কিংবদন্তি শিল্পী ওস্তাদ জাকিৰ হুছেইনৰ দেহাৱসান ঘটিছে। তবলাবাদক হোৱাৰ উপৰিও তেওঁ আছিল সুৰকাৰ আৰু সংগীত প্ৰযোজক। ১৯৫১ চনৰ ৯ মাৰ্চত জন্মগ্ৰহণ কৰিছিল জাকিৰ হুছেইনৰ। জাকিৰ হুছেইন আছিল তবলাবাদক ওস্তাদ আল্লাহ ৰাখাৰ জ্যেষ্ঠ পুত্ৰ।
তেওঁক ১৯৮৮ চনত পদ্মশ্ৰী আৰু ২০০২ চনত পদ্মভূষণেৰে ভাৰত চৰকাৰে সন্মানিত কৰে। ১৯৯০ চনত তেওঁক সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হয়। ১৯৯৯ চনত তেওঁ পৰম্পৰাগত শিল্পী আৰু সংগীতজ্ঞসকলক দিয়া সৰ্বোচ্চ বঁটা ইউনাইটেড ষ্টেটছ নেচনেল এনডাউমেণ্ট ফৰ দ্য আৰ্টছ নেচনেল হেৰিটেজ ফেল’শ্বিপ লাভ কৰে।
জাকিৰ হুছেইনৰ কম পৰিচিত দিশটো
• জাকিৰ হুছেইনৰ প্ৰকৃত উপাধি আছি কুৰেশ্বি, কিন্তু তেওঁক হুছেইন উপাধি দিয়া হৈছিল।
• ১৯৮৯ চনত ‘হিট এণ্ড ডাষ্ট’ ছবিত জাকিৰ হুছেইনে চলচ্চিত্ৰত অভিষেক ঘটায়। তাৰ পৰাই তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল। কিন্তু তেওঁ কেৱল ছবিখনত অভিনয় কৰাই নহয় ইয়াৰ বাবে সংগীত ৰচনাও কৰিছিল।
• আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই অল ষ্টাৰ গ্ল’বেল কনচাৰ্টত অংশগ্ৰহণ কৰিবলৈ হোৱাইট হাউছলৈ আমন্ত্ৰণ জনোৱা প্ৰথমজন ভাৰতীয় সংগীতজ্ঞ আছিল জাকিৰ হুছেইন।
• ১৯৭৮ চনত জাকিৰ হুছেইনে ইটালিয়ান আমেৰিকান কথক নৃত্যশিল্পী এণ্টনিয়া মিনেকোলাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জাকিৰ হুছেইনৰ দুগৰাকী কন্যা সন্তান আছে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ। হৃদযন্ত্ৰৰ সমস্যাত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক। জাকিৰৰ দীৰ্ঘদিনীয়া বন্ধু তথা শিল্পী ৰাকেশ চৌৰাছিয়াই খবৰটো নিশ্চিত কৰে। জনা যায় যে উচ্চ ৰক্তচাপৰ বাবে তেওঁৰ হৃদযন্ত্ৰৰ সমস্যাৰ সৃষ্টি হৈছিল। যাৰ বাবে তেওঁক আমেৰিকাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। প্ৰবীণ শিল্পীগৰাকীক আই চি ইউত ৰখা হৈছিল।