লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত সংবিধান সংশোধনী বিধেয়কখন মঙলবাৰে লোকসভাত উত্থাপন কৰা হয়। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে এক এক দেশ-এক নিৰ্বাচন বিধেয়ক নামেৰে পৰিচিত সংবিধান (১২৯ সংশোধনী) বিধেয়ক, ২০২৪ উত্থাপন কৰে।
ইফালে বিৰোধীয়ে তীব্ৰ বিৰোধিতা কৰিছে এক দেশ এক নিৰ্বাচন বিধেয়কখনৰ। বিৰোধীয়ে বিধেয়কখন যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন হৈছে। অৱশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিধেয়খন কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পাছতে যুটীয়া সংসদীয় সমিটিলৈ প্ৰেৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।
এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধীয়ে। বিৰোধীয়ে বিধেয়কখনক অসাংবিধানিক বুলি অভিহিত কৰি প্ৰত্যাহাৰৰ দাবী জনায়। বিৰোধীৰ বিৰোধিতাৰ মাজতো এক দেশ এক নিৰ্বাচন বিধেয়ক লোকসভাত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে ভোটদান গ্ৰহণ অনুষ্ঠিত কৰা হয়। য’ত বিধেয়কখনৰ সপক্ষে ২৬৯টা ভোট পৰাৰ বিপৰীতে ১৯৮জন সাংসদে বিধেয়কখনৰ বিৰোধিতা কৰে। এই ভোটদানৰ অন্তত সদনৰ কাম-কাজ বিয়লি ৩ বজালৈ স্থগিত ৰখা হয়। অৱশ্যে এই বিধেয়কখন দেশৰ সংবিধান বিৰোধী। লোকসভাত আইনখন গ্ৰহণ কৰিলেও বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে।
ইফালে সংবিধানৰ মৌলিক গাঁথনিৰ বিৰোধী বুলি দাবী কৰি এই বিধেয়কখনৰ বিৰোধিতা কৰি এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱাইছিয়ে। তেওঁ কয় যে এই বিধেয়কখনে আঞ্চলিক দলসমূহ নিৰ্মূল কৰি কেৱল ৰাষ্ট্ৰীয় দলসমূহকহে লাভৱান কৰিব।
কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে বিধেয়কখনৰ বিৰোধিতা কৰি কয় যে এই বিধেয়কখনে জনসাধাৰণৰ ভোটাধিকাৰৰ ওপৰত আক্ৰমণ কৰিব। এই বিধেয়কখনত নিৰ্বাচন আয়োগক বহু ক্ষমতা প্ৰদান কৰা হৈছে। সংবিধানত নিৰ্বাচন আয়োগক কেৱল নিৰ্বাচন অনুষ্ঠিত কৰিবলৈহে এই ব্যৱস্থা প্ৰদান কৰিছে যদিও এই বিধেয়কত ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা পৰামৰ্শ লোৱাৰ ব্যৱস্থা আছে, যিটো সংবিধানৰ বিৰোধী।
তৃণমূল কংগ্ৰেছেও তীব্ৰ বিৰোধিতা কৰিছে বিধেয়কখন। টিএমচিৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে কয় যে বিধেয়খনত নিৰ্বাচন আয়োগক বহু ক্ষমতা দিয়া হৈছে। বিধেয়কখনৰ বিৰোধিতা কৰি তেওঁ কয় যে সাংবিধানিক সংশোধনীৰ অধীনত নিৰ্বাচন আয়োগক বহু ক্ষমতা প্ৰদান কৰা হৈছে।