অম্বিকাগিৰীয়ে চিঞৰিছিল, ‘‘বীৰ বেশেৰে ধৰ ঝাড়ু ধৰ/ জাতিৰ জীৱন কম মনোহৰ/ সাৰি-পুছি চুকে-কোণে/ য’ত যি আছে জাহি-জাবৰ/ নহ’লে যে বিশ্বসভাত/ নহ’ব তোৰ বহাৰ ঠাই ।”
আজিকোপতি অসমীয়া জাতিৰ জীৱন মুঠেই মনোহৰ নহ’ল; বৰং ইটোৰ পিছত সিটোকৈ বাৰম্বাৰ প্ৰত্যাহ্বান আহি অসমীয়া জাতি-গঠন প্ৰক্ৰিয়াক বাৰম্বাৰ ব্যাহত কৰিছে। প্ৰগতিৰ খুঁটাত জাতিটোৱে এখোপ উঠিব খুজিলেই কোনোবাই তেল ঢালি দুখোপ পিছলাই দিয়ে। জনগোষ্ঠীয় সংঘাত, অৰ্থনৈতিক শোষণৰ আঘাত, কৰ্মোদ্যমহীনতাৰ ব্যাঘাত, ৰাজনৈতিক কূটাঘাত, অসমীয়া সন্তানক ইংৰাজী মাধ্যমত পঢ়ুওৱা উলাহৰ আৰু সেই মাধ্যমৰ গুৰি ধৰা উছাহৰ অভিঘাত আদিৰ মাজেদি প্ৰাণ বচাই সৰকি আহি জাতিটো কোনোমতে জীয়াই আছিল আৰু ভঙা-গঢ়া, ভুল-চুক, সংঘাত-সমন্বয়ৰ মাজেদি জাতি-গঠন প্ৰক্ৰিয়াটোৱো খৰালিৰ ধীৰস্ৰোতা, জলক্ষীণ নদীৰ দৰে হ’লেও বৈ আছিল। কিন্তু, ছয় দশকৰ ভিতৰতে ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন, অস্তিত্ব ৰক্ষাৰ আন্দোলন, আলফাৰ আন্দোলন আদিৰে অনবৰতে আলোড়িত হৈ থকা জাতিটো গা টঙাই উঠিব নৌপাওঁতেই পুনৰ আৱশ্যক হৈ পৰিল এক মৰণপণ অথচ বিচক্ষণ যুঁজৰ। অথবা কি অন্তিম যুঁজৰ?
আশাৰ কথা এই যে “লুইতৰ আকাশত আজি তৰাৰ তৰাৱলী”! অসমী আইৰ “শকতিমন্ত” পুত্ৰ-পুত্ৰীসকল আজি লুইতপাৰত সমবেত। “সোণৰ সপোন” দেখি টোপনিত লাল-কাল ‘‘জননীৰ সন্তান”-সকলোকো আজি সংবাদ-মাধ্যমসমূহে বাৰম্বাৰ টিংখং বজাই জগাই দিব ধৰিছে। লুইতপৰীয়া দল-সংগঠন সাজু, সম্পাদক-সংবাদসেৱীসকল একত্ৰিত, বুদ্ধিজীৱী-শিল্পীসকল সষ্টম। ধীৰে ধীৰে হ’লেও জনগণো যেন জাগি উঠিছে, যদিও জঁকি উঠা নাই। জঁকিবৰ সকামো নাই, জাগিলেই হ’ল। কাৰণ আৱেগৰ কুৰুক্ষেত্ৰ আমাক নালাগে; লাগে বুদ্ধিৰ, বিবেকৰ, বিচক্ষণতাৰ সংগ্ৰাম।
কাজেই এই যুঁজ অসমীয়া আৰু বাঙালীৰ হানাহানি নহয়, হিন্দু আৰু মুছলমানৰ মাথা ফলাফলি নহয়। যুঁজৰ দিশ সেইমুৱা হ’লেই জাতি-শত্ৰুৱে কিৰিলি পাৰিব, সংগ্ৰামৰ ব্যৰ্থতা সুনিশ্চিত হ’ব। এই যুঁজ ৰাষ্ট্ৰৰ গণদ্ৰোহী আঁচনিৰ বিৰুদ্ধে; এই সংগ্ৰাম ধৰ্ম-ভাষা-গোষ্ঠী নিৰ্বিশেষে সমূহ অসমবাসী সৰ্বসাধাৰণ জনতাৰ নিকপকপীয়া মৈত্ৰী ৰচনাৰ কমাৰশাল। বাঙালী ভাই-ভনীসকলো আজি কুচক্ৰী শাসকৰ মিছা আৰু ভ্ৰমাত্মক আশ্বাসত বিচলিত হৈ চিৰকুটুম অসমীয়া জাতিৰ পৰা আঁতৰি যোৱা উচিত নহয়। অসমীয়া জাতি আজি বিপদগ্ৰস্ত; বাঙালী ভাইসকলে বিপদৰ বন্ধু হৈ দেখুৱাব লাগে। তেওঁলোকে মতলবী, সুবিধাবাদী বাঙালী ৰাজনীতিকৰ তেজোত্তেজক বিবৃতিক বেদবাক্য বুলি নধৰি অসমীয়াৰ বুকুৰ বান্ধৈ বাঙালী অমলেন্দু গুহ, হেমাংগ বিশ্বাস, কুলদা কুমাৰ ভট্টাচাৰ্য, পুলক বেনাৰ্জী, নন্দ বেনাৰ্জীৰ দৃষ্টান্ত সাৰোগত কৰক। অসমীয়া-বাঙালী, হিন্দু-মুছলমান এক হৈ নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ৰ প্ৰাণপণ বিৰোধিতা কৰক। তেহে শাসকীয় চক্ৰান্ত ব্যৰ্থ হ’ব আৰু জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৱে শান্তি, মৈত্ৰী আৰু প্ৰগতিৰ বাটত খোজ পেলাবলৈ আহৰি পাব।
ন্যস্ত স্বাৰ্থই বিচাৰিছে যে যমদূতী চেহেৰাৰ আৰু ফেঁটীগোম চৰিত্ৰৰ এই ভয়ংকৰ বিধেয়ক আইনত পৰিণত কৰি কেবাটাও কাম সমাধা কৰিব লাগে। যথা, (১) ভাৰতৰ পূৰ্বদিশৰ সবাতোকৈ বলবান জাতিসত্ত্বাটোক নিশকতীয়া কৰিব লাগে, (২) দশক-দশক জুৰি ভাষাৰ নামত, ধৰ্মৰ নামত জনগণে নিজৰ মাজতে অবিৰাম দবৰা-দবৰি কৰি ধূলি উৰুৱাই চৌদিশ অস্পষ্ট আৰু আন্ধাৰ কৰি তুলিব লাগে, (৩)জনগণ ৰণোন্মাদ হৈ থকাৰ সুযোগতে এই অঞ্চলৰ প্ৰাকৃতিক সম্পদৰ বিপুল সম্ভাৰ শাসকৰ মহামিতিৰ দেশী-বিদেশী বৃ্হৎ পুঁজিক লুটি নিব দি তেৰাসৱক এডভাণ্টেইজ্ আছামৰ আচল সোৱাদকণ ল’ব দিব লাগে, (৪) জনতাৰ অলক্ষিতে জনবিৰোধী কাম-কাজবোৰ চলাই নিব লাগে আৰু উন্নয়নৰ ফটা ঢোলটোৰ ছিৰিলা-ছিৰিল ছালখন সাৱধানে ঢাকি থৈ মাজে মাজে ধেপ্-ধেপকৈ বজাই থাকিব লাগে, (৫)এই সাম্প্ৰদায়িক আৰু পক্ষপাতদুষ্ট বিধেয়কখনৰ জৰিয়তে ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ নীতিত কুঠাৰাঘাত কৰি সাম্প্ৰদায়িক, অগণতান্ত্ৰিক, আমানৱিক, হাস্যকৰভাৱে টুলুঙা, ঘৃণাভিত্তিক, হিন্দুকে ধৰি সকলো ধৰ্মৰ মূলভাব-বিৰোধী আৰু ‘হিন্দুত্ববাদ’ নামৰ হিন্দুধৰ্ম-হিন্দুশাস্ত্ৰৰ সৈতে সংযোগহীন, বিশ্বত অস্বীকৃত, এঘণ্টাতে আয়ত্ত হোৱা, ‘দৰ্শন’ অভিধাৰ অযোগ্য এক দৰ্শনভিত্তিক ‘হিন্দুৰাষ্ট্ৰ’ বোলা দিবাস্বপ্ন, কুস্বপ্ন, দুঃস্বপ্নটো বাস্তৱায়িত কৰাৰ বাটত এটা সুনিশ্চিত খোজ পেলাব লাগে।
গতিকে সন্দেহ নাই যে এই বিধেয়ক কেৱল অসমীয়াভাষীৰ বাবেই বিপদ নহয়, সকলো অসমবাসীৰ বাবেই বিপদ। কেৱল অসমবাসীৰেই বিপদ নহয়, বৃ্হত্তৰ ভাৰতীয় জাতিৰ বাবেই, ভাৰতীয় গণতন্ত্ৰৰ বাবেই, ভাৰতৰ বাবেই এক মহাবিপদ। ভাৰতৰ অন্য প্ৰান্তৰ মানুহে এতিয়ালৈকে কথাটো টলকিব পৰা নাই। অৱশ্যে কেতবোৰ ৰাজ্যৰ মন্ত্ৰীসভাই বা মুখ্য মন্ত্ৰীয়ে ইয়াৰ বিৰোধিতা কৰিছে, কিন্তু অসমৰ দৰে তাত জন-জাগৰণ হোৱা নাই। কাৰণ, সংবিধানৰ ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ নীতিক আঘাত কৰি গণতন্ত্ৰৰ কফিন সাজিলেও এই বিধেয়কে ভাৰতৰ অন্য অংশত অসমৰ দৰে ভাষাৰ বিপদ, জাতিৰ বিপদ মাতি নানে। গতিকে ভাষাৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত আৰু গণতন্ত্ৰৰো স্বাৰ্থত এইক্ষেত্ৰত অসমেই ভাৰতক পথ দেখুৱাওক, ভাৰতৰ ভিন্ন প্ৰান্তৰ জনতাৰ সহায়-সমৰ্থন লওক। তাৰ বাবে অৰ্থাৎ অন্য ভাৰতীয়ৰ সমৰ্থনৰ বাবে কেৱল অসমীয়া ভাষিক জাতিসত্ত্বাৰ সমস্যাৰ কথা ক’লেই নহ’ব, গণতন্ত্ৰৰ বিপদৰ কথাও ক’ব লাগিব, ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ সাংবিধানিক নীতি জখমী হোৱাৰ কথাও ক’ব লাগিব। বুজাব লাগিব যে এই বিধেয়ক সৰ্বভাৰতৰে সমস্যা, কেৱল অসমৰ সমস্যা নহয়- যদিও ই আইনত পৰিণত হ’লে অসমৰে ক্ষতি হ’ব সৰ্বাধিক।
কোনো কোনোৱে কৈছে যে আন্দোলন বহুত হ’ল, আন্দোলনৰ মাজেদি জাতি, জাতীয়তাবাদ ৰক্ষা নপৰে– তাৰ বাবে কৰ্মযোগ কৰিব লাগিব। কথাটো বিভ্ৰান্তিকৰ। অসমীয়া জাতি কৰ্মযোগী বুলি খুব বেছি খিয়াতি নাই, সঁচা। কিন্তু, কৰ্মযোগ আৰু গণ-আন্দোলন ইটো সিটোৰ বিৰোধী নহয়। গণ-আন্দোলন নিজেই এটা কৰ্ম। এই মুহূৰ্তত শাসকপক্ষৰ মনঃপূত ‘কৰ্ম’ত একান্তভাৱে লিপ্ত থাকি অসমবাসীয়ে যদি প্ৰতিবাদী গণ-আন্দোলনৰ পথ প্ৰত্যাহাৰ কৰে, তেন্তে এই ভয়াবহ বিধেয়কখন আইনত পৰিণত হৈ জাতি ধ্বংস কৰি, জাতিক গোলাম কৰি আৰু অসমক অবাধ লুণ্ঠনেৰে মৰুময় কৰি তুলি কৰ্মযোগীৰ কৰ্মৰ কণ-কঠীয়া মাৰি নাইকিয়া কৰিব। কৰ্মৰ বাবে অসম কৰ্মভূমি হৈ থাকিব লাগিব, মৰুভূমি হ’লে জানো হ’ব?
কিছুমানে কৈছে – আন্দোলনৰ দৰকাৰ নাই, আইনী যুঁজেৰেই এই বিধেয়ক ভেটিব পৰা যাব। পিছে, বিধেয়ক আইনত পৰিণত হোৱাৰ পিছতহে আইনী যুঁজৰ কথা আহিব- তাৰ আগতে নহয়। ই আইন হৈ যোৱাৰ পিছত ইয়াৰ বিৰুদ্ধে আইনী যুঁজ সম্ভৱ হ’বনে নহ’ব বা! আইনৰ বিৰুদ্ধে আইনী যুঁজ হ’ব নে নাই সেয়া আইনজ্ঞইহে জানিব। আকৌ, যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন আৰু পৰামৰ্শৰ ভিত্তিত তৈয়াৰ হোৱা আইন ন্যায়ালয়ে বাতিল কৰিব পাৰেনে নোৱাৰে, সেয়াও আমাৰ আইনজ্ঞসকলে স্পষ্ট কৰা দৰকাৰ।
মুঠকথা, বিচক্ষণ আৰু বিবেকী, দৃঢ় আৰু আত্মবিশ্বাসী, সতৰ্ক আৰু সজাগ, ঐক্যবদ্ধ আৰু বিদ্বেষহীন গণ-প্ৰতিবাদৰ পথ প্ৰত্যাহাৰ অসমীয়া জাতি আৰু সমূহ অসমবাসীৰ বাবে আত্মঘাতী হোৱাটো ধুৰূপ। পিছে, কেৱল প্ৰতিবাদৰ মাজত পাকঘূৰণি খাই ৰাজ্যখনৰ আন আন সমস্যাৰ ফালে পিঠি দিয়া নচলিব; শাসকৰ বিৰুদ্ধে নিৰ্দেশিত হ’ব লগা ক্ষোভ আন কোনো ভাষিক বা ধৰ্মীয় সম্প্ৰদায়ৰ বিৰুদ্ধে পৰিচালিত হ’ব নালাগিব। অন্য এক ‘নেলী’ৰ উদ্ভৱ হ’লে অসমবাসীয়ে বেয়াকৈ তাৰ মাচুল ভৰিব লাগিব, শাসকৰ কূটাঘাত সহজসাধ্য হৈ পৰিব আৰু অশেষ সম্ভাৱনা থকা এক গণ-আন্দোলন বিপথগামী হৈ ব্যৰ্থতাৰ গৰাহত পৰিব আৰু ভৱিষ্যতে কোনোবাই অসমীয়া জাতিৰ ‘বেলিমাৰৰ বুৰঞ্জী’ লিখিব।
আশাকৰোঁ, এইবেলি তেনে নহ’ব। “লুইতৰ আকাশত তৰাৰ তৰাৱলী” আৰু “পাৰত দীপাৱলী” সঁচাই দৃশ্যমান হ’ব।
শিৱজিত দত্ত, লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক