসৱ উদযাপন কৰিলে। সেই বিজয় উৎসৱত বিজেপি সাংসদজনৰ সমৰ্থকসকলো উপস্থতি আছিল। সেই বিজয় উৎসৱতে সাংদজনে সমৰ্থকক বিলালে বটলে বটলে সুৰা।
চ’চিয়েল মিডিয়াত প্ৰচাৰিত ঘটনাৰ এটা ভিডিঅ’ দেখা গৈছে যে বহু লোকে শাৰী পাতি থিয় হৈ আছে আৰু তেওঁলোকলৈ সুৰাৰ বটল এটা আগবঢ়াই দিয়া হৈছে। কিন্তু আশ্বৰ্যকৰ কথাটো হ’ল সেই সুৰা বিতৰণ অনুষ্ঠানত উপস্থিত আছিল আৰক্ষী।
জানিব পৰা মতে, ঘটনাৰ পূৰ্বে বিজেপিৰ সাংসদ কে সুধাকৰে স্থানীয় আৰক্ষীক এই বিষয়ে অৱগত কৰি আৰক্ষী মোতায়েন কৰিবলৈ কয়। তেওঁ আৰক্ষীক সভাস্থলীত মদ আৰু খাদ্যৰ ব্যৱস্থা কৰা হ’ব বুলি জনাইছিল।
সূত্ৰ অনুসৰি বিজেপি সাংসদ কে সুধাকৰে বিজয় উদযাপনৰ বাবে আয়োজন কৰা এই অনুষ্ঠানত তেওঁৰ বিজয় উপলক্ষে ৰাজহুৱাভাৱে সুৰা বিতৰণ কৰা হয়। স্থানীয় ৰাইজৰ মতে, অনুষ্ঠানৰ বাবে ট্ৰাকত সুৰা আনি আৰক্ষীৰ উপস্থিতিত বিতৰণ কৰা হয়।
সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত কৰ্ণাটকৰ চিকাবল্লভপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী কে সুধাকাৰে জয়লাভ কৰিছে। সেই কেন্দ্ৰতে তেওঁ কংগ্ৰেছ প্ৰাৰ্থী এম এছ ৰক্ষা ৰমাইয়াক ১ লাখ ৬০ হাজাৰ ভোটত পৰাস্ত কৰে।
এই ঘটনা পোহৰলৈ অহাৰ পিছত কংগ্ৰেছে বিজেপিক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। এই ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে কয় যে এয়াই বিজেপিৰ সংস্কৃতি। ঘটনাটো পোহৰলৈ অহাৰ পাছতে এতিয়া দেশৰ ৰাজনীতিত তুমুল চাঞ্চল্যৰ সৃষ্টি হৈছে।