চৰকাৰে আন্দোলনকাৰী কৃষকক দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে পালন কৰা, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা (কোড) বাতিল কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলি ২৬০০০ টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা, চাহ শ্ৰমিকক দৈনিক মজুৰি ৬৬১ টকা আদায় দিয়া, আঁচনিভূক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি উপযুক্ত মজুৰি প্ৰদান কৰা, ঠিকা শ্ৰমিকৰ চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰা, ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা, দেশৰ অতি ধনীসকলৰ পৰা অতিৰিক্ত কৰ (কৰ্পৰেট টেক্স) সংগ্ৰহ কৰি কৃষিখণ্ড, শিক্ষা, স্বাস্থ্য আদি জনহিতকৰ কামত চৰকাৰী ব্যয় বৃদ্ধি কৰা আদি দাবীত সমগ্ৰ দেশৰ লগতে অসমতো শ্ৰমিক-কৃষক সংগঠনসমূহে আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, বিলাসিপাৰা, গোৱালপাৰা, নলবাৰী, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, তেজপুৰ, বিশ্বনাথ ধেমাজি জিলা সদৰৰ লগতে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত কেইবাহাজাৰ শ্ৰমিক কৰ্মচাৰী আৰু কৃষকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
গুৱাহাটীৰ কৰ্যসূচী সমাবেত হোৱা শ্ৰমিক-কৃষক সকলে ৰাজ্যপাল ভৱনলৈ সমদল কৰিব লওতে মহানগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে। কিছু সময় ধৰি আৰক্ষী আৰু আন্দোলন কাৰীৰ মাজত তৰ্ক যুদ্ধ হয়। শেষত ৰাজ্যপাললৈ মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্তৰ জাৰিয়ে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত বিক্ষোভকাৰীসকলে কয় যে বিজেপি চৰকাৰ খনে হৰেক ৰকমৰ হিতাধিকাৰী আঁচনি ৰূপায়ন কৰি কেৱল মাত্ৰ ভোট বেংক গঠন কৰা লক্ষ্য কাম কৰি থকা বুলি ক্ষোভেৰে উল্লেখ কৰে। শ্ৰমিক-কৃষকসকলে কয় যে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৃষক মৰ্চাই দাবী কৰি থকা সত্ত্বেও বয়-বস্তুৰ দাম নিয়ন্ত্ৰণ নকৰিলে, শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধিৰ ব্যৱস্থা নকৰিলে, কৃষকৰ উৎপাদিত ফচলৰ নূ্যনতম সমৰ্থন মূল্য (MSP) স্বামীনাথন কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰণয়ন নকৰিলে। ৰাজহুৱা খণ্ডৰ শিল্প-প্ৰতিষ্ঠানবোৰ ব্যক্তিগতকৰণৰ অভিযান অব্যাহত ৰাখিলে। আনকি কৃষক বিৰোধী কলা আইন তিনিখন ১৪ মাহজোৰা আন্দোলনৰ হেচাত প্ৰয়োগৰ পৰা বিৰত ৰাখিলে যদিও সম্পূৰ্ণ বাতিল নকৰিলে। এই চৰকাৰৰ নীতিৰ ফলত কৃষিখণ্ডত যুক্ত থকা কৃষক আৰু কৃষি শ্ৰমিক আজি মহাসংকটত। অসমত বিজেপি চৰকাৰখনে কৃষিভূমিৰ চৰিত্ৰ সলনি কৰি কৃষকৰ মাটি বৃহৎ পুঁজিপতিক দিব ধৰিছে। ডিমা-হাচাওত ৯০০০ বিঘা মাটি আদানি গোষ্ঠীৰ ওচৰত বিক্ৰী কৰা ঘটনা পোহৰলৈ আহিছে। চাহ বাগিচাৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰি বৃহৎ ব্যবসায়ীক লিজত দিব ধৰিছে। বিকল্প বাসস্থানৰ ব্যৱস্থা অবিহনে কৃষক পৰিয়ালক যধে-মধে উচ্ছেদ কৰি আছে। আনহাতে অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ বাবে অতি জৰুৰী নামৰূপ সাৰ কাৰখানাই আজি মৃত্যুৰ ক্ষণ গণি আছে। তাক পুনৰুজ্জীৱীত কৰাৰ বাবে বিজেপি চৰকাৰে ৰাজনৈতিক ভ্ৰষ্টাচাৰৰ আশ্ৰয় ললে কিন্তু মাত্ৰ ৬০০ কোটি টকাৰ চৰকাৰী সাহায্য দি কাৰখানাটো সজীৱ কৰাৰ ব্যৱস্থা নকৰিলে। স্বাস্থ্যখণ্ডৰ অবাধ ব্যক্তিগতকৰণৰ ফলত সৰ্বসাধাৰণ ৰাইজ চৰকাৰী চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে। শ্ৰমিক সংগঠনে দাবী কৰি থকা স্বত্বেও কেন্দ্ৰীয় চৰকাৰে ESI ৰ অন্তৰ্ভুক্তিৰ চিলিং বৃদ্ধি নকৰিলে যাৰ ফলত কেৱল অসমতে লক্ষাধিক শ্ৰমিক ESI ৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। সৰ্বত্ৰ ঠিকাকৰণ ব্যৱস্থা দ্ৰুতগতিত বৃদ্ধি হৈছে। তাৰ লগে লগে ঠিকা শ্ৰমিকৰ চাকৰিৰ নিৰাপত্তাও নাইকিয়া হৈছে। ইতিমধ্যে ডিগবৈ, বঙ্গাইগাঁও ৰিফাইনাৰীসহ তৈলক্ষেত্ৰত ছাটাইৰ অভিযান চলি আছে। চৰকাৰৰ শ্ৰমিকবিৰোধী নীতিয়ে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈ সংকট নমাই আনিছে। অনলাইন ব্যবসায় পদ্ধতিৰ ব্যাপক প্ৰসাৰে সকলো ক্ষুদ্ৰ ব্যবসায়ীৰ জীৱন নিৰ্বাহত আঘাট কৰিছে। শ্ৰমিক-কৰ্মচাৰীক সামান্য হলেও সুৰক্ষা দি থকা দেশৰ প্ৰচলিত শ্ৰম আইনবোৰ নিয়োগকৰ্তাৰ স্বাৰ্থত সংশোধন ঘটাই চাৰিখন শ্ৰম সংহিতাত পৰিণত কৰিছে। এই সংহিতাক কাৰ্যকৰী ৰূপ দিলে শ্ৰমিক-কৰ্মচাৰীৰ মৌলিক অধিকাৰ খৰ্ব হৈ যাব। ৯ বছৰ ধৰি অসমত শ্ৰমিকৰ নূ্যনতম মজুৰি সংশোধন হোৱা নাই। চৰকাৰী আঁচনি ৰূপায়নত কৰ্মৰত অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰী সকলক মজুৰি বিহীনভাৱে মাত্ৰ সামান্য মাননিৰ বিনিময়ত কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে।
কাৰ্যসূচীত আই এন টি ইউ চি পৰা হিৰণ্য বৰা, এই আই টি ইউ চিৰ মুনিন মহন্ত, এইচ এম এছ কনক বৰ্মন, চি আই টি ইউ তপন শৰ্মা, এ আই ইউ টি ইউ চি প্ৰমোদ ভাগৱতী, এ আই চি চি টি ইউ বীৰেণ কলিতা, টি ইউ চি চিৰ মিহিৰ নন্দী, অসম ৰাজ্যিক কৃষক সভাৰ টিকেন দাস, নিখিল ভাৰত কৃষক সভাৰ জয়ন্ত গগৈ, অসম কৃষি শ্ৰমিক ইউনিয়ন নয়ন ভুঞা, এ আই কে কে এম এছ শিশিৰ কাকতিয়ে বিক্ষোকাৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে।