ফুটবল খেলৰ সময়ত ঘটিল অঘটন। ৰেফাৰীৰ ভুল ঘোষণাৰ বাবে দুইপক্ষৰ ফুটবল অনুৰাগীৰ মাজত তুমুল সংৰ্ঘষৰ সৃষ্টি হয়। দুয়োপক্ষৰ সমৰ্থক প্ৰথমতে হতাহতিত লিপ্ত হয়। অৱশেষত ৰক্তাক্ত হৈ পৰে ক্ৰীড়াংগণ। খেলখনৰ সময়ত ঘটা হিংসাত্মক সংঘৰ্ষৰ ফলত ১০০ৰো অধিক ফুটবল অনুৰাগীয়ে প্ৰাণ হেৰুৱায়।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেওবাৰে পশ্চিম আফ্ৰিকাৰ গিনিত সংঘটিত হয় এই ঘটনা। গিনিৰ এখন ডাঙৰ চহৰত এখন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। কালি ফুটবল খেল চলি থকাৰ সময়তে তাত সংঘাতৰ সৃষ্টি হয়। কাজিয়াৰ ফলত শতাধিক ফুটবল অনুৰাগীৰ মৃত্যু হৈছে। অগণন দৰ্শক আহত হয়।
ফুটবল খেলৰ সময়ত খেলপথাৰৰ বাহিৰত আৰু ভিতৰত হোৱা উত্তেজনাৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত দেখা গৈছে তাত দুয়োটা দলৰ সমৰ্থকে ভাঙি-ছিঙি লণ্ডভণ্ড কৰিছে। ইজনে সিজনক মৰিয়াই আৰু পিষ্ট কৰাত প্ৰচণ্ড উত্তেজনাৰ সৃষ্টি হয়। ৰেফাৰীৰ ভুল সিদ্ধান্তৰ বাবেই এই সকলোবোৰ ঘটিছে।
গিনিৰ এখন স্থানীয় চিকিৎসালয়ৰ চিকিৎসকে জনোৱা মতে, ওচৰৰ সকলো চিকিৎসালয়ৰ মৰ্গত মৃতদেহ ভৰি পৰিছে। খেলপথাৰৰ পৰা বহু মৃতদেহ উদ্ধাৰ কৰি চিকিৎসালয়লৈ অনা হয়। চিকিৎসালয়ৰ মজিয়াত পৰি আছে শাৰী শাৰীকৈ মৃতদেহ। এই সংঘাতৰ বাবে কমেও শতাধিক লোকৰ প্ৰাণ হেৰুৱাইছে বুলি অনুমান কৰা হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে।
স্থানীয় ৰাইজে জনোৱা মতে, উত্তেজনা এনে এটা পৰ্যায়ত উপনীত হয় যে ক্ষুব্ধ দৰ্শকে আৰক্ষী থানাও ভাঙি জুই লগাই দিয়ে।