আজি সম্পূৰ্ণ হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা। ঘোষণা কৰা হ’ল ফলাফল। আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল ড’নাল্ড ট্ৰাম্প। ২৭০খন আসন লাভ কৰিলে ট্ৰাম্পে।
উল্লেখ্য যে আমেৰিকাত নিৰ্বাচন বেলট পেপাৰত কৰা হয়। এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বেলট পেপাৰত একমাত্ৰ ভাৰতীয় ভাষা হিচাপে ঠাই পালে ভাৰতীয় বাংলা ভাষাই।
এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰবাসী বঙালী লোকসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল। যাতে তেওঁলোকে নিজৰ মাতৃভাষাত পছন্দৰ প্ৰাৰ্থীৰ নাম পঢ়ি ভোটদান কৰিব পাৰে।
উল্লেখ্য যে আমেৰিকাৰ সকলো ৰাজ্যতে আগতীয়াকৈ ভোটদানৰ ব্যৱস্থা আছে। নিউয়ৰ্কৰ ভোটাৰসকলে ভোটদানৰ সময়ত প্ৰাৰ্থীৰ নাম বাংলা ভাষাত লিখা প্ৰত্যক্ষ কৰে। জানিব পৰআ মতে, আমেৰিকাত বাস কৰা মুঠ বাঙালীৰ প্ৰায় ৪০ শতাংশই এই প্ৰদেশত বাস কৰে। ইয়াৰে অধিকাংশই বাংলাদেশী মূলৰ।
২০২০ চনৰ পৰিসংখ্যা অনুসৰি নিউয়ৰ্কত ১ লাখতকৈ অধিক বাঙালী লোক বাস কৰে। তেওঁলোকৰ কথা ভাবিয়েই বেলট পেপাৰত বাংলা ভাষাত প্ৰাৰ্থীৰ নাম ছপা কৰা হৈছে।
ইয়াৰ উপৰিও নিউয়ৰ্কত প্ৰায় ২০০ টা ভাষিক সম্প্ৰদায়ৰ লোক আছে। ইমানবোৰ ভাষাৰ মাজত বেলট পেপাৰত বাংলাক নিৰ্বাচন কৰাক লৈ এতিয়া বাংলাভাষীসকল উৎফুল্লিত হৈ উঠিছে।
উল্লেখ্য যে বাংলা ভাষাৰ বাহিৰেও বেলট পেপাৰত আন ৪টা ভাষা আছিল। সেইকেইটা হৈছে ইংৰাজী, চীনা, স্পেনিছ আৰু কোৰিয়ান।