• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰাসংগিক প্ৰশ্ন

এই বিষাক্ত চক্ৰবেহুৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম?

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
November 22, 2024 9:46 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আদানীয়ে সৌৰ শক্তিৰ ঠিকা পাবলৈ ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়াক ২৫০ কোটি টকাৰ উৎকোচ দিয়া কাৰণে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয়  আদালতে গৌতম আদানী, সাগৰ আদানী আৰু আদানী গ্ৰুপৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। এই খৱৰ ৰাষ্ট্ৰ হোৱাৰ লগে লগে আদানী গ্ৰুপৰ ব্যৱসায়ৰ কালিৰ দিনটোতে প্ৰায় ২০ ৰ পৰা ২৫ % লোকচান হৈছে। আপুনি ভাবিছে আদানীৰ দৰে ধুৰন্ধৰ এটাৰ ধন হানি হৈছে তাত আমাৰ কি আহে কি যায়? আপোনাৰ মোৰ বহুত কিবা কিবি আহে যায়। আপুনি জানে নে কালি এল আই চিৰ মানে জীৱন বীমা নিগমৰ কিমান কোটি টকা পানীত পৰিছে? প্ৰায় ১২০০ কোটি টকা। জীৱন বীমা নিগমৰ টকা মানে তাত যাৰ যাৰ পলিচী আছে তাৰ টকা। মোৰ আছে, মোৰ শ্ৰীমতীৰ আছে। আমাৰ ঘৰৰ সকলোৰে আছে। আপোনাৰ নিজৰ আৰু বন্ধু-বান্ধৱৰো আছে নিশ্চয়। গতিকে আদানীয়ে বদমাছি কৰিব আৰু তাৰ পৰিণাম ভুগিম আমি সকলোৱে। এইটো কিয় হৈছে? নৰেন্দ্ৰ মোদী চৰকাৰৰ বুকুৰ কুটুম হ’ল আদানী। গতিকে চৰকাৰে জীৱন বীমা নিগমৰ শীৰ্ষ বিষয়া সকলক হুকুম দিছিল আদানীত জীৱন বীমা নিগমৰ পইছা লগাবলৈ। বা বিজেপি আৰ এছ এছৰ বা তেওঁলোকৰ ওচৰৰ এনে মানুহক এল আই চিৰ অধ্যক্ষ পাতিছে যিয়ে এই কাম কৰিছে। এল আই চি বা ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু তেনে ৰাষ্ট্ৰীয়কৃত বেংক বা বিত্তীয় সংস্থা য’ত আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ পইছা আছে সেই পইছা বিভিন্ন কায়দা কৌশল কৰি চৰকাৰে আদানী বা ৰিলায়েঞ্চৰ দৰে পুঁজিপতিক ল’বলৈ দিছে। কিয় দিছে? কিয় নিদিব, সিহঁতে যে বিজেপিক নিৰ্বাচন খেলিবলৈ কোটি কোটি টকাৰ চান্দা দিয়ে নামী বেনামী উপায়েৰে?

আৰু কি কৰে চাওক! এই যে সৌৰ শক্তি উৎপাদনৰ কথা ওলাইছে? হয়, সৌৰ শক্তি পৰিবেশৰ কাৰণে অনিষ্টকাৰী নহয়।গতিকে এতিয়া চৰকাৰে ঢোল বজাইছে, সৌৰ শক্তি উৎপাদনৰ কাৰণে আঁচনি কৰিছে। আৰু কৈছে, যিয়ে সৌৰ শক্তি উৎপাদন কৰিব চৰকাৰে তেওঁলোকক বিভিন্ন ধৰণে উদগনি মানে incentives দিব। তাৰমানে কি কৰিব? কম দামত চৰকাৰী মাটি আদানীক দিব। বা কোনোবা জনজাতীয় বা অন্য অঞ্চলৰ পৰা তেওঁলোকক মাটি দিব।দৰকাৰ হ’লে গাঁওৰ পিছত গাঁওৰ পৰা মানুহক উচ্ছেদ কৰি মাটি দিব। বা হাবি কাটি মাটি দিব।এটা ভাল কৰিবলৈ গৈ দহটা বেয়া কৰিব। আৰু তাতো কি কৰিছে? অন্য সংস্থাওতো আছে সৌৰ শক্তি উৎপাদন কৰা। আদানীয়ে যি দৰত সৌৰ শক্তি চৰকাৰক বিক্ৰী কৰিব তাতকৈও কম দামত সৌৰ শক্তি যোগান ধৰা সংস্থাও আছে। কিন্তু তেওঁলোকৰ পৰা নিকিনি আদানীৰ পৰা যাতে বেছি দাম দি সৌৰ শক্তি কিনে তাৰ কাৰণে দুষ্ট আদানীয়ে ওপৰৰ চৰকাৰী বিষয়াক ভেটি দিছে। সেইকাৰণেইতো আমেৰিকাৰ আদালতত এতিয়া আদানী ফচিছে। ঠিক সেই কামটোৱে কৰিছিল কয়লাৰ ক্ষেত্ৰত। সস্তা দামত বেলেগৰ  কয়লা থকাৰ পিছতো চৰকাৰে বেছি দাম দি এটা বুজন পৰিমাণৰ কয়লা  আদানীৰ পৰা কিনিবলৈ চৰকাৰী বিদ্যুৎ উৎপাদনকাৰী সংস্থাবোৰক বাধ্য কৰাইছিল। মানে আমাৰ পইছা, আমাৰ সম্পদ কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰৰ অনুগ্ৰহত সকলোতে আদানীৰ দখল।আদালততো আদানীৰ একো নহয়। আদানীৰ বিৰুদ্ধে যদি কোনোবাই কিবা লিখে যেনেকৈ পৰাঞ্জয় গুহ ঠাকুৰতাই অনুসন্ধানমূলক প্ৰবন্ধ লিখিছিল, তাকো বন্ধ কৰি দিয়া হয়। আৰু  বিজেপি চৰকাৰৰ বিৰুদ্ধে যদি কোনোবাই মাত মাতে তাক কিন্তু হোৱাই নোহোৱাই ই ডি , চি বি আই লগাই দি জেলত ভৰাই দিয়ে ।আৰু তেনে মানুহে যদি বিজেপিত জইন কৰে, তেওঁক কিন্তু ৰাতাৰাতি মন্ত্ৰী পাতে।মানে এইবোৰ কি চলি আছে আমাৰ চকুৰ আগত? আকৌ নিৰ্বাচন  আহিলে কি কৰে? নিৰ্বাচন আয়োগ আৰু ৰাষ্ট্ৰ যন্ত্ৰ ব্যৱহাৰ কৰি, বা হিন্দু-মুছলমান কৰি আৰু বিভিন্ন কূট-কৌশল কৰি নিৰ্বাচনত জিকিও দেখুৱাব – চা, তহঁতে আমাৰ বিৰুদ্ধে যিমান যি নক‘লেও ৰাইজে আমাক কিমান ভাল পায়। নহ’লে আমি কিয় বাৰে বাৰে নিৰ্বাচনত জিকি আছোঁ? কি এটা কু চক্ৰৰ মাজত আমি সোমাই পৰিলোঁ? আপোনালোকৰ মনত আছেনে? আমেৰিকাৰ পৰা ওলোৱা বাতৰি এটাৰ কাৰণে ‘নিউজ ক্লিক‘ বোলা সংবাদ সংস্থাটোক মোদী চৰকাৰে কি কৰিছিল? নিউজ ক্লিকৰ মুৰব্বী প্ৰবীৰ পুৰকায়স্থক জেলত ভৰাই, কিমান ঠাইত  ই ডি, চিবিআইৰ তালাচী চলাই কি কৰিছিল? সেই সংবাদ সংস্থাটোক কিমান হাৰাশাস্তি কৰিছিল? কিন্তু এতিয়া কি হ’ল? আদালতত একো এটা প্ৰমাণ কৰিব নোৱাৰিলে। আৰু প্ৰবীৰ পুৰকায়স্থক মুকলি কৰি দিবলৈ বাধ্য হ’ল। কিন্তু আমেৰিকাৰ আদালতে আদানীক দস্তুৰ মত দোষী সাৱ্যস্ত কৰিছে। তাকো ভাৰত চৰকাৰৰ বিষয়াক ভেটি দিয়া কাৰণে। মোদী চৰকাৰে আদানীৰ বিৰুদ্ধে টু শব্দ এটা কৰিছেনে? কিয় কৰিব? আদানী ফচা মানে চৰকাৰো ফচিব। এই হৈছে মোদীৰ সুশাসন, নিকা চৰকাৰ!

Apply Now

পৰেশ মালাকাৰ

পৰেশ মালাকাৰ

গুৱাহাটীস্থিত এজন লেখক

Stay Connected

  • 117k Fans

Recent News

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd