• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য প্ৰশাসনেই নাকচ কৰিলে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ‘৯০০ কুকি উগ্ৰপন্থী প্ৰৱেশ’ৰ প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2024 11:47 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা সপ্তাহত চোৰাংচোৱাৰ প্ৰতিবেদন অনুসৰি ম্যানমাৰৰ পৰা ৯০০ কুকি উগ্ৰপন্থীয়ে মণিপুৰত প্ৰৱেশ কৰিছে। তাৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হয় উদ্বেগ। এফালে নিৰাপত্তাৰক্ষী বাহিনীৰ বিষয়াসকল সঘনাই বৈঠকত মিলিত হয়। সেইদৰে, স্পৰ্শকাতৰ অঞ্চলত অতিৰিক্ত সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয়।

আনহাতে, চৰকাৰে ভুৱা চোৰাংচোৱাৰ প্রতিবেদন প্রকাশ কৰি অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে কুকি সংগঠনসমূহে৷ কুকিসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিবলৈকে এই কাম কৰা হৈছে। কুকি উগ্ৰপন্থীয়ে তেওঁলোকক আক্ৰমণ কৰিবলৈ সাজু হৈছে বুলি ধৰি লৈ মেইটেইসকলে ওলোটাই ভাবুকি দিয়ে।

ইয়াৰ এসপ্তাহ পিছতে মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিং আৰু ৰাজ্যিক আৰক্ষীৰ ডিজি ৰাজীৱ সিঙে যৌথ বিবৃতি জাৰি কৰি এই প্ৰতিবেদন ভুল বুলি জনাইছে। তদন্তত ম্যানমাৰৰ পৰা কুকি উগ্ৰপন্থী প্ৰৱেশৰ কোনো প্ৰমাণ পোৱা নগ’ল। প্ৰশাসনৰ শীৰ্ষ বিষয়া দুগৰাকীৰ এই যৌথ বক্তব্যত মুখ্যমন্ত্ৰী বীৰেন সিঙৰ বিবুধিত পৰা বুলিয়েই ৰাজনৈতিক মহলে ভাবে। প্ৰশাসনৰ শীৰ্ষ মহলৰ পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰতিবেদন নাকচৰ উদাহৰণ বিৰল।

Apply Now

লগতে পঢ়কঃ বিজ্ঞানীসকলৰ অভিনৱ আৱিষ্কাৰ! পালে নতুন প্ৰকাৰৰ ব্লাড গ্ৰুপ ‘MAL’, জানি লওক ইয়াৰ বৈশিষ্ট্য

কুকি উগ্ৰপন্থী অনুপ্ৰৱেশৰ চোৰাংচোৱা প্ৰতিবেদন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ কাৰ্যালয়ে সংবাদ মাধ্যমক প্ৰদান কৰিছিল। পিছত নিৰাপত্তা উপদেষ্টাগৰাকীয়েও চোৰাংচোৱাৰ প্ৰতিবেদন স্বীকাৰ কৰে। অৱশ্যে নিৰাপত্তা উপদেষ্টা আৰু যৌথ বাহিনীয়ে প্ৰতিবেদনখনৰ সত্যতা পৰীক্ষা কৰি প্ৰকাশ কৰাৰ পৰিকল্পনা কৰিছিল। কাৰণ, মণিপুৰ আৰু ম্যানমাৰৰ বনাঞ্চলে ভৰা পাহাৰীয়া অঞ্চলত প্ৰায়ে সীমাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হয়। উগ্ৰপন্থী কাৰ্যকলাপৰ ড্ৰ’ন ফুটেজ ম্যানমাৰৰ ভিতৰত যুদ্ধবিৰত কুকিসকলৰ হ’ব পাৰে।

চোৰাংচোৱাৰ খবৰ অনুসৰি ম্যানমাৰৰ পৰা মণিপুৰত অস্ত্ৰধাৰী কুকি উগ্ৰপন্থীয়ে মেইটেইসকলক আক্ৰমণ কৰিবলৈ প্ৰৱেশ কৰিছে। সংখ্যাত প্ৰায় ৯ শতাধিক।

প্ৰসংগক্ৰমে, ম্যানমাৰতো বৃহৎ সংখ্যক কুকি-জো সম্প্ৰদায়ৰ লোকে বাস কৰে। বিগত কেইটামান দশক ধৰি তেওঁলোকে স্বাধীন জো ৰাষ্ট্ৰ গঠনৰ লক্ষ্যৰে ম্যানমাৰৰ সামৰিক চৰকাৰৰ বিৰুদ্ধে যুঁজ দি আহিছে। তেওঁলোকৰ হাতত বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰ আছে। ম্যানমাৰৰ সেনাই তেওঁলোকৰ আক্ৰমণত পিছুৱাই গৈছে। ম্যানমাৰৰ বৃহৎ অঞ্চল এতিয়া কুকি-জো উগ্ৰপন্থীৰ নিয়ন্ত্ৰণত।

চোৰাংচোৱাৰ বাতৰি অনুসৰি ম্যানমাৰৰ পৰা কুকি কমাণ্ডোৱে কুকি সংগ্ৰামক সমৰ্থন কৰিবলৈ মণিপুৰত অনুপ্ৰৱেশ কৰিছে। মেইটেইসকলৰ ওপৰত আক্ৰমণৰ ভাবুকি নুই কৰিব নোৱাৰি।

ইতিমধ্যে মণিপুৰৰ কুকি-মেইটেই সংঘাতৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মুখ্যমন্ত্ৰী বীৰেন সিং। মেইটেই জনগোষ্ঠীৰ লোক বীৰেন সিঙে জাতিগত সংঘাতৰ উচটনি দিয়া বুলি অভিযোগ কৰে কুকিসকলে। তেওঁক মুখ্যমন্ত্ৰীৰ চকীত ৰাখি সমস্যা সমাধান কৰা সম্ভৱ নহয়।

লগতে পঢ়কঃ ‘বিধৱাই মেকআপ নকৰে, কিয় এই অপবাদ!’ পাটনা উচ্চ ন্যায়ালয়ক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ

এনে পৰিস্থিতিত মুখ্যমন্ত্রীৰ কার্যালয়ে দিয়া চোৰাংচোৱা প্রতিবেদনক লৈ উত্তেজনা চৰম পৰ্যায়ত উপনীত হয়৷ কুকি আৰু মেইটেইসকলে বিপৰীতমুখী কাৰ্যসূচী লৈছিল। বুধবাৰে নিশা ৰাজ্যখনৰ নিৰাপত্তা উপদেষ্টা আৰু আৰক্ষী সঞ্চালকে এক যৌথ বিবৃতিত কয় যে চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত চলোৱা তদন্তত ম্যানমাৰৰ পৰা কুকি উগ্ৰপন্থী প্ৰৱেশৰ কোনো প্ৰমাণ পোৱা নগ’ল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am
শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd