ভাৰতৰ আয়কৰ বিভাগৰ পৰিচয় পত্ৰ অৰ্থাৎ পান কাৰ্ডে লাভ কৰিব নতুন ৰূপ। নতুন আৰু পুৰণি সকলো পেন কাৰ্ডতে এতিয়া QR কোড থাকিব।
নতুন পানকাৰ্ড লাভ কৰিবলৈ অনলাইনত আবেদন কৰিব লাগিব। এই প্ৰকল্পটো ‘পান ২.০ প্ৰকল্প’ নাম দিছে আয়কৰ বিভাগে।
বৰ্তমানৰ সকলো পৰিচয় পত্ৰ একত্ৰিত কৰি পান কাৰ্ডক একমাত্ৰ ব্যৱসায়িক পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত ডাটা ভল্ট চিষ্টেম থাকিব, যিয়ে ডাটা সুৰক্ষা আৰু চাইবাৰ সুৰক্ষা শক্তিশালী কৰিব।
সোমবাৰে কেন্দ্ৰীয় কেবিনেটৰ বিত্ত সমিতিয়ে পান ২.০ প্ৰকল্পত অনুমোদন জনায়। আয়কৰ বিভাগে এই প্ৰকল্পৰ বাবে ব্যয় ১৪৩৫ কোটি টকা নিৰ্ধাৰণ কৰিছে।
এই প্ৰকল্পৰ অধীনত কাৰিকৰী পৰিৱৰ্তন আনি পেন কাৰ্ড ব্যৱস্থা আধুনিকীকৰণ কৰা হ’ব। তথ্য-প্ৰযুক্তিৰ আন্তঃগাঁথনি নৱীকৰণ কৰা হ’ব আৰু সকলো চৰকাৰী ডিজিটেল ব্যৱস্থাতে পানক এক উমৈহতীয়া ব্যৱসায়িক পৰিচয় হিচাপে গঢ়ি তোলা হ’ব।
নতুন পান কাৰ্ডত QR ক’ড সংযোজন কৰা হ’ব, যিয়ে আধুনিক প্ৰযুক্তিৰ জৰিয়তে সহজ পৰিচয় পৰীক্ষণত সহায় কৰিব।
উল্লেখ্য যে বৰ্তমান পান ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ৭৮ কোটি। এই উন্নীতকৰণ তেওঁলোকৰ বাবে বিনামূলীয়া হ‘ব। যদিও পান নম্বৰ অপৰিৱৰ্তিত থাকিব, তথাপিও কাৰ্ড উন্নীত কৰিব লাগিব। কিন্তু আয়কৰ বিভাগে এই উন্নীতকৰণ কেনেকৈ কৰিব লাগে বা ইয়াৰ সময়সীমাৰ কোনো নিৰ্দেশনা এতিয়াও প্ৰকাশ কৰা নাই।