আমেৰিকাই ১৯টা ভাৰতীয় কোম্পানী আৰু দুজন নাগৰিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আমেৰিকাই কয় যে এই কোম্পানীসমূহে ৰাছিয়াক ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছিল।
আমেৰিকাই প্ৰায় ৪০০ কোম্পানী আৰু বহু দেশৰ লোকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ভাৰতৰ বাহিৰেও ইয়াৰ ভিতৰত চীন, মালয়েছিয়া, থাইলেণ্ড, তুৰ্কী আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ কোম্পানী আৰু নাগৰিক আছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দিল্লীস্থিত প্ৰতিষ্ঠান এচেণ্ড এভিয়েশনৰ সঞ্চালক বিবেক কুমাৰ মিশ্ৰ আৰু সুধীৰ কুমাৰক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতীয় চাৰিটা কোম্পানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভতো বিতং তথ্য প্ৰদান কৰিছে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে।
লগতে পঢ়কঃ অবিশ্বাস্য হাৰত হ্ৰাস পালে ভাৰতীয় মুদ্ৰাৰ মূল্য! ডলাৰৰ হিচাপত কিমান কমিল?
ইয়াৰ ভিতৰত আছে এচেণ্ড এভিয়েশন ইণ্ডিয়া, মাস্ক ট্ৰেন্স, টি এছ এম ডি গ্ল’বেল আৰু ফুট্ৰেভ’। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে অভিযোগ কৰিছে যে ২০২৩ চনৰ মাৰ্চৰ পৰা ২০২৪ চনৰ মাৰ্চৰ ভিতৰত এচেণ্ড এভিয়েশনে ৰাছিয়াৰ কোম্পানীসমূহলৈ ৭০০ৰো অধিক চালান প্ৰেৰণ কৰিছিল। ইয়াৰ ভিতৰত আছে ২ লাখ ডলাৰতকৈ অধিক মূল্যৰ কমন হাই প্ৰাইঅ’ৰিটি লিষ্টৰ (চিএইচপিএল) সামগ্ৰী।
একেদৰে মাস্ক ট্ৰেন্সে ২০২৩ চনৰ জুন মাহৰ পৰা ২০২৪ চনৰ এপ্ৰিল মাহৰ ভিতৰত ৰাছিয়াক ৩ লাখ ডলাৰতকৈ অধিক মূল্যৰ চি এইচ পি এল সামগ্ৰী যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। টি এছ এম ডি গ্ল’বেলে ৰাছিয়াক ৪ লাখ ৩০ হাজাৰ ডলাৰৰ চি এইচ পি এলৰ সামগ্ৰী যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে।
একেদৰে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে ভাৰতীয় কোম্পানী ফুট্ৰেভ’ই ৰাছিয়াক ১৪ লাখ ডলাৰৰ চি এইচ পি এল সামগ্ৰী যোগান ধৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ ভিতৰত ইলেক্ট্ৰনিক উপাদানসমূহো অন্তৰ্ভুক্ত। এই সামগ্ৰীসমূহ ২০২৩ চনৰ জানুৱাৰীৰ পৰা ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ডেলিভাৰী কৰা হৈছিল।
লগতে পঢ়কঃ শিৱসাগৰত বিধ্বসী অগ্নিকাণ্ডৰ ঘটনা, জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু
ভাৰতীয় কোম্পানীসমূহৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰাটো এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰ মাহতো Si2 মাইক্ৰোচিষ্টেমকো নিষিদ্ধ কৰা হৈছিল। কোম্পানীটোৱে ৰাছিয়াৰ সেনাবাহিনীক আমেৰিকান মূলৰ ইন্টিগ্ৰেটেড চাৰ্কিট যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল।