• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশী বিতাৰণক লৈ বিভ্ৰান্তি বাঢ়িছে! বিদেশী সমস্যা সমাধানৰ বাবে অজাপৰ ৫টা গুৰুত্বপূৰ্ণ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 9, 2025 7:44 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বিদেশী সমস্যাৰ সমাধানৰ বাবে অসম জাতীয় পৰিষদে (অজাপ) শনিবাৰে এক সংবাদমেলৰ জড়িয়তে পাঁচটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। দলৰ নেতৃত্বই অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰিবলৈ অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিছে।

দলটোৱে সংবাদমেল সম্বোধন কৰি কয় “নিজৰ ৰাজনৈতিক অস্তিত্ব সুৰক্ষিত কৰিবলৈ অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।” তেওঁলোকে অভিযোগ কৰে যে, ৰাজনৈতিক ভৱিষ্যতলৈ সংকট নামি অহা কথাটো উপলব্ধি কৰি মুখ্যমন্ত্ৰীয়ে অসমত বিভাজন, হিংসা আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে অসমীয়া জাতিক সংকটৰ মুখলৈ ঠেলি দিয়াৰ ভয়ংকৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। বিজেপি দলে যিসমূহ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল, তাৰে কোনো এটা প্ৰতিশ্ৰুতিয়ে বৰ্তমানৰ চৰকাৰে পূৰণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে দলটোৱে।

Apply Now

তেওঁলোকে অভিযোগ কৰে যে, “বৰ্তমান এক অস্থিৰ আৰু উদ্বেগজনক পৰিস্থিতিয়ে বিৰাজ কৰি আছে। এফালে চৰকাৰী তথা বনভূমি বেদখল কৰি থকা লোকক উচ্ছেদ। আনফালে অবৈধ নাগৰিক বহিষ্কৰণৰ ৰাজহুৱা দাবীৰ সমান্তৰালকৈ একাংশ ব্যক্তি-সংগঠনে নিজে বিদেশী খেদাৰ হুংকাৰ দিয়া – এইবোৰ বিষয়ে ৰাজ্যত এক অস্থিৰ বাতাবৰণৰ সৃষ্টি কৰিছে।”

আৰু কয় যে সম্প্ৰতি “বাংলাদেশী বিতাৰণক লৈ বিভ্ৰান্তি বাঢ়িছে; আনহাতে জনস্বাৰ্থৰ সৈতে জড়িত বাকী সকলো বিষয় তল পৰিছে।” তেওঁলোকে প্ৰশ্ন কৰে যে, নাগৰিকসকলৰ প্ৰয়োজন কি? বিজেপি দলে যিবোৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল, সেইবোৰ পূৰ্ণ কৰিছে নে? ৰাজ্যবাসী জনসাধাৰণ, কৃষক, বনুৱা, নিবনুৱা, চৰকাৰী কৰ্মচাৰী বা অন্য সকলো খণ্ডৰ লোকসকলৰ অধিকাৰ, প্ৰাপ্য আদায় হৈছেনে?

একে সময়তে বিদেশী সমস্যা সমাধান কৰাৰ বাবে অজাপে কেইবাটাও দাবী উত্থাপন কৰে। দলটোৰ নেতৃত্বই কয়, “বিদেশী বহিষ্কাৰ অসমবাসী ৰাইজৰ দীর্ঘদিনীয়া দাবী; তাৰ বাবেই অসম অন্দোলন হৈছিল, ৮৫৫জন শ্বহীদ হৈছিল, সহস্ৰজন ঘূণীয়া হৈছিল”

কিন্তু কেনেকৈ বিদেশী বহিষ্কাৰ হ’ব? তাৰ সুনিৰ্দিষ্ট ব্যৱস্থা আছে। অসম চুক্তিয়ে তেনে ব্যৱস্থাৰ দিক-নিৰ্দেশনা দি গৈছে। কিন্তু অসম চৰকাৰে সেই দিশত কাম নকৰি কিছুমান বিভ্ৰান্তিকৰ পন্থা অৱলম্বন কৰি সমগ্ৰ ব্যৱস্থাটোকে বিপথে লৈ গৈছে। গতিকে এইটো স্পষ্ট যে, চৰকাৰে প্ৰকৃততে বিদেশী বহিষ্কৰণ বিচৰা নাই; বিদেশীৰ নামত ৰাজনীতিহে কৰি আছে।”

দলটোৱে সংবাদমেলত অতি শীঘ্ৰে পূৰণ কৰিবলৈ আহ্বান জনোৱা পাঁচটা গুৰুত্বপূৰ্ণ দাবীসমূহ হ’ল:

১. অসম চুক্তিৰ ৫নং দফাটো আখৰে আখৰে ৰূপায়ন কৰি, বিদেশী চিনাক্ত কৰাৰ কাম আন্তৰিকতাৰে সম্পাদন কৰক। চিনাক্ত হোৱা বিদেশীক বহিষ্কাৰৰ বাবে বাংলাদেশৰ সৈতে চুক্তি সম্পাদন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক হেঁচা দিয়ক।

২. সীমান্ত আজিও উন্মুক্ত। মানুহ আহি আছে, চোৰাং গৰু বাংলাদেশলৈ গৈয়ে আছে। সীমান্ত সুৰক্ষিত কৰক। মানুহ অহাৰ বাট বন্ধ কৰক, গৰুৰ চোৰাং বেহা বন্ধ কৰক।

৩. ১৬০০ কোটিতকৈ অধিক টকা ৰাইজৰ ধন খৰচ কৰি প্ৰস্তুত কৰা এন আৰ চিখন যোৱা ৫ বছৰ ধৰি কিয় পেলাই থৈছে তাৰ উত্তৰ দিয়ক। লগতে এন আৰ চিৰ জৰিয়তে বিদেশী চিনাক্তকৰণৰ অৱশিষ্ঠ কামখিনি শীঘ্ৰে সমাপ্ত কৰিবলৈ কেন্দ্ৰক হেঁচা দিয়ক।

৪. অসমীয়া জাতিৰ ৰাজনৈতিক, ভাষিক, সাংস্কৃতিক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনত সাংবিধানিক ৰক্ষাকৱচ নিশ্চিত কৰাৰ অৰ্থে, অসম চুক্তিৰ ৬নং দফা ৰূপায়নৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন ৰূপয়ান কৰক। অসমীয়া জাতিৰ বাবে সাংবিধানিক ৰক্ষাকৱচ নিশ্চিত কৰক।

৫. বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ অনুসৰি, অসমৰ বাবে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তন কৰক আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম শীঘ্ৰে সম্পাদন কৰক।

অজাপৰ নেতৃত্বই এই দাবীসমূহ পূৰণ নকৰিলে জনসাধাৰণক লগত লৈ আন্দোলনত নামিব বুলি সতৰ্কবাণী দিছে। এই সংবাদমেলে ৰাজ্যৰ বিদেশী সমস্যাৰ ওপৰত নতুন বিতৰ্কৰ সূচনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

গিগ কৰ্মচাৰীৰ প্ৰতি অলপো দৰদ নাই হিমন্তৰ চৰকাৰৰ : বিধানসভাত গিগ শ্ৰমিকৰ সামাজিক নিৰাপত্তাৰ প্ৰস্তাৱ নাকচ

July 25, 2026 12:42 pm
৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

৭ টা দিনৰ পাছতো বানাক্ৰান্তক উদ্ধাৰত চৰম ব্যৰ্থ হিমন্ত চৰকাৰ : ৫০% শতাংশ বানাক্ৰান্তই পোৱা নাই চৰকাৰী সাহায্যৰ এটাও টোপোলা

July 25, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd