• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিশোধ! পাকিস্তানত আফগানিস্তানৰ প্ৰত্যাক্ৰমণ, নিহত ১৯ জন পাকিস্তানী সেনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2024 4:02 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফগানিস্তানৰ শাসকীয় তালিবান নেতৃত্বাধীন বাহিনীয়ে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ কেইবাটাও অঞ্চলক লক্ষ্য কৰি আক্ৰমণ চলাইছে। আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে পাকিস্তানে আফগান ভূখণ্ডত বিমান আক্ৰমণৰ কেইদিনমান পিছত শনিবাৰে এই প্ৰত্যা ক্ৰমণ সংঘটিত কৰিছে। কিন্তু দুয়োপক্ষৰ হতাহতি বা ক্ষতিৰ সবিশেষ তথ্য ততাতৈয়াকৈ এই আক্ৰমণত পোৱা নগ’ল।

অৱশ্যে চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি সীমান্তত আফগান সামৰিক বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত কমেও ১৯জন পাকিস্তানী সৈনিক আৰু তিনিজন আফগান সাধাৰণ নাগৰিক নিহত হৈছে। সংবাদ সংস্থা এ এফ পিয়ে জনায় যে শনিবাৰে চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তান আৰু পাকিস্তানৰ মাজত সীমান্তৰ সংঘৰ্ষত এজন পাকিস্তানী জোৱান নিহত হয়।

Apply Now

দুয়োখন দেশৰ বিষয়াসকলে কয় যে পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশ আৰু আফগানিস্তানৰ খোষ্ট প্ৰদেশৰ মাজৰ সীমান্তৱৰ্তী অঞ্চলত দুয়োখন দেশৰ সীমান্তৰক্ষীৰ মাজত বিক্ষিপ্ত সংঘৰ্ষ সংঘটিত হৈছে। ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ সীমান্তৰক্ষী বাহিনীয়ে গধুৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল।

ইয়াৰ পূৰ্বে ২৫ ডিচেম্বৰত আফগানিস্তানৰ পাক্তিকা প্ৰদেশৰ কেইবাটাও অঞ্চলত পাকিস্তান সেনাই বিমান আক্ৰমণ চলাইছিল। আফগানিস্তানত এই আক্ৰমণত কমেও ৪৬ জন লোক নিহত হয়। ইয়াৰে অধিকাংশই আছিল মহিলা আৰু শিশু।

পাকিস্তানৰ বিমান আক্ৰমণত অসামৰিক লোকৰ মৃত্যুৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছিল আফগান তালিবানে। সেই অনুসৰি আফগানিস্তানে স্থানীয় সময় অনুসৰি শনিবাৰে পুৱা আফগানিস্তানৰ সীমান্তৰ সমীপৰ পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কেইবাটাও অঞ্চলত আক্ৰমণ চলায়।

পাকিস্তানৰ সীমান্তৱৰ্তী জিলা কুৰৰামত শনিবাৰে কমেও দুটা স্থানত সংঘৰ্ষৰ সৃষ্টি হয় বুলি এক জ্যেষ্ঠ সীমান্ত নিৰাপত্তাৰ সূত্ৰই জনায়। তেওঁ কয় যে এই এনকাউণ্টাৰত পাকিস্তান ফ্ৰন্টিয়াৰ কৰ্পছৰ এজন জোৱানৰ মৃত্যু হোৱাৰ লগতে আন সাতজন জোৱান আহত হোৱাৰ খবৰ পোৱা গৈছে।

ইপিনে, ছ’চিয়েল মিডিয়া এক্সত প্ৰেৰণ কৰা বাৰ্তাত আফগানিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে পাকিস্তানৰ সীমান্তৰ সিপাৰে “কেইবাটাও পইন্ট”, য’ৰ পৰা আফগানিস্তানত আক্ৰমণ চলোৱা হৈছিল, সেইবোৰ প্ৰতিশোধৰ লক্ষ্য কৰি লোৱা হৈছে।

আফগানিস্তানৰ খোষ্ট প্ৰদেশৰ এজন বিষয়াই সংবাদ সংস্থাক জনাইছে যে, “এই সংঘৰ্ষৰ ফলত সীমান্ত অঞ্চলৰ বাসিন্দাসকলে শনিবাৰে পুৱাই ঘৰৰ পৰা পলাবলৈ বাধ্য হয়। অৱশ্যে আফগান বাহিনীৰ মাজত হতাহতিৰ কোনো খবৰ পোৱা নাই।”

২০২১ চনত আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পিছৰে পৰা দুয়োখন চুবুৰীয়া দেশৰ মাজত উত্তেজনাপূৰ্ণ সম্পৰ্ক বিৰাজ কৰিছে। ইছলামবাদৰ অভিযোগ যে উগ্ৰপন্থীয়ে আফগানিস্তানৰ ভূখণ্ড ব্যৱহাৰ কৰি পাকিস্তানক আক্ৰমণ কৰিছে। অৱশ্যে আফগানিস্তানৰ শাসক গোট তালিবানে এই অভিযোগ অস্বীকাৰ কৰিছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত পাকিস্তান-আফগানিস্তানৰ সম্পৰ্কই জটিল ৰূপ ধাৰণ কৰিছিল। সেই সময়ত পাকিস্তানী সেনাই আফগানিস্তানৰ ভূখণ্ডত দুবাৰকৈ বিমান আক্ৰমণ চলাইছিল। আফগানিস্তানত ৫ গৰাকী মহিলা আৰু শিশু নিহত হৈছিল।

আফগানিস্তানত তালিবান পুনৰ ক্ষমতালৈ অহাৰ পাছত পাকিস্তানৰ পশ্চিম সীমান্ত অঞ্চলত উগ্ৰপন্থী হিংসা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। উগ্ৰপন্থীৰ পুনৰ উত্থান ৰোধৰ বাবে সংগ্ৰাম কৰি আছে ইছলামবাদে। কেৱল এইবাৰেই বিভিন্ন সংঘৰ্ষত ৩৮৩জন পাকিস্তানী জোৱান নিহত হৈছে বুলি দেশখনৰ সেনাবাহিনীয়ে প্ৰকাশ কৰিছে। একে সময়তে পাকিস্তানী সেনাই কমেও ৯২৫ জন উগ্ৰপন্থীক হত্যা কৰা বুলি প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd