অন্ধ্ৰ প্ৰদেশৰ গোদাৱৰী জিলাৰ য়েন্দাগাণ্ডী গাঁৱত সংঘটিত হৈছে এক ভয়ানক ঘটনা। সেই গাঁৱৰ বাসিন্দা নগা তুলসী নামৰ এগৰাকী মহিলাই ঘৰ সাজিবলৈ ক্ষত্ৰীয় সেৱা সমিতি নামৰ এটা সংগঠনৰ পৰা আৰ্থিক সাহায্য বিচাৰিছিল।
প্ৰথম পৰ্যায়ত সংগঠনটোৱে প্ৰেৰণ কৰিছিল মজিয়াৰ টাইলছ। মহিলাগৰাকীয়ে পুনৰ গৃহ নিৰ্মাণৰ পৰৱৰ্তী পৰ্যায়ত সহায়ৰ বাবে আবেদন জনায়। সেই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই সংস্থাটোৱে ইলেক্ট্ৰনিক সামগ্ৰী প্ৰেৰণৰ প্ৰতিশ্ৰুতি দিয়ে।
সেই অনুসিৰ বৃহস্পতিবাৰে নিশা মহিলাগৰাকীৰ ঘৰত উপস্থিত হয় এটা ডাঙৰ পাৰ্চেল। বাকচটো খুলিয়েই চিঞৰি উঠে মহিলাগৰাকীয়ে।
বাকচটোৰ ভিতৰত নাছিল কোনো ইলেক্ট্ৰিক সামগ্ৰী। আছিল এজন যুৱকৰ মৃতদেহ। বাকচটোৰ ভিতৰত উদ্ধাৰ হোৱা এখন চিঠিত লিখা আছিল যে দাবী কৰা ধনৰাশি নিদিলে পৰিয়ালটো ক্ষতিগ্ৰস্ত হ’ব।
মৃতদেহটো প্ৰত্যক্ষ কৰাৰ লগে লগেই তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। তদন্তকাৰীয়ে অনুমান কৰিছে যে ৪-৫ দিন পূৰ্বে যুৱকজনৰ মৃত্যু হৈছিল। মৃতকৰ বয়স প্ৰায় ৪৫ বছৰ। মৃতদেহটো ক’ৰ পৰা আহিল, যুৱকজনক হত্যা কৰা হ’ল নেকি, মৃতদেহটো যুৱকজনৰ পৰিয়াললৈ পঠিয়াই দিওঁতে ভুলতে মহিলাগৰাকীৰ ঘৰত উপস্থিত নেকি তাকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে।
তদন্তকাৰীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। পাৰ্চেলটো কোনে লৈ আহিছিল সেই সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে।