• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দ’ পাট্টিৰ ৰহস্য

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
November 14, 2024 5:00 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ’ পাট্টি-এখন পৰিয়ালকেন্দ্ৰিক ৰহস্যধৰ্মী বলিউডৰ চিনেমা। যোৱা ২৫ অক্টোবৰত মুক্তি পাইছিলে দ’ পাট্টিয়ে। ছবিখন পৰিচালনা কৰিছে শশাংক চতুৰ্বেদীয়ে। দ’ পাট্টিৰ চিত্ৰনাট্য লিখিছে কণিকা ঢিলনে। ১২৭ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন দৰ্শকৰ বাবে নেটফ্লিক্সত উপলব্ধ।

এটা ৱাইড এংগল শ্বটেৰে ছবিখনৰ আৰম্ভণি ঘটে। উত্তেজনাপূৰ্ণ এই দৃশ্যাংশৰ পিছতেই ছবিখনত আৰক্ষী বিষয়া বিদ্যা(কাজল)ৰ আগমণ ঘটে নাটকীয়তাহীনভাৱে। ইয়াৰ কিছু পিছৰে পৰাই ফ্লেছবেকত ছবিখনৰ কাহিনীভাগ আগবাঢ়ে। দুই যমজ ভগ্নী সৌম্যা আৰু শ্বেলীৰ শৈশৱৰ পৰা যৌৱন পৰ্যন্ত জীৱনগাঁ‌থা ছবিৰ মাজেৰে চলি থাকে। দুয়ো শৈশৱতে মাতৃ আৰু মাতৃৰ পিছত পিতৃহাৰা হোৱাৰ পৰৱৰ্তী পৰ্যায়ত  ঘৰুৱা সহায়কাৰী মা-জী(তনভী আজমি)ৰ সৈতে কিদৰে জীৱন আগুৱাই তাকে লৈয়েই ছবিখনৰ কাহিনী আগবাঢ়ে। মাজে মাজে মৃদু হাস্যৰসৰ উপস্থাপনৰ লগতে বলীউডী মছলা নৃত্য-গীতৰো প্ৰয়োগ কৰা হৈছে ছবিখনত। কাহিনীভাগ গতিশীল আৰু মনোগ্ৰাহী যদিও, মধ্যাংশত কিছু মন্থৰ হৈ পৰে। এখন ৰহস্যধৰ্মী ছবিত থাকিবলগীয়া শিহৰণো অনুভৱ নহয়।

Apply Now

অৱশ্যে আৱহ-সংগীতৰ ব্যৱহাৰ প্ৰশংসনীয়। আৱহ সংগীতৰ কাম কৰিছে অসমৰ অনুৰাগ শইকীয়াই। দুয়ো ভগ্নীৰ মাতৃৰ মৃত্যুৰ পিছত দুয়োৰে মাজত মানসিক ব্যৱধান বাঢ়িবলৈ ধৰে আৰু এসময়ত পিতৃয়ে শ্বেলীক বৰ্ডিঙ স্কুললৈ অধ্যয়নৰ বাবে প্ৰেৰণ কৰে। শ্বেলী বহুবছৰৰ পিছত হে ঘূৰি আহে ঘৰলৈ। শ্বেলী অহাৰ পিছত পৰিস্থিতিয়ে গতি সলাই। সৌম্যাৰ জীৱনলৈ হঠাত অহা ধ্ৰুৱ নামৰ যুৱকজন আৰু শ্বেলী, সৌম্যাৰ মাজৰ ব্যৱধান,মতানৈক্যই এজাক ধুমুহা অহাৰ সম্ভাৱনাক স্পষ্ট কৰে। গাৰ্হস্থ্য হিংসা আৰু ইয়াৰ প্ৰভাৱ কিমান দূৰলৈকে পৰে আৰু কাক কাক ইয়ে ক্ষতিগ্ৰস্ত কৰে,সেই সকলোবোৰ এখন প্ৰতিচ্ছবি দ’ পাট্টি।  

দ’ পাট্টিৰ চিনেমেট’গ্ৰাফীৰ কাম উন্নত মানদণ্ডৰ। পিছে ছবিখনৰ চিত্ৰনাট্যত থকা কিছু খুটিনাটিয়ে ছবিখনক সম্পূৰ্ণ উপভোগ্য এখন অপৰাধকেন্দ্ৰিক ৰহস্যধৰ্মী ছবি হৈ উঠাৰ পৰা বঞ্চিত কৰিলে। সম্পাদনাৰ কামো দুৰ্বল। দ্বিতীয়াৰ্ধ উপভোগ্য যদিও,ছবিখন নাতিদীৰ্ঘ হোৱাৰ সম্পূৰ্ণ থল আছিলে। অৱশ্যে আদালতৰ বাদানুবাদ উপভোগ্য আছিল।

অভিনয়ৰ ক্ষেত্ৰত যদিওবা প্ৰথমেই নাম ল’ব লাগিব কাজলৰ,কিন্তু কাজলৰ অভিনয় প্ৰতিভা সম্পূৰ্ণকৈ দ’ পট্টিত প্ৰকাশ নেপালে। তাৰ পৰিৱৰ্তে কৃতি শ্বেননৰ দ্বৈত চৰিত্ৰত অভিনয় অধিক ভাল লগা হৈছিল। কিছু খুটিনাতিৰ বাদে ছবিখন উপভোগ কৰি নিৰাশ নহ’ব।

 

 

 

mail id- [email protected]

 

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

ভাৰতৰ ওপৰত পুনৰ আমেৰিকাৰ ১২.৫ শতাংশ অতিৰিক্ত শুল্কৰ বোজা! কি ক’লে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে?

June 3, 2026 8:52 pm
উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

উকীল-আদালতৰ কি প্ৰয়োজন? যদিহে পুলিচে নিমিষতে এইদৰে ‘ন্যায়’ দিয়াটো আমি মানি লওঁ?

June 3, 2026 8:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

ডায়েবেটিছৰ আগতীয়া লক্ষণ: শৰীৰে আগতেই দিয়ে সংকেত, কিন্তু সাধাৰণ ছুগাৰ টেষ্ট কিয় ফেইল হয়?

June 4, 2026 6:45 am
ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

ভাতৃত্ববোধৰ অনন্য নিদৰ্শন: ককায়েকৰ সৈতে একেলগে পঢ়িবলৈ আইআইটি বম্বেৰ আসন ত্যাগ কিশোৰৰ

June 3, 2026 9:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd