সোমবাৰে (৮ জুলাই) এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত উচ্চতম ন্যায়ালয়ে কয় যে আদালতে অভিযুক্তসকলক তেওঁলোকৰ স্থান জানিবৰ বাবে তেওঁলোকৰ গুগল মেপৰ লোকেচন শ্বেয়াৰ কৰিবলৈ ক’ব নোৱাৰে।
প্ৰতিবেদন অনুসৰি, গুগল লোকেচন শ্বেয়াৰিঙৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিয়া জামিনৰ চৰ্ত নাকচ কৰে উচ্চতম ন্যায়ালয়ে।
বাৰ এণ্ড বেঞ্চৰ মতে ন্যায়াধীশ অভয় এছ. ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে নিজৰ সিদ্ধান্তত কয় যে জামিনৰ কোনো চৰ্তই মানুহক মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। গুগল পিন শ্বেয়াৰ জামিনৰ চৰ্ত হ’ব নোৱাৰে। জামিনৰ এনে কোনো চৰ্ত থাকিব নোৱাৰে যাৰ দ্বাৰা আৰক্ষীয়ে অভিযুক্তৰ কাৰ্যকলাপৰ ওপৰত অহৰহ চকু ৰাখিব পাৰে। জামিনত মুকলি কৰি দিয়া অভিযুক্তৰ ব্যক্তিগত জীৱনত স্বেচ্ছাচাৰী চৰ্ত আৰোপ কৰি তদন্তকাৰী সংস্থাক অহৰহ তদন্ত কৰিবলৈ দিব নোৱাৰি।
শুনানিৰ সময়ত আদালতে গুগল ইণ্ডিয়াক গুগল মেপত পিন শ্বেয়াৰিং ফিচাৰে কেনেদৰে কাম কৰে সেই বিষয়ে বুজাবলৈ নিৰ্দেশ দিয়ে।
বাৰ এণ্ড বেঞ্চৰ মতে, ২৯ এপ্ৰিলত নিজৰ ৰায় সংৰক্ষণ কৰি থকাৰ সময়তে আদালতে মন্তব্য কৰিছিল যে এনে পৰিস্থিতিয়ে সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত নিশ্চিত গোপনীয়তাৰ অধিকাৰক প্ৰভাৱিত কৰে।
উল্লেখ্য যে দিল্লী উচ্চ ন্যায়ালয়ে ড্ৰাগছ গোচৰৰ অভিযুক্ত নাইজেৰিয়াৰ নাগৰিক ফ্ৰেংক ভিটাছক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰাৰ সময়ত গুগুল মেপৰ লোকেচন শ্বেয়াৰৰ চৰ্ত বান্ধি দিয়া হৈছিল। ইয়াৰ বিৰুদ্ধে দাখিল কৰা আবেদনত এই নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।