• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ যুদ্ধবিৰতি উলংঘা : পাক সেনাৰ গুলীত আহত ভাৰতীয় সেনাজোৱান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 11, 2024 11:45 am
311
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পুনৰ অস্থিৰ হৈ পৰিছে সমগ্ৰ উপত্যকাটো।  বুধবাৰে জম্মুৰ আখনূৰ সীমান্তত পাকিস্তান সেনাই যুদ্ধবিৰতি চুক্তি উলংঘা কৰি নিৰ্বিচাৰে গুলীচালনা কৰে। পাক সেনাৰ এই হঠাৎ আক্ৰমণত আহত হয় এজন বি এছ এফ জোৱান।

ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীচালনা কৰে। মুঠতে দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত হোৱা ই গুলীয়াগুলীত পুৱাৰ ভাগত উপত্যকাটো গৰম হৈ পৰে।

ভাৰতীয় সেনাৰ তথ্য অনুসৰি, নিশা প্ৰায় ২.৩৫ বজাত পাকিস্তান সেনাই হঠাতে জম্মুৰ আখনূৰ অঞ্চলত প্ৰচণ্ড গোলাবৰ্ষণ আৰম্ভ কৰে। পাকিস্তানৰ এই আক্ৰমণৰ প্ৰতিশোধো লয় ভাৰতীয় সেনাই। দুয়োপক্ষৰ মাজত হোৱা গুলীৰ আদান-প্ৰদানত আহত হয় এজন বি এছ এফৰ জোৱান। ততাতৈয়াকৈ তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু ভাৰতৰ প্রতিশোধমূলক আক্রমণত পাকিস্তান সেনা আহত বা নিহত হোৱাৰ তথ্য পাকিস্তানে এতিয়াও প্রকাশ কৰা নাই৷ কিন্তু প্ৰায় এবছৰৰ অন্তত পাকিস্তানে যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ বাবে সীমান্তত নতুন হাই এলাৰ্ট জাৰি কৰা হৈছে।

২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত দুয়োখন দেশৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষই যুদ্ধবিৰতি চুক্তি নবীকৰণ কৰে। সেই চুক্তিৰ প্ৰায় ৩ বছৰৰ পাছত ২০২৩ চনত ৰামগড় খণ্ডত প্ৰথম যুদ্ধবিৰতি উলংঘা হৈছিল। পাক ৰেঞ্জাৰৰ গুলীচালনাত এজন বি এছ এফৰ জোৱানো আহত হৈছিল।

ইয়াৰ পিছত পৰিস্থিতি কিছু স্বাভাৱিক হৈ পৰিল যদিও পাক সেনাই পুনৰ নিজৰ চৰিত্ৰ উদঙাই দিয়ে। ইফালে, নিৰ্বাচনৰ প্ৰাকক্ষণত জম্মু-কাশ্মীৰত হিংসাত্মক ঘটনা বৃদ্ধি পোৱাত নিৰাপত্তা বাহিনী সজাগ হৈ পৰিছে।

মন কৰিবলগীয়া যে ৩৭০ অনুচ্ছেদ বাতিলৰ ১০ বছৰৰ পাছত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলৈ গৈ আছে। ১৮ ছেপ্টেম্বৰত ইয়াত অনুষ্ঠিত হ’ব প্ৰথম ৰাউণ্ডৰ নিৰ্বাচন। ১৮ ছেপ্টেম্বৰ আৰু ১ অক্টোবৰত অনুষ্ঠিত হ’ব দ্বিতীয় আৰু অন্তিম পৰ্যায়ৰ নিৰ্বাচন।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd