• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনিয়মেৰে নিযুক্তি লোৱা ১৭ গৰাকী আৰক্ষী পৰিদৰ্শকক বচোৱাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে : ডি ৱাই এফ আই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 1, 2024 4:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অনিয়মেৰে বাচনি লাভ কৰি  ১৬ বছৰে চাকৰি কৰি থকা ১৭ গৰাকী ভুৱা আৰক্ষীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰাৰ সলনি তেওঁলোকক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু তেখেতৰ অধীনৰ গৃহ বিভাগে লোৱা কৌশলী পদক্ষেপত স্তম্ভিত হৈ পৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটি।

ডি ৱাই এফ আইয়ে দাবী কৰিছে যে অনিয়মেৰে বাচনিভূক্ত হোৱা এইসকল আৰক্ষীক তৎকালে চাকৰিৰ পৰা বৰ্খাস্ত কৰক। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি ঘোষণা কৰা, স্বচ্ছ আৰু নিকা নিযুক্তিৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক ৰক্ষণাবেক্ষণ দিব বিচৰা কাৰ্যই তেওঁৰ আচল স্বৰূপ উদঙাই দিছে। আচৰিত কথাটো হৈছে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা কথাই নানা প্ৰশ্নৰ উদ্ৰেক কৰিছে। প্ৰশ্ন হৈছে সেই সময়ৰ শক্তিশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ সাংগো-পাংগো সকলৰ নেতৃত্বতে এই কেলেংকাৰি হৈছিল নেকি ?

 ২০০৭ চনৰ ১৫ নবেম্বৰত ১১৫ টা উপ পৰিদৰ্শক পদৰ বিজ্ঞাপন প্ৰকাশ কৰি ২০০৮ চনত নিযুক্তি সম্পন্ন কৰিছিল। কিন্তু নিযুক্তি প্ৰক্ৰিয়া সংৰক্ষণ নীতি ভংগৰ লগতে গুৰুতৰ দুৰ্নীতি-অনিয়মৰ অভিযোগ উঠিছিল।  দুৰ্নীতি অনিয়ম হোৱাৰ অভিযোগ তুলি ১৭ গৰাকী বঞ্চিত প্ৰাৰ্থীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত ডব্লিউ পি (চি) ৪৪৩৫/২০০৮ এটা গোচৰ ৰুজু কৰিছিল।

এই গোচৰৰ দীঘলীয়া শুনানিত অসম আৰক্ষীৰ তদানীন্তন আই জি পিয়ে (প্ৰশাসনিক) ২০১১ চনত ১৪ ফেব্ৰুৱাৰীত শপতনামা দাখিল কৰি বাচনি প্ৰক্ৰিয়াত সংৰক্ষিত আসনত নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম হোৱাৰ কথা স্বীকাৰ কৰি নতুনকৈ শুদ্ধ আৰু সংশোধিত তালিকা প্ৰকাশ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। ২০১৪ চনৰ ১৪ জুলাইত উচ্চ ন্যায়ালয়ে অনিয়মেৰে বাচনি হোৱা প্ৰাৰ্থীসকলৰ বিৰুদ্ধে ব্যৱস্থালৈ যোগ্যজনক নতুনকৈ বাচনি কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ ভিত্তিতে ২০১৭ চনত সেই সময়ৰ ডি জি পি মুকেশ সহায়, এ ডি জি পি জ্যোতিৰ্ময় চক্ৰৱৰ্তী, গৃহ বিভাগৰ সচিব কে শৰ্মা, এ ডি জি পি এল আৰ বিষ্ণাই আৰু পাৰ্চনেল বিভাগৰ সচিব উদয়ন হাজৰিকাৰ স্বাক্ষৰিত ১১৫ জনৰ এখন সংশোধিত তালিকা প্ৰকাশ কৰে।

এই তালিকাৰ পৰা পূৰ্বে বাচনি লাভ কৰা ১৯ বিষয়াৰ নাম বাদ দিয়ে। নতুন তালিকাত পূৰ্বে বঞ্চিত হোৱা ১৯ জনক স্থান দিয়ে। কিন্তু আচৰিত কথাটো হৈছে তালিকাৰ পৰা বাদ পৰা ১৯ জন উপ পৰিদৰ্শকে আজিলৈ চাকৰি কৰি থকাৰ লগতে পৰিদৰ্শক পদলৈ পদোন্নতিহে লাভ কৰিছে। অৱশ্যে ১৯ জন বিষয়াৰ ভিতৰত দুজনে ইতিমধ্যে পদত্যাগ কৰিছে।  এনে ভয়ংকৰ দুৰ্নীতিৰে আৰক্ষীৰ চাকৰিত যোগ  দিয়া ১৭ আৰক্ষী বিষয়াৰ বিৰুদ্ধে যোৱা ১০ ছেপ্টেম্বৰত ডি জি পিৰ কাৰ্যালয়ৰ পৰা গৃহ বিভাগলৈ উক্ত বিষয়া সকলক বৰ্খাস্ত কৰিবলৈ পত্ৰ প্ৰেৰণ কৰে। এই পত্ৰৰ ভিত্তিতে ১৩ গৰাকী অভিযুক্ত আৰক্ষী পৰিদৰ্শকে সুৰক্ষা বিচাৰি উচ্চ ন্যায়ালয়ত আৱেদন কৰে। এই আৱেদনৰ ভিত্তিত ন্যায়ালয়ে গোচৰ ৰুজু কৰে।

এই গোচৰ সম্পৰ্কত চৰকাৰৰ পক্ষৰ অধিবক্তাই যি শপতনামা দাখিল কৰিছে তাতেই চৰকাৰ, গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰীৰ স্বৰূপ ওলাই পৰিছে। প্ৰকৃততে মুখ্যমন্ত্ৰী আৰু চৰকাৰে এই বিষয়া সকলক সুৰক্ষা দিয়াৰ বাবে উঠিপৰি লাগিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই নিকৃষ্ট কাণ্ডক ডি ৱাই এফ আইয়ে কঠোৰ ভাষাৰে গৰিহণা জনাইছে আৰু তৎকালে অনিয়মেৰে চাকৰি লোৱা বিষয়া সকলক বৰ্খাস্ত কৰিবলৈ দাবী কৰিছে।

আন এক তাৎপৰ্যপূৰ্ণ কথা হৈছে এনে দুই নম্বৰী বিষয়াৰে বদ্ৰিপ্ৰসাদ বাৰুৱতি নামৰ বিষয়া গৰাকীয়ে সোণ চুৰি ঘটনাত জড়িত হোৱাৰ লগতে একাংশই শেহতীয়া দীপাৱলীৰ সময়ত অবৈধ জুৱাখেল পতাৰ নামত ধন সংগ্ৰহত ব্যস্ত থকাৰ অভিযোগ পোৱা গৈছে। যদি এই বিষয়াসকলৰ চাকৰি বাহল থাকে তেন্তে সাধাৰণ জনতাই কেনেকৈ ন্যায় পাব তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd