বিজ্ঞানীসকলে পৃথিৱীৰ অতি ওচৰতে এটা ‘শিশু’ বহিঃগ্ৰহ (baby exoplanet)আৱিষ্কাৰ কৰিছে। ই এটা গেছীয় বহিঃগ্ৰহ, বৃহস্পতিৰ তুলনাত ইয়াৰ ব্যাস সামান্য কম। TIDYE-1b নামৰ বহিঃগ্ৰহটোৱে এটা প্ৰ’ট’ষ্টাৰক প্ৰদক্ষিণ কৰি এতিয়াও বৃদ্ধি পাই আছে। ই পৃথিৱীৰ পৰা প্ৰায় ৫২০ আলোকবৰ্ষ দূৰত্বত টৰাছ মলিকুলাৰ ক্লাউডত আছে আৰু মাত্ৰ ৮.৮ দিনতে তৰাটোক প্ৰদক্ষিণ কৰে।
উল্লেখ্য যে বহিঃগ্ৰহ হৈছে এনে গ্ৰহ যিবোৰ আমাৰ সূৰ্য্যটোৰ চাৰিওফালে ঘূৰি নাথাকে বৰঞ্চ আন নক্ষত্ৰৰ চাৰিওফালে ঘূৰি থাকে। বিশ্বৰ বিজ্ঞানীসকলে বহিঃগ্ৰহৰ সন্ধান কৰিছে যাতে তাত জীৱৰ সম্ভাৱনাসমূহ অন্বেষণ কৰিব পাৰি।
আমোদজনক কথাটো হ’ল বহিঃগ্ৰহটো ইয়াৰ নক্ষত্ৰটোৰ দৰেই নতুন। সেইবাবেই ইয়াক প্ৰ’ট’ষ্টাৰ বুলি কোৱা হয়। লাইভ চায়েঞ্চৰ প্ৰতিবেদনত কোৱা হৈছে যে এই প্ৰ’ট’ষ্টাৰৰ বয়সৰ ওপৰত ভিত্তি কৰি বিজ্ঞানীসকলে টিআইডিই-১বিৰ বয়স ৩০ লাখ বছৰ বুলি অনুমান কৰিছে। গৱেষকসকলে কয় যে যদি আমি এই বহিঃগ্ৰহটোৰ বয়সক মানুহৰ জীৱনকালৰ লগত তুলনা কৰোঁ তেন্তে বহিঃগ্ৰহটো ২ সপ্তাহ বয়সৰ ‘কেঁচুৱা’ৰ দৰে, সেয়ে, ইয়াক শিশু বহিঃগ্ৰহ বুলিও কোৱা হৈছে।
নেচাৰ আলোচনীত প্ৰকাশিত এক অধ্যয়নত গৱেষকসকলে শিশু বহিঃগ্ৰহৰ বিষয়ে জনাইছে। নাছাৰ ট্ৰেনজিটিং এক্স’প্লেনেট চাৰ্ভে চেটেলাইট (TESS)ৰ তথ্য ব্যৱহাৰ কৰি ইয়াক আৱিষ্কাৰ কৰা হৈছে। গৱেষকসকলে কয় যে এই আৱিষ্কাৰে গ্ৰহ গঠনৰ কথা কয়। বিশ্বব্ৰহ্মাণ্ডত আমাৰ স্থান আৰু পৃথিৱীৰ বয়স কিমান, ক’ৰ পৰা আহিছে আৰু ক’লৈ গৈ আছে, সেই বিষয়েও আমি জানিব পাৰো।
ইয়াৰ বিশেষ বৈশিষ্ট্যটো হ’ল বহিঃগ্ৰহবোৰ বৰ বেছি সোনকালে দৃশ্যমান নহয়। ধূলি, গেছ আৰু অন্যান্য পদাৰ্থই আৱৰি ৰখাৰ বাবে প্ৰাৰম্ভিক বছৰবোৰত ইয়াক দেখা পোৱা নাযায়। লাহে লাহে ধূলি আৰু গেছ স্থিৰ হোৱাৰ লগে লগে সেইবোৰ দৃশ্যমান হৈ পৰে।