• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুৰ্গা পূজাৰ পূৰ্বে বাংলাদেশৰ হিন্দু মন্দিৰত ধন দাবী আৰু ভাবুকি!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 25, 2024 9:22 pm
142
VIEWS
Share on FacebookShare on Twitter

দুৰ্গা পূজাৰ কিছুদিন পূৰ্বে বাংলাদেশৰ উগ্ৰ ইছলামিক গোটে পূজা সমিতি আৰু মন্দিৰক ভাবুকি দিছে যে ৫ লাখ বাংলাদেশী টকা নিদিলে উৎসৱ পালন কৰিবলৈ দিয়া নহ’ব। অহা ৯ অক্টোবৰৰ পৰা ১৩ অক্টোবৰলৈ উদযাপন কৰা হ’ব দুৰ্গা পূজা।

সংবাদ মাধ্যম ইণ্ডিয়া টুডেৰ সৈতে হোৱা কথা-বতৰাত বাংলাদেশৰ সৰ্ববৃহৎ হিন্দু উৎসৱৰ আগত কেইবাজনো সদস্যই উদ্বেগ আৰু শংকা প্ৰকাশ কৰে। হিন্দু সম্প্ৰদায়ৰ লোকে কয় যে ধন দাবীৰ ভাবুকি আৰু দুৰ্গা মূৰ্তি ভাঙি পেলোৱাৰ কেইবাটাও ঘটনা সংঘটিত হৈছে।

ইয়াৰে অধিকাংশ ঘটনাৰ খবৰ আহিছে খুলনা জিলাৰ ডাকোপ অঞ্চলৰ পৰা। কেইবাখনো পূজা সমিতিয়ে দুৰ্গা পূজা উদযাপন কৰিবলৈ দিয়া নহ’ব আৰু ধন পৰিশোধ কৰিব নোৱাৰিলে ইয়াৰ প্ৰতিক্ৰিয়া হ’ব বুলি ভাবুকি দি অনামী পত্ৰ লাভ কৰিছে।

প্ৰতিমা ভাঙি-ছিঙি লোৱাৰ বাতৰিও কেইবাটাও প্ৰকাশ পাইছে। যোৱা ২২ ছেপ্টেম্বৰত লক্ষ্মীগঞ্জ জিলাৰ সত্যপুৰ অঞ্চলত এখন মাদ্ৰাছাৰ ল’ৰাৰ দলে দুৰ্গা মূৰ্তি ভাঙি লণ্ডভণ্ড কৰিছিল। বৰগুনা জিলাৰ ফুলঝুৰি গলাচিপা মন্দিৰতো প্ৰতিমূৰ্তি ভাঙি লণ্ডভণ্ড কৰে।

শেহতীয়াকৈ হিন্দু সম্প্ৰদায়ৰ লোকসকলে চট্টগ্ৰাম আৰু খুলনা জিলাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক সাক্ষাৎ কৰি এজাহাৰ দাখিল কৰে।

বাংলাদেশ হিন্দু-বৌদ্ধ-খ্ৰীষ্টান ইউনিটি কাউন্সিল নামৰ মানৱ অধিকাৰ সংগঠনটোৱে শেহতীয়াকৈ সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত হোৱা আক্ৰমণ আৰু শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পাছত তেওঁলোকৰ সম্পত্তিৰ অপবিত্ৰকৰণক গৰিহণা দিয়ে। ড০ মহম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰক দোষীৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিষদে আহ্বান জনাইছে।

পৰিস্থিতিৰ তদাৰক আৰু সংখ্যালঘু জনগোষ্ঠীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে পৰিষদে ছয়জনীয়া নিৰীক্ষণ কোষ স্থাপন কৰিছে।

চট্টগং জিলাৰ সনাতন বিদ্যাৰ্থী সন্থাৰ সভাপতি কুশল চক্ৰৱৰ্তীয়ে ইণ্ডিয়া টুডেক জনোৱা মতে, ভয়ৰ পৰিৱেশৰ মাজতে হিন্দুসকলে দুৰ্গা পূজাৰ বাবে সাজু হৈছে।

সাথকিৰা জিলাৰ স্থানীয় হিন্দু সমিতিৰ নেতা বিবেকানন্দ সত্যজিৎ এইবাৰ হিন্দুসকলে মুক্তভাৱে দুৰ্গা পূজা উদযাপন কৰাটো কঠিন হ’ব বুলি মন্তব্য কৰে।

Recent News

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

আই চি ইউত সংকটজনক অৱস্থাত অভিনেতা; কন্যাৰ অনুৰোধত আৰ্থিক সাহায্য আগবঢ়ালে কোনে?

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd