• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত অন্ধ্ৰ-তেলেংগানাত ২৭ জন লোকৰ মৃত্যু, শতাধিক ৰে’ল বাতিল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2024 12:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা দুদিনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত এতিয়ালৈকে ২৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ১০০ৰো অধিক ৰে’লৰ চলাচল বাতিল কৰা হৈছে। প্ৰচণ্ড বৰষুণৰ ফলত দুই ৰাজ্যত বান পৰিস্থিতিৰ সৃষ্টি হৈছে। সাধাৰণ মানুহৰ টোপনি হৰিছে। বহু লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে।

ইতিমধ্যে আৰব সাগৰত গঠন হোৱা ঘূৰ্ণীবতাহৰ বাবে চিন্তিত হৈ পৰিছে বতৰ বিজ্ঞান বিভাগ। অৱশ্যে ৰাজ্যসমূহত ইয়াৰ প্ৰভাৱ বিশেষ নহ’ব বুলি আশা কৰা হৈছে। কিন্তু নিম্নচাপৰ বাবে ধাৰাসাৰ বৰষুণৰ আগজাননী দিয়া হৈছে। তাৰমাজতে একাধিক ৰাজ্যত ধাৰাবাহিক বৰষুণ দি আছে।

অন্ধ্ৰ-তেলেংগানাও বিগত কেইদিনমান ধৰি বৰষুণ দি আছে। কিন্তু দুৰ্যোগ ইয়াতেই শেষ নহয়। বতৰ বিজ্ঞানৰ কার্যালয়ৰ তথ্য অনুসৰি ৰাজ্য দুখনত আগন্তুক ৫ তাৰিখৰ পৰা অধিক বৰষুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ এতিয়ালৈকে অন্ধ্ৰ প্ৰদেশত মৃত্যুৰ সংখ্যা ১২ জন। তেলেংগানাত আন ১৫ জনৰ মৃত্যু হৈছে।

লগতে পঢ়কঃ দেশত পুনৰ যুৱতীৰ মৃত্যুৰ ঘটনা! এইবাৰ হোষ্টেলৰ মজিয়াৰ পৰা উদ্ধাৰ NIAৰ বিষয়াৰ কন্যাৰ মৃতদেহ

সম্প্ৰতি এনডিআৰএফৰ আৰু ২৬টা দল ৰাজ্য দুখনৰ ক্ষতিগ্ৰস্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে। স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সৈতে মিলি তেওঁলোকে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। বৰ্তমান ৰাজ্য দুখনৰ কেইবাখনো গাঁও আৰু অঞ্চল পানীৰ তলত। ঘৰৰ ভিতৰত পানীৰ পৰা আৰম্ভ কৰি গাড়ী-দোকানলৈকে সকলো ডুব গৈছে। বহু লোকে সাহায্য শিবিৰত আশ্ৰয় লৈছে।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু ৰেৱন্ত ৰেড্ডীক ফোন কৰি পৰিস্থিতি সন্দৰ্ভত খা-খবৰ লৈছে। তেওঁলোকৰ দ্বাৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়া হৈছে।

এই দুৰ্যোগৰ বাবে ১০০ৰো অধিক ৰে’ল বাতিলৰ সমান্তৰালকৈ বহু ৰে’লৰ যাত্ৰাপথ সলনি কৰা হৈছে। স্বাভাৱিকতে সাধাৰণ ৰে’ল যাত্ৰীসকলো বিপদত পৰিছে। জানিব পৰা মতে, ৰাজ্য দুখনৰ বিভিন্ন ষ্টেচনত আবদ্ধ হৈ আছে ছয় হাজাৰৰো অধিক লোক। কিন্তু বহু অঞ্চলত ৰে’ল লাইন পানীৰ তললৈ গৈছে, যাৰ বাবে ৰে’ল  চলোৱাত অসুবিধা হৈছে। সেয়ে বৃহৎ দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে পঢ়কঃ ৩০ মিনিটতে লুটি সাং শ্বপিং মল; পাকিস্তানৰ কৰাচীবাসীৰ কৃতিত্ব দেখি চকু কপালত উঠিল নেটিজেনৰ

দৰাচলতে যি সময়ত আৰব সাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে, সেয়া হোৱাৰ কথা নহয়। ৪৮ বছৰৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে আৰব সাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। বাৰিষাৰ সময়ত আৰব সাগৰৰ উষ্ণতা সাধাৰণতে ২৬ ডিগ্ৰীৰ তলত থাকে। জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈকে সাধাৰণতে ঘূৰ্ণীবতাহ সৃষ্টি হোৱাৰ সম্ভাৱনা নাথাকে। সেয়ে আতংকৰ সৃষ্টি হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd