• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

খাদ্য সংকট, মুদ্ৰাস্ফীতি : দেউলীয়া হোৱাৰ পথত এশৰো অধিক দেশ; তালিকাত আছে নেকি ‎ভাৰতৰ নাম?‎

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 30, 2024 6:19 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ কমেও ৫০খন দেশৰ তহবিল যিকোনো সময়তে শেষ হ’ব পাৰে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী ‎বিভাগৰ মুৰব্বী আচিম ষ্টেইনাৰে শেহতীয়াকৈ এই কথা দাবী কৰিছে। ‎

দেউলীয়া দেশৰ তালিকাত ১০৪খন দেশৰ নাম উল্লেখ কৰিছে বিশ্ব বেংকে। য’ত আৰ্থিকভাৱে ‎পিছপৰা দেশৰ লগতে কেইবাখনো উন্নত দেশ আছে। সৌভাগ্যক্ৰমে এই তালিকাত ভাৰতৰ স্থান ‎নাই।

২০২২ চনত শ্ৰীলংকা চৰকাৰে প্ৰথমবাৰৰ বাবে নিজকে দেউলীয়া ঘোষণা কৰিছিল। কিছুদিনৰ ‎ভিতৰতে নেপালতো প্ৰায় একেই পৰিস্থিতিৰ সৃষ্টি হ’ল। আনকি ভাৰতৰ চুবুৰীয়া দুখন দেশ পাকিস্তান ‎আৰু বাংলাদেশৰ অৱস্থাও বৰ নহয় বুলি বিশ্ব বেংকে প্ৰকাশ কৰিছে। ‎

বিশ্ব বেংকৰ তালিকাত নামসমূহ হ’ল – পেৰু, টিউনিছিয়া, চুডান, লেবানন, ঘানা, কেনিয়া, ‎আৰ্জেণ্টিনা, ইজিপ্ত আৰু তুৰ্কি।

মূলতঃ দেশ এখন দেউলীয়া হ’লে প্ৰথমে শক্তি আৰু খাদ্য সংকটৰ সৃষ্টি হয়। শ্ৰীলংকাৰ বাহিৰেও ‎শেহতীয়াকৈ পেৰু আৰু আৰ্জেণ্টিনা দেউলীয়া হৈছে। দক্ষিণ আমেৰিকাৰ এই দুখন দেশৰ ভয়াবহ ‎দৃশ্য সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। আনকি সাধাৰণ মানুহো খাদ্য আৰু ইন্ধনৰ বাবে হিংসাৰ লগত ‎জড়িত হৈ পৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আনকি সেই দুখন দেশত গুলীচালনাও কৰিব ‎লাগিছিল।

কিন্তু কিয় হঠাৎ আৰ্থিক সংকটত ডুব গৈ আছে পৃথিৱীৰ ইমানবোৰ দেশ? অৰ্থনীতিবিদসকলে ইয়াৰ ‎আঁৰত চাৰিটা কাৰণ বুলি কয়। প্ৰথম কাৰণটো হ’ল বিগত কেইবছৰমানৰ পৰা চলি থকা বিশ্বৰ ‎বিত্তীয় সংকট, যাৰ বাবে অৰ্থনীতিবিদসকলে জলবায়ু পৰিৱৰ্তন আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ‎দোষাৰোপ কৰে। তেওঁলোকৰ মতে জলবায়ু পৰিৱৰ্তনে কৃষিক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে। যাৰ ‎বাবে ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত খাদ্য সামগ্ৰীৰ দাম যোৱা দুবছৰ ধৰি লাহে ‎লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

ইয়াৰ উপৰিও ৰাছিয়া আৰু ইউক্ৰেইনে সমগ্ৰ বিশ্বতে ঘেঁহু ৰপ্তানি কৰি আছিল। কিন্তু ২০২২ চনত ‎ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছৰে পৰা এই দুখন পূব ইউৰোপৰ দেশে ঘেঁহু ৰপ্তানি বন্ধ কৰি দিছে। ‎ফলত এই দুখন দেশৰ ওপৰত নিৰ্ভৰশীল পশ্চিম এছিয়া আৰু আফ্ৰিকাৰ অধিকাংশ দেশতে খাদ্যৰ ‎দাম আকাশলংঘী হৈছে।

দ্বিতীয়টো ডাঙৰ কাৰক হ’ল – ইন্ধনৰ মূল্য বৃদ্ধি। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পূৰ্বে মস্কোৱে পশ্চিম ‎ইউৰোপৰ উন্নত দেশ যেনে ফ্ৰান্স বা জাৰ্মানীক খনিজ তেল আৰু প্ৰাকৃতিক গেছ যোগান ধৰিছিল। ‎কিন্তু এতিয়া আমেৰিকাকে ধৰি পশ্চিম ইউৰোপে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ফলত ‎আমদানি বন্ধ হৈ গৈছে। আনকি ৰাছিয়াই বিশ্ব বজাৰত তেল বিক্ৰী কৰিবলৈও সক্ষম হোৱা নাই। ‎ফলত ইন্ধনৰ মূল্য বৃদ্ধি পাইছে। ‎

ইফালে, ২০২৩ চনৰ পৰা পশ্চিম এছিয়াত আৰম্ভ হৈছে ইজৰাইল-হামাছ যুদ্ধ। যাৰ জুইৰ শিখা ‎ইতিমধ্যে লেবানন আৰু ইৰাণলৈ বিয়পি পৰিছে। যুদ্ধ বেছি দিন চলিলে ইন্ধনৰ দাম আৰু বাঢ়িব।

তদুপৰি ২০২০ চনত ক’ৰোনাৰ বাবে খনিজ তেলৰ যোগান শৃংখল ব্যাহত হৈ পৰে। ‎অৰ্থনীতিবিদসকলৰ মতে, দেশত শক্তিৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। ফলত চৰকাৰে অধিক ধন ‎খৰচ কৰি ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে। আৰু যাৰ ফলত দেশৰ বিদেশী মজুতৰ ওপৰত হেঁচা ‎পৰিবলৈ ধৰিলে। তাৰ পিছত দেশবোৰে ঋণ ল’বলৈ বাধ্য হ’ল। অৰ্থনীতিবিদসকলে ইয়াক দেউলীয়া ‎হোৱাৰ তৃতীয় কাৰণ হিচাপে চিনাক্ত কৰিছে।

বিশ্য বেংকে জনাইছে যে বিশ্বৰ ১৪৮খন দেশৰ ভিতৰত ১৩৫খন দেশ বৰ্তমান ঋণৰ বোজাত আছে। ‎ইয়াৰে ৩৯খন দেশে তিনিগুণতকৈ অধিক ঋণ লৈছে। ইয়াৰে ২০খন দেশ কেতিয়াও ঋণ পৰিশোধ ‎কৰিব নোৱাৰিব বুলি বিশ্ব বেংকে প্ৰকাশ কৰিছে।

বিশেষজ্ঞসকলে দেশৰ দেউলীয়া হোৱাৰ শেহতীয়া কাৰণ হিচাপে দোষাৰোপ কৰিছে ডলাৰৰ ‎মুদ্ৰাস্ফীতি। আৰ্জেণ্টিনাত ই ৬২ শতাংশ। তুৰস্কত ৭০ শতাংশ। যদিহে মুদ্ৰাস্ফীতিৰ হাৰ সাত শতাংশ ‎বা তাতকৈ অধিক হয় তেন্তে দেশ সংকটত পৰিছে।

অৱশ্যে দেউলীয়া দেশৰ তালিকাত ভাৰত নাই। কিন্তু বিশ্লেষকসকলৰ মতে, দেশৰ ৰাজ্যসমূহত যি ‎হাৰত ঋণ বৃদ্ধি পাইছে সেয়া চিন্তাৰ বিষয়। এই গতিত ঋণ লোৱাতো অব্যাহত থাকিলে দেশখন ‎দেউলীয়া হোৱাৰ দিশত আগবাঢ়িব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd