• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী নীতি পৰিৱৰ্তনৰ দাবীত ৰাজ্যজুৰি উত্তাল বিক্ষোভ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 26, 2024 5:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰে আন্দোলনকাৰী কৃষকক দিয়া প্ৰতিশ্ৰুতি শীঘ্ৰে পালন কৰা, শ্ৰমিক বিৰোধী শ্ৰম সংহিতা (কোড) বাতিল কৰা, শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলি ২৬০০০ টকা ধাৰ্য কৰি শীঘ্ৰে চৰকাৰী জাননী জাৰি কৰা, চাহ শ্ৰমিকক দৈনিক মজুৰি ৬৬১ টকা আদায় দিয়া, আঁচনিভূক্ত কৰ্মচাৰীসকলক মাননিৰ সলনি উপযুক্ত মজুৰি প্ৰদান কৰা, ঠিকা শ্ৰমিকৰ চাকৰিৰ নিৰাপত্তা সুনিশ্চিত কৰা, ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, জাতীয় মুদ্ৰাকৰণ পাইপ লাইন বাতিল কৰা, দেশৰ অতি ধনীসকলৰ পৰা অতিৰিক্ত কৰ (কৰ্পৰেট টেক্স) সংগ্ৰহ কৰি কৃষিখণ্ড, শিক্ষা, স্বাস্থ্য আদি জনহিতকৰ কামত চৰকাৰী ব্যয় বৃদ্ধি কৰা আদি দাবীত সমগ্ৰ দেশৰ লগতে অসমতো শ্ৰমিক-কৃষক সংগঠনসমূহে আজি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, বিলাসিপাৰা, গোৱালপাৰা, নলবাৰী, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, তেজপুৰ, বিশ্বনাথ ধেমাজি জিলা সদৰৰ লগতে গুৱাহাটীৰ মেঘদূত ভৱনৰ সন্মুখত কেইবাহাজাৰ শ্ৰমিক কৰ্মচাৰী আৰু কৃষকে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

গুৱাহাটীৰ কৰ্যসূচী সমাবেত হোৱা শ্ৰমিক-কৃষক সকলে ৰাজ্যপাল ভৱনলৈ সমদল কৰিব লওতে মহানগৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে। কিছু সময় ধৰি আৰক্ষী আৰু আন্দোলন কাৰীৰ মাজত তৰ্ক যুদ্ধ হয়। শেষত ৰাজ্যপাললৈ মহানগৰ আৰক্ষীৰ সহকাৰী আৰক্ষী আয়ুক্তৰ জাৰিয়ে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰত বিক্ষোভকাৰীসকলে কয় যে বিজেপি চৰকাৰ খনে হৰেক ৰকমৰ হিতাধিকাৰী আঁচনি ৰূপায়ন কৰি কেৱল মাত্ৰ ভোট বেংক গঠন কৰা লক্ষ্য কাম কৰি থকা বুলি ক্ষোভেৰে উল্লেখ কৰে। শ্ৰমিক-কৃষকসকলে কয় যে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৃষক মৰ্চাই দাবী কৰি থকা সত্ত্বেও বয়-বস্তুৰ দাম নিয়ন্ত্ৰণ নকৰিলে, শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধিৰ ব্যৱস্থা নকৰিলে, কৃষকৰ উৎপাদিত ফচলৰ  নূ্যনতম সমৰ্থন মূল্য (MSP) স্বামীনাথন কমিটিৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰণয়ন নকৰিলে। ৰাজহুৱা খণ্ডৰ শিল্প-প্ৰতিষ্ঠানবোৰ ব্যক্তিগতকৰণৰ অভিযান অব্যাহত ৰাখিলে। আনকি কৃষক বিৰোধী কলা আইন তিনিখন ১৪ মাহজোৰা আন্দোলনৰ হেচাত প্ৰয়োগৰ পৰা বিৰত ৰাখিলে যদিও সম্পূৰ্ণ বাতিল নকৰিলে। এই চৰকাৰৰ নীতিৰ ফলত কৃষিখণ্ডত যুক্ত থকা কৃষক আৰু কৃষি শ্ৰমিক আজি মহাসংকটত। অসমত বিজেপি চৰকাৰখনে কৃষিভূমিৰ চৰিত্ৰ সলনি কৰি কৃষকৰ মাটি বৃহৎ পুঁজিপতিক দিব ধৰিছে। ডিমা-হাচাওত ৯০০০ বিঘা মাটি আদানি গোষ্ঠীৰ ওচৰত বিক্ৰী কৰা ঘটনা পোহৰলৈ আহিছে। চাহ বাগিচাৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰি বৃহৎ ব্যবসায়ীক লিজত দিব ধৰিছে। বিকল্প বাসস্থানৰ ব্যৱস্থা অবিহনে কৃষক পৰিয়ালক যধে-মধে উচ্ছেদ কৰি আছে। আনহাতে অসম তথা উত্তৰ পুৰ্বাঞ্চলৰ বাবে অতি জৰুৰী নামৰূপ সাৰ কাৰখানাই আজি মৃত্যুৰ ক্ষণ গণি আছে। তাক পুনৰুজ্জীৱীত কৰাৰ বাবে বিজেপি চৰকাৰে ৰাজনৈতিক ভ্ৰষ্টাচাৰৰ আশ্ৰয় ললে কিন্তু মাত্ৰ ৬০০ কোটি টকাৰ চৰকাৰী সাহায্য দি কাৰখানাটো সজীৱ কৰাৰ ব্যৱস্থা নকৰিলে। স্বাস্থ্যখণ্ডৰ অবাধ ব্যক্তিগতকৰণৰ ফলত সৰ্বসাধাৰণ ৰাইজ চৰকাৰী চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আছে। শ্ৰমিক সংগঠনে দাবী কৰি থকা স্বত্বেও কেন্দ্ৰীয় চৰকাৰে ESI ৰ অন্তৰ্ভুক্তিৰ চিলিং বৃদ্ধি নকৰিলে যাৰ ফলত কেৱল অসমতে লক্ষাধিক শ্ৰমিক ESI ৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছে। সৰ্বত্ৰ ঠিকাকৰণ ব্যৱস্থা দ্ৰুতগতিত বৃদ্ধি হৈছে। তাৰ লগে লগে ঠিকা শ্ৰমিকৰ চাকৰিৰ নিৰাপত্তাও নাইকিয়া হৈছে। ইতিমধ্যে ডিগবৈ, বঙ্গাইগাঁও ৰিফাইনাৰীসহ তৈলক্ষেত্ৰত ছাটাইৰ অভিযান চলি আছে। চৰকাৰৰ শ্ৰমিকবিৰোধী নীতিয়ে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈ সংকট নমাই আনিছে। অনলাইন ব্যবসায় পদ্ধতিৰ ব্যাপক প্ৰসাৰে সকলো ক্ষুদ্ৰ ব্যবসায়ীৰ জীৱন নিৰ্বাহত আঘাট কৰিছে। শ্ৰমিক-কৰ্মচাৰীক সামান্য হলেও সুৰক্ষা দি থকা দেশৰ প্ৰচলিত শ্ৰম আইনবোৰ নিয়োগকৰ্তাৰ স্বাৰ্থত সংশোধন ঘটাই চাৰিখন শ্ৰম সংহিতাত পৰিণত কৰিছে। এই সংহিতাক কাৰ্যকৰী ৰূপ দিলে শ্ৰমিক-কৰ্মচাৰীৰ মৌলিক অধিকাৰ খৰ্ব হৈ যাব। ৯ বছৰ ধৰি অসমত শ্ৰমিকৰ নূ্যনতম মজুৰি সংশোধন হোৱা নাই। চৰকাৰী আঁচনি ৰূপায়নত কৰ্মৰত অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশাকৰ্মী আৰু ৰন্ধন কৰ্মচাৰী সকলক মজুৰি বিহীনভাৱে মাত্ৰ সামান্য মাননিৰ বিনিময়ত কাম কৰি থাকিবলৈ বাধ্য কৰোৱা হৈছে।

Apply Now

কাৰ্যসূচীত আই এন টি ইউ চি পৰা হিৰণ্য বৰা, এই আই টি ইউ চিৰ মুনিন মহন্ত,  এইচ এম এছ কনক বৰ্মন, চি আই টি ইউ তপন শৰ্মা, এ আই ইউ টি ইউ চি প্ৰমোদ ভাগৱতী, এ আই চি চি টি ইউ বীৰেণ কলিতা,  টি ইউ চি চিৰ মিহিৰ নন্দী, অসম ৰাজ্যিক কৃষক সভাৰ টিকেন দাস,  নিখিল ভাৰত কৃষক সভাৰ জয়ন্ত গগৈ, অসম কৃষি শ্ৰমিক ইউনিয়ন নয়ন ভুঞা, এ আই কে কে এম এছ শিশিৰ কাকতিয়ে বিক্ষোকাৰীসকলক উদ্দেশ্যি  বক্তব্য ৰাখে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd