• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অৰুণাচল প্ৰদেশ লোকসেৱাৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্নকাকতৰ খেলিমেলিঃ তদন্ত কমিটি গঠনৰ দাবী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2017 10:12 am
129
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিকৰ প্ৰশ্নকাকতত হোৱা খেলিমেলিৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন চলাই অহা আন্দোলনকাৰী শিক্ষাৰ্থীৰ নেতৃত্ব বহনকাৰী কৰ্ণধাৰ সমিতিয়ে লোকসেৱা আয়োগে গঠন কৰি দিয়া বিশেষজ্ঞ সমিতিৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছে আৰু তিনিমাহৰ ভিতৰত নতুনকৈ পৰীক্ষা পতাৰ দাবী তুলিছে।

সাংবাদিকৰ আগত তেওঁলেকৰ মতামত প্ৰকাশ কৰি কৰ্ণধাৰ সমিতিৰ এগৰাকী সদস্য অধ্যাপক ননী বাথে কয় যে কৰ্ণধাৰ সমিতিয়ে বিশেষজ্ঞ সমিতিক প্ৰত্যাখ্যান কৰিছে। ‘’ প্ৰশ্নকাকতৰ  ভুলসমূহ অতি স্পষ্ট আৰু যিকোনো সাধাৰণ লোকেই সেইবোৰ আঙুলিয়াই দিব পৰিব,’’-তেওঁ কয়।

কৰ্ণধাৰ সমিতিয়ে ইয়াৰ বিপৰীতে এগৰাকী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বা কাৰ্যৰত সত্ৰ ন্যায়াধীশক মুৰব্বী হিচাপে লৈ এখন তদন্ত কমিটি গঠন কৰাটো বিচাৰিছে। লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰত্যাশীসকলেও বিভিন্ন বিষয়ৰ বিশেষজ্ঞসকলৰ সৈতে নিজাববীয়াকৈ বিষয়টোৰ বিশ্লেষণ কৰা বুলি জানিব পৰা গৈছে।

লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু সচিবগৰাকীৰ অধীনত এই সকলোবোৰ খেলিমেলি হোৱা বুলি দাবী কৰি কৰ্ণধাৰ সমিতিয়ে কয় যে অধ্যক্ষগৰাকীয়ে নৈতিক দায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰিব লাগে আৰু পৰীক্ষা নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

অহা ১৫ ডিচেম্বৰ সময়সীমা বান্ধি দি কৰ্ণধাৰ সমিতিয়ে কয় যে যিদ অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে তেওঁলোকৰ দাবী পূৰণ কৰাত ব্যৰ্থ হয় তেতিয়াহ’লে এনে বাৰেপাচি ভুলেৰে প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ বাবে দায়বদ্ধ বিষয়াৰ বিৰুদ্ধ এখন এজাহাৰ দাখিল কৰা হ’ব আৰু গণতান্ত্ৰিক আন্দলোন চলাই যোৱা হ’ব।

Recent News

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd