• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জনসাধাৰণ আৰু বিৰোধীৰ ঐক্যবদ্ধ আন্দোলনেহে সংবিধান বচাব পাৰিব- অসম নাগৰিক সমাজ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 26, 2024 6:25 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সাম্প্ৰতিক সময়ত সংবিধান দিৱসৰ তাৎপৰ্য কি? যিসকলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে জানে তেওঁলোকে ভাৰতৰ সংবিধানৰ উৎপত্তিৰ পটভূমিটোও বুজি পায়। ‘প্ৰস্তাৱনা’ আৰু ‘মৌলিক অধিকাৰ’ক সংবিধানখনৰ আত্মা বুলি কোৱা হয়। কিন্তু যোৱা দহ বছৰে আমি দেখিছোঁ কি? সুপৰিকল্পিত আৰু পদ্ধতিগতভাৱে মোদী চৰকাৰে সংবিধানৰ উদ্দেশ্য আৰু লক্ষ্যৰ উলঙ্ঘা কৰি আহিছে। এই ক্ষেত্ৰত আমাৰ চকুৰ আগত জলজল পটপট হৈ থকা তিনিটা ঘটনাৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। তাৰে প্ৰথমটো হৈছে মণিপুৰৰ ভাতৃঘাতী সংঘৰ্ষ। এবছৰ আগতে ৰাজ্য চৰকাৰৰ প্ৰৰোচনাতে দুটা সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষই আমাৰ চকুৰ আগতে ৰাজ্যখন চাৰখাৰ কৰি পেলালে। অথচ মোদী চৰকাৰ নিৰ্বিকাৰ।

প্ৰধানমন্ত্ৰী মোদীৰ এনে মনোভাব যেন মণিপুৰত ক’তো একো হোৱাই নাই।দ্বিতীয় কথাটো হৈছে আদানীৰ দুৰ্নীতি আৰু বিত্তীয় খেলিমেলি। যোৱা সময়ছোৱাত বিৰোধীক দুৰ্বল কৰাৰ এটা ডাঙৰ কৌশল হ’ল ধনাঢ্য বিৰোধী ৰাজনীতিকৰ বিৰুদ্ধে হোৱাই নোহোৱাই ই ডি , চি বি আই লগাই দি হয় তেওঁলোকক বি জে পিৰ ফলীয়া কৰা নহয় তেওঁলোকক জেললৈ নিক্ষেপ কৰি তেওঁলোকৰ লগতে তেওঁলোকৰ দলটোক দুৰ্বল কৰা। কিন্তু আদানীৰ বিৰুদ্ধে এতিয়ালৈকে অৰ্থনৈতিক অপৰাধৰ ইমান অভিযোগ উঠিছে, অথচ সেই সম্পৰ্কে চৰকাৰ নিৰ্বিকাৰ। যোৱা বছৰ হিন্দেনবাৰ্গ ৰিচাৰ্চে আদানীৰ বৃহৎ বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বিৰুদ্ধে বিশদ তথ্য-পাতি সদৰি কৰি এক প্ৰতিবেদন প্ৰকাশ কৰিছিল।তাক লৈ কিমান দিনলৈ সদন উত্তাল হৈ আছিল।ঘটনা গৈ উচ্চতম ন্যায়ালয় পাইছিল।

Apply Now

চেবিক উচ্চতম ন্যায়ালয়ে গোটেই ঘটনাটোৰ তদন্ত কৰি প্ৰতিবেদন দিবলৈ কৈছিল।কিন্তু আদানীৰ হাতৰ মুঠিত থকা চেবিয়ে বহুদিনলৈ তদন্তটো পিছুৱাই ৰাখি মূৰকত আদানীৰ সপক্ষেই ৰায় দিছিল। উচ্চতম ন্যায়ালয়েও তেনেকৈয়ে বিষয়টো সামৰি থৈছিল।এতিয়া সৌসিদিনা আদানীয়ে সৌৰ শক্তিৰ ঠিকা পাবলৈ ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়াক ২২০০ কোটি টকাৰ উৎকোচ দিয়া কাৰণে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় আদালতে গৌতম আদানী, সাগৰ আদানী আৰু আদানী গ্ৰুপৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।যদিহে আদানীৰ সৌৰ শক্তিৰ প্ৰকল্পত আমেৰিকাৰ বিনোয়োগকাৰীৰ ধন নাথাকিলহেঁতেন তেন্তে সেই সম্পৰ্কেও আমি একোৱেই নাজানিলোহেঁতেন। কিন্তু আমেৰিকাৰ বিনিয়োগকাৰী জড়িত হৈ আছে বুলিয়ে এতিয়া জোলোঙাৰ মেকুৰী ওলাই পৰিছে। যি নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থনৈতিক অপৰাধৰ দোহাই দি হোৱাই নোহোৱাই বিৰোধী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ই ডি, চি বি আই লগাই দিয়ে, সেই নৰেন্দ্ৰ মোদী চৰকাৰ কিন্তু আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হোৱাৰ পিছতো আদানী সম্পৰ্কে এতিয়ালৈকে নীৰৱ, নিশ্চুপ।পক্ষপাতিত্বৰ ইয়াতকৈ আৰু কি ডাঙৰ উদাহৰণ লাগে? তৃতীয় আৰু শেহতীয়া ঘটনাটো হৈছে মহাৰাষ্ট্ৰৰ নিৰ্বাচন। কি কৌশলেৰে এন চি পি আৰু শিৱসেনাক দুভাগ কৰি বিজেপিয়ে উদ্ধৱ থাকৰেক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই সিন্ধেক মুখ্যমন্ত্ৰী পাতিছিল সেই কলংক কাহিনী আমি সকলোৱে জানো।কিন্তু যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মহাৰাষ্ট্ৰৰ জনসাধাৰণে বিজেপিক তাৰ উচিত প্ৰত্যুত্তৰ দিছিল।

সেইবাবে এতিয়া জনসাধাৰণকো চেৰাই গৈ ৰাষ্ট্ৰযন্ত্ৰ, নিৰ্বাচন আয়োগ আৰু ধনবলৰ যোগেদি অভাবনীয়ভাৱে বিজেপি মহাযুঁটি চৰকাৰে বিধানসভা নিৰ্বাচনত নিজৰ সাফল্য দেখুৱাইছে।এইটো হৈছে এতিয়া আমাৰ দেশৰ গণতন্ত্ৰৰ অৱস্থা।আৰু অসমত আমি কি দেখিছোঁ? এইখন হৈছে গছকটাৰ উৎসৱ পতা চৰকাৰ।বিকাশৰ নামত ৰাজ্যখনৰ সম্পদ বনিয়াক গতাই দি আমাৰ সমূহীয়া বিনাশ মাতি অনা চৰকাৰ, যিখন চৰকাৰত মুখ্যমন্ত্ৰীৰ মুখৰ কথাই আইন।আমাৰ দেশ আৰু ৰাজ্যত এই অন্ধকাৰ শাসনৰ কেতিয়া ওৰ পৰিব কোনেও ক’ব নোৱাৰে। সমুখৰ পথ জটিল আৰু কাইটীয়া। কিন্তু বিকল্প এটাই – এই নৈৰাজ্য আৰু অপশাসনৰ বিৰুদ্ধে জনসাধাৰণৰ ঐক্যবদ্ধ আন্দোলন। এই আন্দোলনৰ নেতৃত্ব দিব লাগিব বিৰোধী ৰাজনৈতিক দলে। আজিৰ সংবিধান দিৱসৰ সেইটোৱেই সংকল্প হোৱা উচিত।
অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসম

(টোকাঃ এয়া এক প্ৰেছ বিবৃত্তিহে৷ইয়াত নৰ্থইষ্ট নাওৰ কোনো প্ৰত্যক্ষ অথবা পৰোক্ষ সম্পৰ্ক নাই৷তদুপৰি উক্ত দুয়োটা সংগঠনৰ সমৰ্থনো নৰ্থইষ্ট নাৱে নকৰে৷)

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd