• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কুকি-অসমীয়া পৰিচালকৰ হিন্দী ছবি

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
July 16, 2024 7:01 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২৮ জুন তাৰিখে মুক্তিপ্ৰাপ্ত কুকি এখন দ্বি-ভাষিক চিনেমা। মূলতঃ হিন্দী ভাষাত নিৰ্মিত এই ছবিখনৰ কাহিনী আৰু ইয়াৰ উপজীব্য জোনমণি দেৱী খাউণ্ডৰ। চিত্ৰনাট্য লিখাৰ লগতে ছবিখন পৰিচালনা কৰিছে প্ৰণৱ জ্যোতি ডেকাই। ধৰ্ষণৰ দৰে এক বৰ্বৰ অপৰাধৰ ঘটনাৰ ভুক্তভোগীক লৈ নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে জোনমণি দেৱী খাউণ্ডে। কুকি বৰ্তমানেও অসমৰ বিভিন্ন ছবিগৃহত চলি আছে।

চিনেমাৰ আৰম্ভণি হয় ভাওনাৰ দৃশ্যৰে। য’ত ষোড়শী কুকি আৰু তাইৰ বান্ধৱী ৰশ্মিয়ে একেলগে ভাওনা চাই থাকে। পুৱা টিউচনলৈ আহোতে-যাওতে বাটত দেখা সপ্তৰ্ষিৰ প্ৰতি থকা কুকিৰ দুৰ্বলতাক লৈ ৰশ্মিয়ে কুকিক জোকাই থাকে আৰু সোনকালে সপ্তৰ্ষিক মনৰ কথা খুলি ক’বলৈ কুটুৰি থাকে। লাহে লাহে সপ্তৰ্ষি আৰু কুকিৰ মাজত ইনষ্টাগ্ৰামতো যোগাযোগ হয় আৰু দুয়ো দুয়োৰে কাষ চাপিবলৈ আৰম্ভ কৰে। কাহিনীভাগ আৰম্ভণি পৰাই গতিশীল যদিও সামান্য মন্থৰ। অৱশ্যে এই মন্থৰতাৰ ফলত ছবিখন আমনিদায়ক হৈ উঠা নাই। ছন্দপতন ঘটাও নাই। অতি গতানুগতিকভাৱে কুকি(ৰিতিশা খাউণ্ড)আৰু সপ্তৰ্ষি(বুধিসত্ব শৰ্মা)ৰ প্ৰেম আগবাঢ়ে। ঠিক সকলোবোৰ সুকলমে চলি থকাৰ মাজতেই কুকিৰ জীৱনত সেই অঘটনটো ঘটে। দুৰ্ঘটনা অৰ্থাৎ দলবদ্ধ ধৰ্ষণৰ সেই ঘটনাৰ জিঘাংসা, বৰ্বৰতাৰ অমানুষিক দৃশ্যায়ন ইমানেই স্বাভাৱিকভাৱে কৰা হৈছে যে দেখিলে আপোনাৰো হৃদয় কঁ‌পি উঠিব।

Apply Now

ধৰ্ষণৰ দৰে এটি পৈশাচিক অপৰাধৰ সংঘটিত হোৱাৰ পিছত, যদিহে জীয়াই থাকে ভুক্তভোগীগৰাকীৰ কি হয়? তেওঁ জীয়াই থাকিব পাৰে নে? শাৰিৰীকভাৱে যেনিবা সুস্থ হৈ উঠিলেই, মানসিকভাৱে সেই বৰ্বৰতাৰ পংকিলতাৰ পৰা মুক্ত হ’ব পাৰে নে? কি পৰ্যায়লৈ যাব পাৰে এগৰাকী ধৰ্ষিতা ষোড়শীৰ শাৰিৰীক-মানসিক অৱস্থা? কিদৰে কুকিয়ে এই সকলোৰে লগত যুঁজ দিয়ে তাৰেই ভিত্তিত ছবিখনৰ পৰৱৰ্তী অংশ আগবাঢ়ে। অৱশ্যে  ইমান বৰ্বৰতাৰে ধৰ্ষণ হোৱা বুলি জনাৰ পিছত পিতৃ-মাতৃক আৰু অলপ ভাগি পৰা দেখুওৱাৰ থল আছিল।

কুকিৰ ধৰ্ষণৰ আগে আগে নাগাৰা নাম আৰু বিজুলী-ঢেৰেকনিৰ ব্যৱহাৰ প্ৰতীকীৰূপত অৰ্থৱহ। সেই দৃশ্যৰ পিছতে গীতৰ সমুচিত ব্যৱহাৰো উল্লেখনীয়। জ্ঞান গৌতমৰ চিনেমেট’গ্ৰাফীৰ কাম সমগ্ৰ ছবিখনতেই ভাল। অৱশ্যে মাজে মাজে একেটা দৃশ্যৰে পুনৰ অৱতাৰণা হৈছিল। যেনে হস্পিটেলৰ বিল্ডিঙৰ ওপৰৰ দৃশ্যক কেইবাবাৰো দেখুওৱাটো পৰিচালনা আৰু সম্পাদনাই ছবিখনৰ পৰা আতৰাই চলি আন দৃশ্যৰ অৱতাৰণাও কৰিব পাৰিলেহেঁতেন।

সমগ্ৰ ছবিখনতে আৱহ সংগীত আৰু গীতৰ ব্যৱহাৰ পৰিস্থিতি সাপেক্ষ। কুকি আৰু সপ্তৰ্ষিৰ প্ৰেমময় সময় যিদৰে আলফুলীয়া, ঠিক সেইদৰে কঠিন কুকিৰ ধৰ্ষণৰ পৰৱৰ্তী সময়ছোৱা। ভাৰতত এতিয়াও প্ৰতিদিনে ৮৬ টাকৈ ধৰ্ষণৰ ঘটনাৰ গোচৰ ৰেজিষ্টাৰ হয়। আৰু কত ঘটনা এন্ধাৰতেই ৰৈ যায়, তাৰ ঠিকনা নাই। সেইসকলৰ কায়িক-মানসিক স্বাস্থ্যৰ কি অৱস্থা হয়? যদিওবা কুকি ছবিখনত কুকি হয়তো প্ৰাপ্তবয়স্ক নোহোৱাৰ(POCSO act)বাবেই কুকিৰ গোচৰটোত অপৰাধীয়ে পৰ্যাপ্ত শাস্তি পোৱা দৰ্শাইছে, কিন্তু বাকী অগণন শিশু,কিশোৰী,নাৰী বা বৃদ্ধাৰ ক্ষেত্ৰত কি হয়? বিচাৰ প্ৰক্ৰিয়া একেই ক্ষীপ্ৰতাৰেও নহয় আৰু বহুক্ষেত্ৰত সমুচিতো নহয়। এনে বহু নাৰীৰ জীৱনৰ সঁ‌চা দৃশ্যপট কুকি। কুকি ছবিখনত কুকিৰ ধৰ্ষণৰ পিছত তাইৰ মানসিক ৰোগগ্ৰস্ততাকো দৰ্শোৱা হৈছে, যিটো অতি স্বাভাৱিক আৰু যাক সাধাৰণতে আওকাণ কৰা যায়। মানসিক ৰোগৰ চিকিৎসা কিমান জৰুৰী তাৰো এক বাৰ্তা আছে কুকিত।

মুখ্য চৰিত্ৰত অৰ্থাৎ নামভূমিকাত ৰিতিশা খাউণ্ডৰ অভিনয় সম্পূৰ্ণ সহজ। একেদৰে বুধিসত্ব শৰ্মাৰ অভিনয়ো। আন আন চৰিত্ৰসমূহ যেনে ৰাজেশ টাইলাঙ, দ্বীপান্বিতা শৰ্মা আৰু বিভূতি ভূষণ হাজৰিকা, দেৱলীনা ভট্টাচাৰ্যি, মনোজ বৰকটকীৰ অভিনয়ো সম্পূৰ্ণ স্বাভাৱিক।

ছবিখনৰ দৈৰ্ঘ্য আৰু অলপ কম কৰিব পাৰিলেহেঁতেন যদিও ছবিখনৰ মূল উপজীব্য আৰু ঘটনাবহুল কাহিনীভাগে অন্তলৈকে আমনি নলগায়। অন্ত প্ৰত্যাশিত নহয় যদিও মানুহৰ চেতনাক জগাই তুলিব লগা আৰু পৰাবিধৰ।

ৰিমলী বৰকটকী
Mail- [email protected]

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm
ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

ফ্ৰেঞ্চ অপেনত মাজা স্বালিন্সকাৰ ঐতিহাসিক জয়, প্ৰথমবাৰৰ বাবে ছেমি ফাইনেলত প্ৰৱেশ

June 3, 2026 8:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd