কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই বৃহস্পতিবাৰে কেৰালাৰ ৱায়ানাদৰ সাংসদ হিচাপে সংসদত শপত গ্ৰহণ কৰে।
ভাতৃ ৰাহুল গান্ধীৰ পথ অনুসৰণ কৰি তেওঁ ৰঙা বেটুপাতৰ সংবিধানখন হাতত লৈ শপত গ্ৰহণ কৰে। আজিৰ দিনটোত তেওঁৰ লগত উপস্থিত আছিল ভাতৃ ৰাহুল গান্ধী আৰু মাতৃ ছোনিয়া গান্ধী।
বৃহস্পতিবাৰে পুৱা ১১ বজাত শপত গ্ৰহণ কৰে প্ৰিয়ংকা গান্ধী ভাদ্ৰাই। ইয়াৰ পূৰ্বে পুৱা নৱনিৰ্বাচিত ৱায়ানাদৰ সাংসদগৰাকীয়ে কংগ্ৰেছৰ সাংসদসকলৰ বৈঠকত অংশগ্ৰহণ কৰে।
উল্লেখ্য যে ২০১৯ চনৰ জানুৱাৰী মাহত আনুষ্ঠানিকভাৱে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিছিল প্ৰিয়ংকাই। সেই সময়ত তেওঁ পূব উত্তৰ প্ৰদেশৰ AICC ৰ সাধাৰণ সম্পাদক আছিল।
২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ ৰায়ে বৰেলী আৰু ৱায়ানাদ দুয়োখন আসনত বৃহৎ ব্যৱধানত জয়লাভ কৰিছিল। কিন্তু ৱায়ানাদ আসনখন এৰি দিছিল ৰাহুল গান্ধীয়ে।
উপ-নিৰ্বাচনত সেই আসনৰ প্ৰাৰ্থী আছিল প্ৰিয়ংকা গান্ধী। ৪ লাখ ১০ হাজাৰতকৈও অধিক ভোটৰ ব্যৱধানত সেই সমষ্টিৰ পৰা জয় লাভ কৰে প্ৰিয়ংকা গান্ধীয়ে।