শেহতীয়াকৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ডিজিটেল নিউজ মিডিয়াকলৈ এক বক্তৱ্য প্ৰদান কৰে। ডিজিটেল নিউজ ব্যৱসায়ত তেওঁ গুগল আৰু মেটাৰ দৰে বৃহৎ টেক কোম্পানীৰ একচেটিয়া আধিপত্যৰ কথা উল্লেখ কৰে। এই পৰিস্থিতিত তেওঁ গণতন্ত্ৰৰ স্বাৰ্থত অনলাইন সংবাদ মাধ্যমক সুৰক্ষা প্ৰদানৰ নীতি নিৰ্ধাৰণত গুৰুত্ব আৰোপ কৰে।
ডিজিটেল মিডিয়াত বিগ টেক কোম্পানীসমূহে দীৰ্ঘদিন ধৰি প্ৰভাৱশালী অৱস্থান উপভোগ কৰি আহিছে। অনলাইন মিডিয়া হাউছসমূহক পৰ্যাপ্ত ধন নিদিয়াকৈয়ে তেওঁলোকৰ সামগ্ৰীৰ পৰা তেওঁলোকে যথেষ্ট পৰিমাণৰ উপাৰ্জন কৰিয়েই আছে।
ভাৰতীয় ডিজিটেল নিউজ প্লেটফৰ্ম এক অস্বস্তিকৰ পৰিস্থিতিত অৱস্থান কৰি আছে। দীৰ্ঘদিনীয়া অভিযোগ, টেক জায়েন্টসমূহে “হয় লোৱা নহয় বাদ দিয়া” মনোভাৱেৰে কাম কৰে। কোনো আলোচনাত আহিব নিবিচাৰে। ফলত ডিজিটেল নিউজ মিডিয়াবোৰে প্ৰায়ে এই টেক জায়েন্টসকলে নিৰ্ধাৰণ কৰা চৰ্তসমূহ গ্ৰহণ কৰাৰ বাহিৰে আন বিকল্প নাথাকে।
লগতে পঢ়কঃ পোন্ধৰ বছৰৰ প্ৰেমৰ অন্তত ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কীৰ্তি সুৰেশ
শেহতীয়া বছৰবোৰত অষ্ট্ৰেলিয়া, ইউৰোপ, ব্ৰিটেইন, কানাডা আৰু আমেৰিকাকে ধৰি দেশসমূহত ডাঙৰ ডাঙৰ টেক কোম্পানীসমূহৰ ডিজিটেল নীতিৰ বিৰুদ্ধে যুঁজ তীব্ৰতৰ হৈ পৰিছে। ভাৰতৰ চিচিআইয়েও এই সন্দৰ্ভত এক অধ্যয়ন আৰম্ভ কৰিছে। অৱশ্যে এই সন্দৰ্ভত সবিশেষ প্ৰতিবেদন এতিয়াও প্ৰকাশ পোৱা নাই।
উল্লেখ্য যে যোৱা ডেৰ বছৰত ডিজিটেল মিডিয়া নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি বাৰে বাৰে তীব্ৰ আপত্তিৰ সৃষ্টি হৈছে। অশ্বিনী বৈষ্ণৱেও বিষয়টো চোৱা-চিতা কৰিবলৈ কৈছে যাতে অনলাইন বাতৰিৰ বিশ্বাসযোগ্যতাক লৈ কোনো প্ৰশ্ন উত্থাপন নহয়।
মন কৰিবলগীয়া যে, টেক জায়েন্টৰ দ্বাৰা নিয়ন্ত্ৰিত চাৰ্চ ইঞ্জিনৰ ভূমিকা আলোচ্য হৈ পৰিছে। প্ৰায়ে দেখা যায় যে বিভ্ৰান্তিকৰ বাতৰিয়ে অগ্ৰাধিকাৰ লাভ কৰিছে। অৱশ্যে সেইটো এটা চিন্তাৰ বিষয়। ইয়াৰ উপৰিও কৃত্ৰিম বুদ্ধিমত্তাৰ আৱিষ্কাৰ আৰু সংবাদ জগতত এআই-চালিত চেটজিপিটি, জেমিনিৰ উত্থান, লগতে এআইৰ জৰিয়তে ফটো আৰু ভিডিঅ’ সম্পাদনাইও অনলাইন সাংবাদিকতাত তথ্য পৰীক্ষা কৰাটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
লগতে পঢ়কঃ ডিউটি শেষ! মাজ বাটতে যাত্ৰীসকলক এৰি ঘৰলৈ খোজ ল’লে পাইলটে, তাৰ পিছত কি ঘটিল?
বৰ্তমান ভাৰত চৰকাৰেও এই বিষয়টোৰ ওপৰত চিন্তা-চৰ্চা কৰি আছে আৰু ডিজিটেল লেণ্ডস্কেপত এক সুসংহত নীতি গঢ়ি তোলাৰ পক্ষত আছে বুলি মন্ত্ৰী বৈষ্ণৱে জনায়। য’ত সমতা, স্বচ্ছতা আৰু মৌলিক অধিকাৰক গুৰুত্ব দিয়া হ’ব।